গুৱাহাটী : ভূমি কেলেংকাৰীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তথা প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে এই সন্দৰ্ভত উত্থাপিত হৈছে আন এক অভিযোগ । চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাবী সমিতিয়ে গুৱাহাটীত বৃহস্পতিবাৰে আয়োজন কৰা এখন সংবাদমেলত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই এই গুৰুতৰ অভিযোগ উত্থাপন কৰে ।
উল্লেখ্য যে, কলিয়াবৰৰ পৰা নুমলীগড়লৈ চাৰিলেনযুক্ত ৭১৫ নং (পুৰণি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ) ৰাষ্ট্ৰীয় ঘাইপথটো সম্প্ৰসাৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল । কিন্তু আশ্চর্যজনকভাৱে কলিয়াবৰৰ পৰা নুমলীগড়ৰ মাজত ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ দিশটো সলনি কৰা হয় । এই সন্দৰ্ভত ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰ চলি আছে ।
ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ দিশ সলনি কৰাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত কলিয়াবৰৰ ৬৫ জনকৈ লোকে দাখিল কৰা ৩৮/২০২৪ নম্বৰৰ এই ৰাজহুৱা স্বাৰ্থ জড়িত লেখ আবেদন যোৱা ২০ জানুৱাৰীত শুনানি লৈ উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণসহ পাঁচটা চৰকাৰী পক্ষলৈ জাননী জাৰি কৰি দুসপ্তাহৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল ।
এই ৰাজহুৱা স্বাৰ্থ জড়িত লেখ আবেদন সন্দৰ্ভত বৃহস্পতিবাৰে অনুষ্ঠিত শুনানিকালত আবেদনকাৰী পক্ষৰ হৈ অধিবক্তাই ন্যায়ালয়ত যুক্তি দর্শায় যে কেন্দ্রীয় চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো কলিয়াবৰৰ পৰা জখলাবন্ধা, বোকাখাত, নুমলীগড় হৈ শিৱসাগৰৰ জাঁজীত সমাপ্ত কৰাৰ সিদ্ধান্ত লৈছিল । কিন্তু অতি আশ্চর্যজনকভাৱে কলিয়াবৰৰ পৰা নুমলীগড়লৈ ঘাইপথটোৰ সম্প্ৰসাৰণৰ দিশ সলনি কৰা হয় ।
ৰাজনৈতিক অভিসন্ধিৰে ৬৫ জনকৈ সচেতন নাগৰিকে স্থানীয় ৰাইজৰ স্বাৰ্থক জলাঞ্জলি দি সম্প্ৰসাৰণৰ দিশ সলনি কৰাকলৈয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় । লক্ষণীয়ভাৱে এই গোচৰটোত চৰকাৰী পক্ষসমূহৰ উপৰি মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডকে ধৰি কেইবাটাও ব্যক্তিগত প্রতিষ্ঠানক পক্ষ হিচাপে নাম সাঙোৰা হৈছে ।
আবেদনকাৰী পক্ষই ন্যায়ালয়ৰ মজিয়াত দাঙি ধৰা গুৰুত্বপূৰ্ণ তথ্য অনুসৰি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডৰ এক বৃহৎ পৰিমাণৰ কৃষিভূমিৰ মাজেৰে ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো নতুনকৈ সম্প্ৰসাৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ সৈতে বুজাবুজিৰে চৰকাৰী পক্ষসমূহে ঘাইপথ সম্প্ৰসাৰণৰ দিশ সলনি কৰা বুলিও গুৰুতৰ অভিযোগ ন্যায়ালয়ৰ মজিয়াত উত্থাপন কৰা হৈছে ।
এই সন্দৰ্ভত সাংবাদিকক সম্বোধন কৰি উপমন্যু হাজৰিকাই কয়, "এই আবেদনত উল্লেখ কৰা হৈছে যে প্ৰস্তাৱিত নতুন বিকল্প পথৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী হ'ব প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডৰ পৰিচালন সঞ্চালক ৰিণিকা ভূঞা শর্মা । তেওঁ ১০০ বিঘাতকৈও বেছি মাটি ক্ৰয় কৰিছে ।" উপমন্যু হাজৰিকাই কয়, "জানিব পৰা মতে, তাত মন্ত্ৰী পীযুষ হাজৰীকা আৰু কেশৱ মহন্তৰো মাটি আছে ।"
উপমন্যু হাজৰিকাই কয় যে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীলৈ দিয়া আবেদনত নতুন বিকল্প পথ নির্মাণ বাতিল কৰাৰ উপৰি সেই প্ৰস্তাৱিত পথৰ লগত ভূমি ক্ৰয় কৰা সকলৰ বিষয়ে চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাবী সমিতিৰ তৰফৰ পৰা তদন্তৰ দাবীও জনোৱা হৈছে ।
তেওঁ কয়, "ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নীতকৰণৰ নামত এটা সম্পূর্ণ নতুন বিকল্প যি পথ নিৰ্মাণ কৰি থকা হৈছে তাত কলিয়াবৰ তিনিআলিৰ পৰা কৃষক ৰাইজৰ খেতি পথাৰ, চাহ বাগিছাৰ মাজেৰে গৈ কুঁৱৰীটোল, হাটবৰ, জখলাবন্ধা এই বিস্তৃর্ণ অঞ্চল এলাগি কৰি পেলাব । বৰ্তমান সময়ৰ সেই এলেকাৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ৰাষ্ট্ৰীয় ঘাইপথেৰে আহ-যাহ কৰা যাত্রী/যান-বাহনৰ ওপৰত নিৰ্ভৰশীল । এই বিকল্প পথ নি প্ৰস্তাৱিত নতুন বিকল্প পথ নির্মাণে সেই ঠাই সমূহক গভীৰ আৰ্থিক দুৰ্যোগৰ ফালে ঠেলি দিব আৰু ৪০,০০০ (চল্লিশ হাজাৰ)তকৈ অধিক মানুহৰ যথেষ্ট ক্ষতিসাধন কৰিব ।"