অসম

assam

ETV Bharat / state

মহানগৰীৰ আৰ্থিকভাৱে পিচপৰা পৰিয়ালৰ কন্যা সন্তানক চাইকেল প্ৰদান - RBL Bank donates cycles to girls

RBL Bank : মহানগৰীৰ আৰ্থিকভাৱে পিচপৰা দৰিদ্ৰ পৰিয়ালৰ কন্যা সন্তানৰ বাবে 300 খন চাইকেল প্ৰদান কৰিছে বিত্তীয় প্ৰতিষ্ঠান আৰ বি এল বেংকে ৷ বেংকটোৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত সোমবাৰে ছাত্ৰী সকলৰ মাজত চাইকেল বিতৰণ কৰা হয় ৷

RBL Bank
বিত্তীয় প্ৰতিষ্ঠান আৰ বি এল বেংকৰ চাইকেল বিতৰণ

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 7:54 PM IST

আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ কন্যা সন্তানক চাইকেল প্ৰদান

গুৱাহাটী, 4 মাৰ্চ : গুৱাহাটী মহানগৰীৰ আৰ্থিকভাৱে পিচপৰা দৰিদ্ৰ পৰিয়ালৰ কন্যা সন্তানৰ বাবে 300 খন চাইকেল প্ৰদান কৰিছে বিত্তীয় প্ৰতিষ্ঠান আৰ বি এল বেংকে ৷ বেংকটোৰ সামাজিক দায়বদ্ধতা (চি এছ আৰ) কাৰ্যসূচীৰ উম্মীদ 1000 ৰ অধীনত সোমবাৰে ছাত্ৰী সকলৰ মাজত চাইকেল আৰু শিক্ষণ সামগ্ৰী বিতৰণ কৰে ৷ খানাপাৰা ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাৰ খেলপথাৰত এই উপলক্ষে আয়োজিত হয এক অনুষ্ঠান ৷

এই অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ আয়ুক্ত সচিব তথা এৰিয়াছ চ’ছাইটিৰ কৃষি উৎপাদন বিভাগৰ আয়ুক্ত আৰু অধ্যক্ষ অৰুণা ৰাজ'ৰিয়া, অসম চৰকাৰৰ এৰিয়াছ চ’ছাটীৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক বীৰেন্দ্ৰ মিট্টাল, অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক ভাস্কৰ পেগু, মীন বিভাগৰ সঞ্চালক গৌৰীশংকৰ দাস ৷ লগতে উপস্থিত থাকে অসম চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য সংশাধন বিভাগৰ সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীন ড৹ বিবেকানন্দ শইকীয়া, ইউনিচেফৰ উত্তৰ পূৰ্বাঞ্চলৰ শিশু সুৰক্ষা বিশেষজ্ঞ লক্ষ্মী নাৰায়ণ নন্দ আৰু ইউনিচেফ আৰু আৰ বি এল বেংকৰ জ্যেষ্ঠ প্ৰতিনিধিসকল ৷ উপস্থিত আটায়েই অনুষ্ঠানত ছাত্ৰীসকলক চাইকেল প্ৰদান কৰে ৷

বেংকটোৱে গুৱাহাটী, পাটিয়ালা, জয়পুৰ আৰু নাগপুৰকে ধৰি সমগ্ৰ দেশত 2,000 তকৈও অধিক চাইকেল আৰু স্কুল-কিট (শিক্ষণ সামগ্ৰী) বিতৰণ কৰিছে ৷ এই বিষয়ে আৰ বি এল বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কার্যবাহী বিষয়া আৰ সুব্ৰমনিয়াম কুমাৰে কয়- "আৰ বি এল বেংকৰ 'কমিউনিটি এজ দা কজ' বা 'সমাজৰ বাবে সোপান'ৰ পদক্ষেপৰ সৈতে সংগতি ৰাখি আমি আমাৰ অনন্য সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ জৰিয়তে দূৰণিবটীয়া আৰু পিছপৰা অঞ্চলৰ মানুহক সহায় সমর্থন কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ ৷"

লগতে পঢ়ক :গোলাঘাট জিলাৰ একমাত্ৰ লাখপতি বাইদেউৱে সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ABOUT THE AUTHOR

...view details