ধিং,৩ ছেপ্টেম্বৰ:মৰিগাঁৱত অবাধে চলিছে এল পি জি চিলিণ্ডাৰৰ অবৈধ বেহা । জিলা প্ৰশাসনৰ অনুমতি অবিহনেই এই বেহা চলি আছে । এইবাৰ ইয়াৰ বিৰুদ্ধে সৰৱ হৈছে যোগান বিভাগ । মৰিগাঁও জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সহকাৰী সঞ্চালক মতিনুৰ ৰহমানৰ নেতৃত্বত মালপুতা ৰইণাপথাৰৰ কিতাপ হালদাৰৰ ঘৰত অভিযান চলাই জব্দ কৰে প্ৰায় ৫৯ টাকৈ ঘৰুৱা এল পি জি চিলিণ্ডাৰ ।
যাদৱ ইণ্ডেন গ্ৰামীণ বিতৰক নামৰ এজেঞ্চীটোৰ সৈতে চি এছ চিৰ নামত কিতাপ হালদাৰৰ পত্নীয়ে কৰিছিল চুক্তি । য'ত মৰিগাঁও জিলা প্ৰশাসনৰ পৰা কোনো ধৰণৰ অনুমতি লোৱা নাছিল । ইয়াৰ উপৰিও চিলিণ্ডাৰ থোৱা ঘৰটোলৈ যোৱা পথটো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী যাব পৰাকৈ আহল-বহল হোৱাৰ বিপৰীতে আছিল একেবাৰে সৰু পথ ।
আনহাতে এল পি জি চিলিণ্ডাৰসমূহ মজুত ৰখা ঘৰটোত জৰুৰীকালীন অৱস্থাত ব্যৱহাৰ কৰিবলৈ নাছিল কোনোধৰণৰ অগ্নি নিৰ্বাপনৰ সামগ্ৰী । দীৰ্ঘদিনে উত্থাপিত হৈ অহা এনে অভিযোগৰ ভিত্তিত এল পি জি চিলিণ্ডাৰৰ অবৈধ বেহাৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে মৰিগাঁও জিলা প্ৰশাসন ।