গুৱাহাটী : বহু প্ৰত্যাশিত এডভাণ্টেজ আছাম ২.০-ৰ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভণি কৰাৰ পাছতে দেশ-বিদেশৰ কেইবাটাও উদ্যোগ প্ৰতিষ্ঠান আৰু উদ্যোগীয়ে অসম চৰকাৰৰ সৈতে বিনিয়োগৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে । আনহাতে, চৰকাৰী খণ্ডৰ পৰাও অসম চৰকাৰে বহুকেইটা বিনিয়োগ লাভ কৰাৰ বাবে চুক্তি স্বাক্ষৰিত হৈছে ।
আদানী-আম্বানীৰ ৫০ হাজাৰ কোটিকৈ বিনিয়োগৰ চুক্তি
ইফালে দেশৰ দুগৰাকী প্ৰখ্যাত উদ্যোগপতি গৌতম আদানী আৰু মুকেশ আম্বানীয়ে ৫০ হাজাৰ কোটি টকাকৈ আগন্তুক পাঁচ বছৰত অসমত বিনিয়োগ কৰাৰ কথা উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণত ঘোষণা কৰিছে ।
টাটা গ্ৰুপৰ ৩০ হাজাৰ কোটি বিনিয়োগৰ চুক্তি
সেইদৰে টাটা গ্ৰুপেও অসমত আগন্তুক সময়ত ৩০ হাজাৰ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰিছে । ইতিমধ্যে টাটা গ্ৰুপে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰি ৰাজ্যখনৰ ঔদ্যোগিক খণ্ডত বিশেষ ভূমিকা পালন কৰিছে ।
এইবাৰ টাটা গ্ৰুপে এডভাণ্টেজ আছামত ইলেক্ট্ৰ'নিক্স আৰু ম'বাইলৰ এটা বৃহৎ মেনুফেকচাৰিং প্ৰকল্প অসমত স্থাপন কৰাৰ কথা ঘোষণা কৰিছে । এই প্ৰকল্পত ৩০ হাজাৰৰো অধিক লোকে সংস্থাপন লাভ কৰিব ।
সেইদৰে ভূটানৰ পৰা টাটা পাৱাৰে অসমক দিব ৫০০ মেগাৱাট বিদ্যুৎ । লগতে টাটা পাৱাৰে অসমত দিব ৩ লাখ ‘প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ’। আগন্তুক ৬-৭ বছৰত প্ৰতিবছৰে অসমত ১ গিগাৱাট নবীকৰণ শক্তি উৎপাদনৰ লক্ষ্য লৈছে টাটা গ্ৰুপে ।
টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে সন্মিলনত উল্লেখ কৰা মতে, জাগীৰোডত নিৰ্মাণ কৰি থকা টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ প্ৰায় সমপৰ্যায়ৰ ধন আগন্তুক ৫ বছৰত অসমত পুনৰ বিনিয়োগ কৰিব । ইতিমধ্যে টাটা পাৱাৰৰ সৈতে অসম চৰকাৰৰ ৩০ হাজাৰ কোটিৰ এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হৈছে ।
লগতে পঢ়ক :এডভাণ্টেজ আছাম ২.০ : বিনিয়োগৰ মহা সন্মিলনত অসমত কাৰ কি বিনিয়োগৰ ঘোষণা ? - ADVANTAGE ASSAM 2 |
প্ৰথম দিনটোতে তিনি উদ্যোগপতিৰ পৰা ১ লাখ ৮০ হাজাৰ কোটি টকাৰ বিনিয়োগ লাভ
বেদান্ত গ্ৰুপে ইতিমধ্যে ৫০ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে । এইদৰে আদানী গ্ৰুপ, ৰিলায়েন্স, বেদান্ত আৰু টাটা গ্ৰুপ মিলাই সন্মিলনৰ আৰম্ভণিতে মঙলবাৰে অসমে ১ লাখ ৮০ হাজাৰ কোটি টকাৰ বিনিয়োগ লাভ কৰে । এই ধন আগন্তুক ৫ বছৰত অসমত বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিলে উদ্যোগ তিনিটাৰ মুৰব্বী তিনিগৰাকীয়ে । ইয়াৰ উপৰি বিনিয়োগৰ বহু চুক্তি স্বাক্ষৰিত হৈছে ।

জিলা পৰ্যায়ত চুক্তি
ইফালে জিলা পৰ্যায়তো সৰু আৰু মজলীয়া উদ্যোগৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত সমান্তৰালকৈ বুজাবুজিৰ বহু সংখ্যক চুক্তি স্বাক্ষৰিত হৈছে । অৱশ্যে চৰকাৰীভাৱে এতিয়ালৈকে বুজাবুজিৰ চুক্তি সম্পৰ্কীয় সবিশেষ তথ্য দিয়া হোৱা নাই ।
কি কি খণ্ডত বিনিয়োগ
উল্লেখ্য যে খানাপাৰাৰ এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ বিনিয়োগ কক্ষত মঙলবাৰে ৰাজ্যৰ লগতে দেশৰ বহুকেইটা উদ্যোগ-প্ৰতিষ্ঠানে বুজাবুজিৰ চুক্তি কৰে । এইসমূহ উদ্যোগ-প্ৰতিষ্ঠানৰ ভিতৰত বেদান্ত গ্ৰুপে সৰ্বাধিক ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে । বিনিয়োগকাৰীসকলে অসমত মূলতঃ নৱীকৰণযোগ্য শক্তি, স্বাস্থ্য সেৱা, গেছ বিতৰণ আৰু উৎপাদন, সেউজ গেছ, পৰ্যটন, শিক্ষা আদি ক্ষেত্ৰসমূহত বিনিয়োগৰ বাবে আগ্ৰহী হোৱা পৰিলক্ষিত হৈছে ।
এনে বিনিয়োগৰ ফলত অসমৰ ঔদ্যোগিক ক্ষমতা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ নিয়োগৰ সুযোগ, বহনক্ষম উন্নয়নৰ প্ৰসাৰ, অৰ্থনৈতিক উন্নয়ন আদিৰ সম্ভাৱনাৰ বাট মুকলি কৰিব বুলি আশা কৰা হৈছে ।
বেদান্ত গ্ৰুপে ৫০ হাজাৰ কোটি টকা তেল আৰু গেছ খণ্ডৰ লগতে নিয়োগ সৃষ্টি, সামাজিক-অৰ্থনৈতিক পৰিবৰ্তন আৰু জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ বাবে বিনিয়োগ কৰিব ।

অইল ইণ্ডিয়াৰো বিনিয়োগ চুক্তি স্বাক্ষৰ
আনহাতে, এছাৰ গ্ৰুপে বহনক্ষম উন্নয়নক আগুৱাই নিয়াৰ লক্ষ্যৰে নৱীকৰণযোগ্য শক্তি প্ৰকল্প স্থাপনৰ বাবে ২১ হাজাৰ কোটি টকা বিনিয়োগৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে ।
সেইদৰে অইল ইণ্ডিয়া লিমিটেডে ৰাজ্যৰ শক্তি আন্তঃগাঁথনি আৰু অধিক শক্তিশালী কৰিবলৈ ২৩,৩০০ কোটি টকাৰ বিনিয়োগৰ বুজাবুজি চু্ক্তি কৰিছে । গেছ যোগান শৃংখল শক্তিশালী কৰাৰ বাবে ইন্দ্ৰধনুষ পাৱাৰ গ্ৰীডৰ সৈতে ১২০০ কোটি টকাৰ বুজাবুজিৰ চুক্তি কৰা হৈছে ।
ইফালে আদানি টোটেল গেছ লিমিটেডে চহৰাঞ্চলত গেছ বিতৰণ, বৈদ্যুতিক বাহনৰ ছাৰ্জিং, ট্ৰাক আৰু খনিৰ বাবে এল এন জি আন্তঃগাঁথনি উন্নয়ন আদিৰ বাবে ৫০০০ কোটিৰ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে ।
নুমলীগড় ৰিফাইনেৰীৰ কেইবাটাও খণ্ডত বিনিয়োগ
আনহাতে, নুমলীগড় ৰিফাইনেৰী লিমিটেডে ছালফাৰ গ্ৰেনুলেচন প্লাণ্ট, যোগীঘোপাৰ মাল্টি ম’ডেল টাৰ্মিনেল, পঞ্চগ্ৰামত ৰে’ল-ফেড টাৰ্মিনেল, গুৱাহাটীত প্ৰডাক্ট টাৰ্মিনেল আৰু এল পি জি বটলিং ফেচেলিটি, এ টি এফ উৎপাদনৰ বাবে মেৰক্স ইউনিট (৪০০ কে টি পি এ), মিথানলৰ পৰা ডাইমিথাইল এমাইন, ভাপ মিথেন (এছ এম আৰ) গেছৰ পৰা চি অ’, গ্ৰীণ হাইড্ৰ'জেন ইউনিট (১০ কে টি পি এ), চি অ’২ লিকুইফিকেচন প্ৰকল্প, বহনক্ষম বিমান পৰিবহণ টাৰ্বাইন ইন্ধন (৩০ কেটিপিএ), পলিপ্ৰ’পিলিন ইউনিটৰ বাবে বিনিয়োগৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে ।

আৰু কি কি চুক্তি স্বাক্ষৰিত হ'ল প্ৰথম দিনটোত
গ্ৰীণকো এনাৰ্জিছ প্ৰাইভেট লিমিটেডে ৫৮৫০ কোটি টকাৰ বিনিয়োগৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে । ৱেলস্পান ৱৰ্ল্ডে চিণ্টেক্স বি এ পি এল লিমিটেডৰ অধীনত উচ্চমানৰ পাইপ আৰু পানী সংৰক্ষণ টেংক উৎপাদনৰ বাবে ৩৫০ কোটি টকা বিনিয়োগ কৰিব ।
ইন্দ্ৰধনুষ পাৱাৰ গ্ৰীড লিমিটেডে দুলীয়াজানক উত্তৰ-পূব গেছ গ্ৰীডৰ সৈতে সংযোগ কৰিবলৈ বিনিয়োগ কৰিব ১২০০ কোটি টকা । সেইদৰে লীলাৱতী ফাউণ্ডেচন এল এল পিয়ে চিকিৎসা ক্ষেত্ৰত বিনিয়োগ কৰিব ১৫০ কোটি টকা । বায়’ ফ্ৰেইণ্ডছে ২৬০ কোটি টকাৰ বুজাবুজিৰ চুক্তি কৰিছে । এই প্ৰতিষ্ঠানটোৱে ডিব্ৰুগড়ৰ নামৰূপত ৮০,০০০ টি পি ৱাই ক্ষমতাৰ নতুন ডাইমিথাইল ইথাৰ প্লাণ্ট স্থাপন কৰিব ।
ছিপাঝাৰত ৮০০ কোটি টকা ব্যয়ৰে এখন ব্যক্তিগত বিশ্ববিদ্যালয়
পি এন বি ইনভেষ্টমেণ্ট ছাৰ্ভিচেছ লিমিটেডে মুঠ ৩০০০ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে । গাভেষ্ণা বিশ্ববিদ্যালয়ে (Gaveshna University) স্বাক্ষৰ কৰা বুজাবুজিৰ চুক্তি অনুসৰি অসমৰ ছিপাঝাৰত ৮০০ কোটি টকা ব্যয়েৰে এখন ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব ।
জে এছ ডব্লিউ গোটে ৰাজ্যত নৱীকৰণযোগ্য শক্তি আৰু তাপ শক্তি প্ৰকল্প স্থাপনৰ বাবে ৭০০০ কোটিৰ চুক্তিত স্বাক্ষৰ কৰিছে । সেইদৰে টি চি চি কনচেপ্টছ লিমিটেডে অত্যাধুনিক ডাটা চেণ্টাৰ আন্তঃগাঁথনি স্থাপন কৰাৰ বাবে ১৫০০ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে ।
ইফালে ছিংগাপুৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্রণালয়ৰ সৈতে অসম চৰকাৰৰ বুজাবুজি চুক্তি হৈছে । জাপানৰো এছিয়ান ওৱান কোম্পানী লিমিটেডৰ সৈতেও অসম চৰকাৰৰ বুজাবুজিৰ চুক্তি হৈছে । জাপানৰ ভাষা অসমত শিকোৱাৰ বাবে হৈছে চুক্তি । ইয়াৰ ফলত অসমৰ যুৱক-যুৱতীয়ে জাপানত লাভ কৰিব সংস্থাপন । গোৱেংকা এনাৰ্জিচ প্ৰাইভেট লিমিটেডে ৫,৮৫০ কৌটি টকা বিনিয়োগ কৰাৰ বাবে চুক্তি কৰিছে ।
লক্ষণীয় বিষয় যে মঙলবাৰৰ দিনটোত বিনিয়োগৰ বাবে কৰা বুজাবুজিৰ চুক্তিৰ তালিকাখন যথেষ্ট দীঘলীয়া । সন্ধিয়ালৈকে অব্যাহত আছে বুজাবুজিৰ চুক্তি । বুধবাৰেও স্বাক্ষৰিত হ'ব বুজাবুজিৰ চুক্তি । এক কথাত খানাপাৰা বিনিয়োগকাৰীৰ সমাগমেৰে উখল-মাখল হৈ পৰিছে । অৱশ্যে এই চুক্তিসমূহৰ যোগেদি প্ৰকৃততে অসমত কিমান বিনিয়োগ হ'ব সেয়া সময়েহে ক'ব ।