ETV Bharat / health

ঋতুস্ৰাৱৰ সময়ত পেডৰ সলনি ব্যৱহাৰ কৰক এইসমূহ সামগ্ৰী, কাপোৰত দাগ নলগাৰ লগতে ৰাহি হ’ব ধন - ALTERNATIVE MENSTRUAL PRODUCTS

ঋতুস্ৰাৱৰ প্ৰথম তিনিদিন প্ৰত্যেকগৰাকী মহিলাৰ ডাঙৰ চিন্তাটো হৈছে যাতে কাপোৰত লিকেজ নহয় ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে ইয়াৰ সমাধান উল্লেখ কৰা হ’ল, পঢ়ক সবিশেষ-

Alternative Menstrual Products: Effective Solutions for Stain-Free Periods
ঋতুস্ৰাৱৰ সময়ত পেডৰ সলনি ব্যৱহাৰ কৰক এইসমূহ সামগ্ৰী, কাপোৰত দাগ নলগাৰ লগতে ৰাহি হ’ব ধন (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Jan 24, 2025, 4:25 PM IST

ঋতুস্ৰাৱ এক স্বাভাৱিক প্ৰক্ৰিয়া, কিন্তু ঋতুস্ৰাৱৰ এই ৫ দিনৰ ভিতৰত মহিলাসকল অতি অস্বস্তিকৰ আৰু অশান্তিত ভুগিবলগীয়া হয় ৷ চিন্তিত হোৱাটো তেনেই স্বাভাৱিক, কাৰণ ঋতুস্ৰাৱৰ সময়ত কেৱল অতিপাত বিষ হোৱাই নহয় কেতিয়াবা কাপোৰতো দাগ পৰে ৷ এনে পৰিস্থিতিত সমস্যা আৰু বাঢ়ি যায় ৷ এটা সময় আছিল যেতিয়া বেছিভাগ ভাৰতীয় মহিলাই ঋতুস্ৰাৱৰ সময়ত কেৱল কাপোৰ ব্যৱহাৰ কৰিছিল যিটো স্বাস্থ্যৰ বাবে একেবাৰেই নিৰাপদ বুলি গণ্য কৰা হোৱা নাছিল ৷ আনহাতে, আজিৰ সময়ত মহিলাসকলে পিৰিয়ড পেড ব্যৱহাৰ কৰে ৷

বেছিভাগ ভাৰতীয় মহিলাই পিৰিয়ড পেড ব্যৱহাৰ কৰাৰ বিপৰীতে ঋতুস্ৰাৱৰ সৈতে জড়িত বহুতো বিকল্প বজাৰত উপলব্ধ ৷ পেড লিক হোৱাৰ আশংকা ৷ ঋতুস্ৰাৱৰ প্ৰাৰম্ভিক দিনত ৰক্তৰ প্ৰবাহ অধিক হোৱাৰ বাবে পেড সঘনাই সলনি কৰিবলগীয়া হয় ৷ যাৰ ফলত কাপোৰত দাগ লগাৰ আশংকা বাঢ়ি যায় ৷ সেয়ে এই সমস্যাৰ পৰা বাচি থাকিবলৈ আজি আমি আপোনালোকক পেডৰ আন কিছুমান বিকল্পৰ বিষয়ে ক’বলৈ ওলাইছো যাক পৰিধান কৰি আপুনি ঋতুস্ৰাৱৰ সময়ত নিশ্চিন্ত মনে থাকিব পাৰে ৷

মেঞ্চট্ৰুৱেল কাপ

ঋতুস্ৰাৱৰ সময়ত মেঞ্চট্ৰুৱেল কাপে পেডতকৈ বেছি ৰক্ত ধৰি ৰাখে ৷ মেঞ্চট্ৰুৱেল কাপ ব্যৱহাৰ কৰিলে লিকেজ হোৱাৰ কোনো সমস্যা নাথাকে ৷ নতুবা পেডৰ দৰে বাৰে বাৰে সলনি কৰাৰ প্ৰয়োজন নাই ৷ মেঞ্চট্ৰুৱেল কাপ বহুদিনলৈ ব্যৱহাৰ কৰিব পৰা যায় ৷ ছিলিকনেৰে নিৰ্মিত মেঞ্চট্ৰুৱেল কাপটো ধুই প্ৰায় ৬ৰ পৰা ৭ মাহ ব্যৱহাৰ কৰিব পাৰে ৷ এই কাপৰ বিশেষ কথাটো হ’ল ইয়াক নিষ্কাশন কৰাত কোনো সমস্যা নাই ৷

পিৰিয়ড পেণ্টী

পিৰিয়ড পেণ্টীবোৰো সাধাৰণ মহিলাৰ অন্তৰ্বাসৰ দৰেই, কেৱল এই পেণ্টীয়েহে তৰল পদাৰ্থটো সহজে শোষণ কৰে ৷ যাৰ বাবে দাগ বা লিক হোৱাৰ কোনো সমস্যা নহয় ৷ তেজৰ সোঁত আৰু আৰাম অনুসৰি পিৰিয়ড পেণ্টী বাছি ল’ব পাৰে ৷ বজাৰত বিভিন্ন আকাৰৰ পিৰিয়ড পেণ্টী পাব ৷ পেড আৰু ঋতুস্ৰাৱৰ কাপতকৈ পিৰিয়ড পেণ্টী অধিক দামী বুলি প্ৰমাণিত হ’ব পাৰে ৷

টেম্পন

ঋতুস্ৰাৱৰ সময়ত পেডৰ সলনি টেম্পন ব্যৱহাৰ কৰিব পাৰে ৷ টেম্পন কপাহৰ পৰা তৈয়াৰ কৰা হয়, সেয়েহে ইয়াক ব্যৱহাৰ কৰাটো স্বাস্থ্যৰ বাবে নিৰাপদ বুলি গণ্য কৰা হয় ৷ অভাৰফ্ল’ৰ সময়ত টেম্পন ব্যৱহাৰ কৰিব নালাগে, কিয়নো ই সকলো তেজ শোষণ কৰিব নোৱাৰে ৷

কেনেকৈ লিকেজৰ পৰা হাত সাৰিব পাৰি

পিৰিয়ড লিকেজৰ পৰা হাত সাৰিবলৈ মেঞ্চট্ৰুৱেল কাপ আৰু পিৰিয়ড পেণ্টী ব্যৱহাৰ কৰিব পাৰে ৷ যদি আপুনি পেড ব্যৱহাৰ কৰিছে, তেন্তে ৰক্ত প্ৰবাহ অধিক হোৱাৰ সময়ত প্ৰতি ৩ৰ পৰা ৪ ঘণ্টাৰ মূৰে মূৰে পেড সলনি কৰক ৷ কাৰণ ইয়াতকৈ অধিক সময় একেটা পেড ব্যৱহাৰ কৰিলে পিচলৈ বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

লগতে পঢ়ক

  1. চুলিৰ উফিৰ সমস্যা-অকালপক্কতা ৰোধৰ বাবে কৰক এই উপায়
  2. ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত সিজোৱা চাউলৰ পানী কিমান লাভদায়ক ? বিশেষজ্ঞৰ দ্বাৰা জানি লওক
  3. ঋতুস্ৰাৱৰ অসহ্যকৰ বিষৰ পৰা সকাহ দিয়াত লাভদায়ক এই বীজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.