অসম

assam

By ETV Bharat Assamese Team

Published : May 29, 2024, 5:50 PM IST

ETV Bharat / state

১৭১ গৰাকী হজযাত্ৰী লৈ মক্কা অভিমুখে শেষৰখন বিশেষ বিমান - Haj Yatra 2024

Haj pilgrims from North East: সামৰণি পৰিল চলিত বৰ্ষৰ হজযাত্ৰা । ২৯ জুনৰ পৰা আৰম্ভ হ'ব ওভতনি যাত্ৰা । বুধবাৰে দিনৰ ১১:৪৫ বজাত শেষৰখন বিশেষ বিমানে ১৭১ জন হজযাত্ৰী লৈ জেদ্দাহ হৈ মক্কা অভিমুখে যাত্ৰা কৰে ।

Last special flight from LGB International Airport to Makkah with 171 Haj pilgrims
সামৰণি পৰিল চলিত বৰ্ষৰ হজযাত্ৰা (ETV Bharat Assam)

গুৱাহাটী,২৯ মে':সামৰণি পৰিল পৱিত্ৰ হজ যাত্ৰাৰ । উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ পৰা এইবেলি পৱিত্ৰ হজ যাত্ৰা সমাপনৰ বাবে ৩,৮০৭ গৰাকী লোক মক্কালৈ যাত্ৰা কৰিছে । ইয়াৰ ভিতৰত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা পোনপটীয়াকৈ বিশেষ বিমানৰে জেদ্দাহ হৈ মক্কালৈ যাত্ৰা কৰিছে ৩,২৯৬ জন হজ যাত্ৰীয়ে । বাকীখিনিৰ বেছিভাগেই কলকাতা বিমানবন্দৰৰ পৰা মক্কালৈ যাত্ৰা কৰিছে ।

সামৰণি পৰিল চলিত বৰ্ষৰ হজযাত্ৰা (ETV Bharat Assam)

আনহাতে ভাৰতৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমসহ উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ হজ যাত্ৰা ১৬ মে'ৰ পৰা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা আৰম্ভ হৈছিল । বুধবাৰে দিনৰ ১১:৪৫ বজাত শেষৰখন বিশেষ বিমানে ১৭১ জন হজযাত্ৰী লৈ জেদ্দাহ হৈ মক্কা অভিমুখে যাত্ৰা কৰে । শেষ হজযাত্ৰীৰ দলটোক বৰঝাৰ বিমানবন্দৰৰ হজ অভ্যৰ্থনা সমিতিৰ কাৰ্যালয়ত আদৰণি জনাই বৰঝাৰ বিমানবন্দৰ হজ অভ্যৰ্থনা সমিতিৰ সভাপতি আলটাফ হুছেইন, কাৰ্যকৰী সভাপতি কাচিম আলী, আহ্বায়ক ক্ৰমে- মজনুৰ আলী, মীৰ হুছেইন, চৌকত আলী, সৌৰভ আলী, গুলজাৰ আলী, দিলোৱাৰ হুছেইন, আলিমুন হুছেইন, ৰুণু বেগমকে ধৰি কেইবাজনো কৰ্মকৰ্তাই ।

আনহাতে সভাপতি আলটাফ হুছেইনে হজযাত্ৰীসকলক যাত্ৰাৰ শুভেচ্ছা জ্ঞাপন কৰি চৰকাৰে বান্ধি দিয়া নীতি-নিয়মসমূহ মানি চলি সকলোৱে যাতে পৱিত্ৰ হজ সম্পন্ন কৰি ৰাজ্যখনৰ সুখ, শান্তি, সমৃদ্ধিৰ বাবে দোৱা কৰে তাৰ কামনা কৰে । ইতিমধ্যে সন্ধিয়া বিশেষ বিমানখন গৈ জেদ্দাহ বিমান বন্দৰত গৈ অবতৰণ কৰিব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে অহা ২৯ জুনৰ পৰা একাদিক্ৰমে হজ যাত্ৰীসকলৰ ওভতনি যাত্ৰা আৰম্ভ হ'ব । ইফালে অসমৰ হজযাত্ৰীসকলে জেদ্দাহ, মক্কা আৰু মদিনাত থকা সময়ছোৱাত তেওঁলোক যে অসমৰ পৰা আহিছে তাৰ বাবে ডিঙিত গামোচা লৈ থকাৰ লগতে তেওঁলোক থকা হোটেলৰ সন্মুখত দিনে নিশাই গামোচাৰ পতাকা উৰুৱাই ৰাখিছে ।

লগতে পঢ়ক:১৬ মে’ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা হজলৈ যাব ৩৮০০ গৰাকী হজযাত্ৰী - Haj Yatra 2024

মদিনা অভিমুখে ৰাওনা প্ৰথমটো হজযাত্ৰীৰ দল - Hajj 2024 Flight Schedule

ABOUT THE AUTHOR

...view details