নিউজ ডেস্ক, 12 জুলাই:পুনৰ এবাৰ দেশতেই অপমানিত হ’লজাতিৰ পিতা, স্বাধীনতা সংগ্ৰামী মহাত্মা গান্ধী ৷ এটা ক্ল’ক টাৱাৰ নিৰ্মাণৰ বাবেই উচ্ছেদ কৰা হ’ল 75 বছৰীয়া পুৰণি মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ৷ এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছেঅসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমাত ৷
উল্লেখ কৰা প্ৰয়োজন যে, এটা ক্ল’ক টাৱাৰ নিৰ্মাণৰ বাবে জাতিৰ পিতাগৰাকীৰ প্ৰতিমূৰ্তি আঁতৰোৱা হ’ব বুলি চৰ্চা চলাৰ পাচতেই ঘটনাটোৱে ৰাজ্যজুৰি লাভ কৰিছিল তীব্ৰ চৰ্চা ৷ ৰাজ্যৰ বিভিন্ন দল-সংগঠনে এই সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ কৰিছিল । অৱশ্যে সকলো প্ৰতিবাদ-দাবীক ভেঙুচালি কৰি দুদিন পূৰ্বে ডুমডুমাৰ গান্ধী চ’কত থকা 5.5 ফুট উচ্চতাৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো এক্সকেভেটৰেৰে আঁতৰাই পেলোৱাৰ পিচত ৰাজ্যজুৰি এই ঘটনাৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।
সমান্তৰালভাবে, ঘটনা সন্দৰ্ভত X যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মহাত্মা গান্ধীৰ নাতি তুষাৰ গান্ধীয়ে ৷ গান্ধীয়ে কয়, "অসমৰ বিজেপি চৰকাৰে বাপুৰ প্ৰতিমূৰ্তি থকা স্থানত ক্ল’ক টাৱাৰ স্থাপনৰ সিদ্ধান্ত লোৱাটো আচৰিত কথা নহয় । তেওঁলোকৰ দাসত্বপূৰ্ণ মনোভাৱ বৰ্তমানেও আছে ।"
তুষাৰ গান্ধীয়ে বিষয়টো সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰাৰ পাচতেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিমূৰ্তি আঁতৰোৱাৰ সিদ্ধান্তৰ বিষয়ে অৱগত নহয় বুলি X যোগে প্ৰকাশ কৰি কয়, "জিলা প্ৰশাসনে লোৱা এই সিদ্ধান্তৰ বিষয়ে মই অৱগত নহয় । তথ্যসমূহ নিৰীক্ষণ কৰিব লাগিব । মহাত্মা গান্ধীৰ ওচৰত অসম যথেষ্ট ঋণী । নেহৰুৰ নেতৃত্বত কংগ্ৰেছ দলে যেতিয়া গ্ৰুপিং প্লেনৰ অধীনত অসমক পাকিস্তানৰ অন্তৰ্ভূক্ত কৰিব বিচাৰিছিল, তেতিয়া গান্ধীয়ে ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ সৈতে দৃঢ়তাৰে থিয় দিছিল ।"