অসম

assam

ETV Bharat / state

অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ১২খন নতুন থানা

ভাৰত-বাংলা সীমান্তত সমন্বয় উন্নত কৰাৰ লগতে অসমত অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে যুঁজিবলৈ ১২খন নতুন থানা গঠনৰ কাম আৰম্ভ হোৱা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷

ASSAM TO GET 12 NEW POLICE STATIONS
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : 4 hours ago

হায়দৰাবাদ: অসমত অবৈধ অনুপ্ৰৱেশ বন্ধ কৰাৰ বাবে কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে সমন্বয় বৃদ্ধিৰ বাবে অসমৰ ভাৰত-বাংলা সীমান্তত ১২খন নতুন থানা গঠন কৰা হৈছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে নিজৰ এক্স হেণ্ডেলত এই কথা সদৰী কৰে ।

"আমি বিশেষকৈ ৰোহিংগীয়াসকলৰ অনুপ্ৰৱেশৰ প্ৰতি শূন্য সহনশীলতা নীতি বজাই ৰাখিছো । যোৱা দুমাহত অসমে ১৩০তকৈও অধিক অবৈধ অনুপ্ৰৱেশকাৰীক বাধা দিছে্ । সামগ্ৰিকভাৱে ভাৰত-বাংলাদেশ সীমান্তৰ কাষেৰে কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে সমন্বয় বৃদ্ধি কৰিবলৈ ১২ খন নতুনকৈ থানা স্থাপনৰ পৰিকল্পনা কৰা হৈছে ।" মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় ।

উল্লেখ্য যে, ভাৰতে-বাংলাদেশ সৈতে ৪,০৯৬ কিলোমিটাৰ দৈৰ্ঘৰ সীমা ভাগ-বাটোৱাৰা কৰিছে ৷ ইয়াৰ ২৬২ কিলোমিটাৰ সীমা অসমে-বাংলাদেশৰ সৈতে ভাগ-বাটোৱাৰা কৰিছে ।

শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই অসমত ৰোহিংগীয়া অনুপ্ৰৱেশক গুৰুতৰ ভাবুকি বুলি অভিহিত কৰি কয় যে ৰোহিংগীয়া অনুপ্ৰৱেশে ৰাজ্যখনৰ জনগাঁথনিগতভাৱে ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে ।

ভাৰত চৰকাৰৰ পৰিসংখ্যা অনুসৰি ভাৰত আৰু বাংলাদেশৰ সীমান্তৰ ৭৮ শতাংশতকৈও অধিক কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে ।

লগতে পঢ়ক:পুনৰ অসম আৰক্ষীয়ে আটক কৰিলে ১৪ বাংলাদেশী অনুপ্রৱেশকাৰী - Bangladeshi nationals apprehended

ABOUT THE AUTHOR

...view details