যোৰহাট : মডেলিঙৰ ক্ষেত্ৰখনত বহু আগবাঢ়ি গৈছে অসমকন্যাসকল ৷ ৰাজ্যত অনুষ্ঠিত বিভিন্ন ধৰণৰ সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাম জিলিকাই তুলিছে অসমৰ ৷ লগতে নাম উজলাইছে উত্তৰ-পূৰ্বাঞ্চলৰো ৷ এই সৌন্দৰ্য প্ৰতিযোগিতাসমূহৰ বাবেই বহিঃৰাজ্যত আজি বহুতে চিনি পাই অসমৰ পৰম্পৰাগত সাজ মেখেলা-চাদৰক ৷
শেহতীয়াকৈ সৌন্দৰ্য ক্ষেত্ৰখনত চৰ্চালৈ অহা এটা নাম হৈছে বাগ্মিতা শইকীয়া ৷ যোৰহাট জিলাৰ তিতাবৰৰ জীয়ৰী বাগ্মিতা শইকীয়া ৷ বাগ্মিতা সাজু হৈছে মায়ানগৰী মুম্বাইত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতালৈ ৷ ইতিমধ্যে মিছ হৰ্ণবিল ইণ্টাৰনেশ্যনেলত অসমক প্ৰতিনিধিত্ব কৰি মিছ নেশ্যনেল কষ্টিউম খিতাপ লাভ কৰিছিল বাগ্মিতাই ৷
টাইমছ গ্ৰুপৰ উদ্যোগত ২৭ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈ মায়ানগৰী মুম্বাইত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সৌন্দৰ্য প্ৰতিযোগিতা ৷ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে বাগ্মিতা শইকীয়া ৷

২০২৪ বৰ্ষত তিতাবৰৰ বাগ্মিতা শইকীয়াই মিছ ডিভা শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতাত শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰিছিল । তাৎপৰ্যপূৰ্ণ যে মিছ ডিভা ২০২৪ শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতাখনিৰ পৰাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে বাগ্মিতা শইকীয়া ৷ বাগ্মিতা শইকীয়াৰ এই কৃতিত্বত তিতাবৰৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে শুভাকাংক্ষীয়ে জনাইছে শুভেচ্ছা ৷

আনহাতে বাগ্মিতা শইকীয়াই এটা ভিডিঅ’ৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পূৰ্বে অসমৰ ৰাইজৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছে ৷ তিতাবৰৰ অৰুণ শইকীয়া আৰু অজন্তা শইকীয়াৰ কনিষ্ঠা কন্যা বাগ্মিতা শইকীয়াই পূৰ্বেও বহু ৰাষ্ট্ৰীয়, আন্তঃৰাষ্টীয় সৌন্দৰ্য প্ৰতিযোগিতাত শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰি অসম তথা তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ পূৰ্বে মিছ গ্ৰেণ্ড নৰ্থ-ইষ্টৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱা বাগ্মিতাক লৈ আশাবাদী এতিয়া ৰাজ্যবাসী ৷
লগতে পঢ়ক : ঝুমুৰৰ বিনন্দীয়া সুৰধ্বনিৰে মুখৰিত হ'ল সৰুসজাইৰ আকাশ-বতাহ