ETV Bharat / state

কিয় এডভাণ্টেজ অসম নিবিচাৰে এখন গাঁৱৰ ৰাইজে ? - ADVANTAGE ASSAM 2

উমৰাংছ' নৱদী লংকুক্ৰ গাঁৱত মহাবিল চিমেণ্ট উদ্যোগ স্থাপন কৰাক লৈ বিতৰ্ক । স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্যৰ বিৰুদ্ধে অভিযোগ ।

People of a village in Dima Hasao do not want Advantage Assam 2.0
মহাবিল চিমেণ্ট উদ্যোগ স্থাপন কৰাক লৈ বিতৰ্ক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 25, 2025, 6:58 PM IST

হাফলং: ডিমা হাছাও জিলাৰ উদ্যোগ নগৰী হিচাবে পৰিচিত উমৰাংছ' নৱদী লংকুক্ৰ গাঁৱত মহাবিল চিমেণ্ট উদ্যোগ স্থাপন কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্ক । গাঁৱৰ ৰাইজৰ মতামত অবিহনে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদ কৰ্তৃপক্ষই মহাবিল চিমেণ্ট কোম্পানীক ভূমি আবন্টন দিয়াৰ অভিযোগ উঠিছে ৷ তাকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

গাঁৱৰ বাসিন্দাসকলে নৱদী লংকুক্ৰ গাঁৱত চিমেণ্ট উদ্যোগ স্থাপন কৰিবলৈ নিদিয়ে বুলি প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য মনজিৎ নাইডিং গাঁওখনত উপস্থিত হৈ গাঁৱৰ বাসিন্দাসকলক লক্ষ্য কৰি গুলী চলাই বুলি গাঁৱৰ বাসিন্দাসকলে অভিযোগ উত্থাপন কৰে ।

মহাবিল চিমেণ্ট উদ্যোগ স্থাপন কৰাক লৈ বিতৰ্ক (ETV Bharat Assam)

এই ঘটনা সন্দৰ্ভত গাঁৱৰ ৰাইজে মনজিৎ নাইডিঙক অভিযুক্ত কৰি হাফলং থানাত এখন এজাহাৰ দাখিল কৰাৰ পিছতো এতিয়ালৈকে মনজিৎ নাইডিঙৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি গাঁৱৰ ৰাইজে অভিযোগ কৰে । লগতে মহাবিল চিমেণ্ট কৰ্তৃপক্ষই গুৱাহাটী উচ্চ ন্যায়ালয়ত গাঁৱৰ ৰাইজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰু গুণ্ডা বাহিনীৰ বাবে তেওঁলোকে কাম কৰিব নোৱাৰে, ইয়াৰ বাবে কোম্পানী কৰ্তৃপক্ষক নিৰাপত্তা দিয়াৰ আবেদন জনাই বুলি গাঁৱৰ বাসিন্দাসকলে প্ৰকাশ কৰে ।

লগতে গাঁৱৰে এগৰাকী লোকে কয়, "আমি নিজৰ ভূমি বচাব পৰা নাই । যাৰ বাবে এতিয়া ভয় লাগিছে । এতিয়া এডভাণ্টেজ অসম 2.0 চলি আছে । এই অৱস্থাত বাহিৰৰ পৰা কোম্পানী আহি উদ্যোগ স্থাপন কৰিলে আমি আমাৰ ভূমিত ৰিফিউজি হৈ পাৰিম । যাৰ বাবে এডভাণ্টেজ অসম আমাক নালাগে ।" লগতে গাঁৱৰ মানুহক লক্ষ্য কৰি গুলী চলোৱা মনজিৎ নাইডিঙক গ্ৰেপ্তাৰ কৰাৰ উপৰিও চৰকাৰৰ ওচৰত তেওঁৰ নিৰাপত্তাৰক্ষীকো চাকৰিৰ পৰা নিলম্বিত কৰাৰ দাবী জনাই গাঁৱৰ বাসিন্দাসকলে ।

লগতে পঢ়ক: "এডভাণ্টেজ আছাম" অসমৰ সম্ভাৱনা আৰু বিকাশৰ এক মহা অভিযান: প্ৰধানমন্ত্ৰী - ADVANTAGE ASSAM 2

ঝুমুৰৰ বিনন্দীয়া সুৰধ্বনিৰে মুখৰিত হ'ল সৰুসজাইৰ আকাশ-বতাহ - JHUMOIR BINONDINI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.