ন্যায় পালে দৰদীৰ মাতৃয়ে: পত্নী হত্যাত জড়িত অশোক কুমাৰ দাসক যাৱজ্জীৱন কাৰাদণ্ড - WIFE KILLED CASE
🎬 Watch Now: Feature Video


Published : Feb 25, 2025, 7:14 PM IST
বৰপেটা : বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে আজি (মঙলবাৰ) হত্যাৰ অপৰাধত অশোক কুমাৰ দাস নামৰ এজন লোকক দহ হাজাৰ টকা জৰিমনাসহ যাৱজ্জীৱন কাৰাদণ্ড বিহে । এই সংক্ৰান্তীয় গোচৰটোৰ চৰকাৰী অধিবক্তা খিতাপ ভূষণ দাসে কয়, ‘‘অপৰাধীক কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকা জৰিমনাও বিহা হৈছে । জৰিমনা আদায় নিদিলে অপৰাধীয়ে অতিৰিক্ত ছমাহ সশ্ৰম কাৰাদণ্ড ভোগ কৰিব লাগিব ।’’
উল্লেখযোগ্য যে বৰপেটা চহৰৰ পালাংদিহাটীৰ বাসিন্দা অশোক কুমাৰ দাসে ২০১৭ চনৰ আঠ আগষ্টত পত্নীক ছুৰীৰে হানি হত্যা কৰিছিল । এই ঘটনাৰ সাক্ষী আছিল তেওঁলোকৰ জীয়াৰী দৰদী দাস । ইতিমধ্যে এই হত্যাৰ গোচৰটোৰ কেবালানিও শুনানি অনুষ্ঠিত হয় । অৱশেষত সুদীৰ্ঘ ন বছৰৰ অন্তত আজি জিলা আৰু সত্ৰ ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ আদালতে সকলো তথ্য-প্ৰমাণৰ ভিত্তিত অশোক কুমাৰ দাসক দোষী সাব্যস্ত কৰি শাস্তিৰ ৰায় প্ৰদান কৰে ।