হায়দৰাবাদঃ ভাৰতীয় ক্ৰিকেট জগতৰ পৰা আহিছে আন এক খবৰ ৷ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগ আৰু তেওঁৰ পত্নী আৰতিয়ে ইজনে সিজনক ইনষ্টাগ্ৰামত আনফলো কৰা বুলি জানিব পৰা গৈছে।
হিন্দুস্তান টাইমছৰ মতে, তাৰকা দম্পতীহালে আনকি তেওঁলোকৰ ইনষ্টাগ্ৰাম প্ৰ'ফাইলত ইজনে সিজনক অনুসৰণ কৰা বন্ধ কৰিছে। লক্ষণীয়ভাৱে শেহতীয়াকৈ ভাৰতৰ প্ৰাক্তন অপেনাৰগৰাকীয়ে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা তেওঁৰ ফটোবোৰত পত্নী আৰতিক অনুপস্থিত দেখা গৈ আছে, যি তেওঁলোকৰ বিচ্ছেদৰ উৰাবাতৰিত অধিক ইন্ধন যোগাইছে। প্ৰতিবেদনখনত এইটোও দাবী কৰা হৈছে যে দম্পতীহালে "কেইবামাহ ধৰি পৃথকে বাস কৰি আছে, আৰু শীঘ্ৰেই বিবাহ বিচ্ছেদৰ সম্ভাৱনাও আছে।"
স্মৰ্তব্য যে যোৱা বছৰ, আন এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু তেওঁৰ পত্নী নাতাশা ষ্টানকোভিচে ইজনে সিজনক ইনষ্টাগ্ৰামত আনফলো কৰিছিল আৰু অৱশেষত পৃথক হোৱাৰ সিদ্ধান্ত লৈছিল। আমি অৱশ্যে আনুষ্ঠানিক নিশ্চিতি নোপোৱালৈকে ছেহৱাগ আৰু তেওঁৰ পত্নীৰ বিবাহ বিচ্ছেদৰ বিষয়ে কোনো মন্তব্য কৰিব নোৱাৰো।
ছেহৱাগ আৰু আৰতি 2004 চনত বিবাহপাশত আৱদ্ধ হৈছিল আৰু দুয়োৰে আৰ্যবীৰ আৰু বেদান্ত নামৰ দুটি পুত্ৰও আছে। দম্পতীহালে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই কিন্তু অনুৰাগীসকলৰ মাজত গুণাগঁথা চলি আছে যে ছেহৱাগৰ ব্যক্তিগত জীৱনত সকলো ঠিক হৈ থকা নাই।
যদিও ছেহৱাগে এই পৰ্যন্ত সামাজিক মাধ্যমত তেওঁৰ পত্নীৰ সৈতে থকা ফটোবোৰ আঁতৰোৱা নাই, লক্ষণীয়ভাৱে ইনষ্টাগ্ৰামত আৰতিৰ সৈতে তেওঁৰ অন্তিম ফটো আছিল এপ্ৰিল 2023 ত। তদুপৰি মন কৰিবলগীয়া যে ছেহৱাগে তেওঁৰ 20 তম বিবাহবাৰ্ষিকীত (22 এপ্ৰিল, 2024) কোনো ৰাজহুৱা পোষ্ট শ্বেয়াৰ কৰা নাছিল।
কিংবদন্তী সুনীল গাভাস্কাৰৰ পিছতে ভাৰতৰ হৈ টেষ্ট ক্ৰিকেটত অপেনাৰ হিচাপে দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা ছেহৱাগে 23 টা শতক আৰু 32 টা অৰ্ধশতকৰ সৈতে 49.34 গড়ে 104 খন মেচত (180 ইনিংছ) 8586 ৰাণ সংগ্ৰহ কৰিছে। ক্ৰিকেটৰ দীৰ্ঘতম সংস্কৰণত 82.23 ৰ দৰে এক দৰ্শনীয় ষ্ট্ৰাইক ৰেটেৰে কেৰিয়াৰ সামৰা ছেহৱাগে 2004 চনত মুলতানত পাকিস্তানৰ বিৰুদ্ধে ত্ৰিশতক অৰ্জন কৰাৰ দৌলতত প্ৰথম ভাৰতীয় বেটাৰ হিচাপে এই কীৰ্তিমান স্থাপন কৰি ৰেকৰ্ড বুকত নিজৰ নাম লিপিবদ্ধ কৰে। পৰৱৰ্তী সময়ত তেওঁ 2008 চনত চেন্নাইত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰু এটা ত্ৰিশতক অৰ্জন কৰে আৰু ইয়াৰ ফলত টেষ্ট ক্ৰিকেটত দ্বৈত ত্ৰিশতক অৰ্জন কৰা খেলুৱৈৰ অভিজাত তালিকাত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।
ছেহৱাগৰ ডাঙৰ সন্তান আৰ্যবীৰে বৰ্তমান দেশৰ ঘৰুৱা ক্ৰিকেটত খেলি আছে। 2024 চনৰ নৱেম্বৰত আৰ্যবীৰে কোচবিহাৰ ট্ৰফীত মেঘালয়ৰ বিৰুদ্ধে অপৰাজিত শতক অৰ্জন কৰে। য‘ত তেওঁ 87 ৰ ষ্ট্ৰাইক ৰেটত 34 টা চাৰি আৰু দুটা ছয়ৰে নিজৰ ইনিংছটো সজাইছিল।
লগতে পঢ়ক: হাৰ্দিকৰ পিছত এইবাৰ এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে সিদ্ধান্ত লৈছে বিবাহ-বিচ্ছেদৰ !