অসম

assam

ETV Bharat / international

এক্সন মোডত ট্ৰাম্প; শ শ অবৈধ নাগৰিকক গ্ৰেপ্তাৰ - TRUMPS DEPORTATION PLEDGE

হোৱাইট হাউচে জনোৱা মতে ৫৩৮ অবৈধ প্ৰব্ৰজনকাৰী অপৰাধী গ্ৰেপ্তাৰ কৰা হৈছে ৷ লগতে শ শ লোকক সামৰিক বিমানেৰে স্থানান্তৰ কৰা হৈছে ।

Trump's Deportation Of Illegal Migrants Begins
এক্সন মোডত ট্ৰাম্প; শ শ অবৈধ নাগৰিকক গ্ৰেপ্তাৰ (X@WhiteHouse)

By ETV Bharat Assamese Team

Published : Jan 25, 2025, 10:46 AM IST

ৱাশ্বিংটন :নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰাখিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে । শপতগ্ৰহণৰ এসপ্তাহ সম্পূৰ্ণ হোৱাই নাই, ট্ৰাম্পে আৰম্ভ কৰিলে অভিযান । অবৈধ নাগৰিকৰ বহিষ্কাৰৰ ক্ষেত্ৰত দিয়া প্ৰতিশ্ৰুতি অনুসৰি ট্ৰাম্প প্ৰশাসনে দেশজুৰি অভিযান আৰম্ভ কৰে । তাৰ অংশ হিচাপে ৭০ৰো অধিক বহিষ্কৃত প্ৰব্ৰজনকাৰীক লৈ দুখন আমেৰিকাৰ সামৰিক বিমান শুকুৰবাৰে গুয়াতেমালাত উপস্থিত হয় ।

এক্সৰ এটা পোষ্টত হোৱাইট হাউচে বহিষ্কৃত প্ৰব্ৰজনকাৰীসকলক সামৰিক বিমানেৰে স্থানান্তৰ কৰাৰ এখন ফটো শ্বেয়াৰ কৰিছে । ফটোখনৰ কেপচনত লিখা আছে : প্ৰতিশ্ৰুতি দিয়া, প্ৰতিশ্ৰুতি পালন কৰা । নিৰ্বাসন বিমানৰ কাৰ্যকলাপ আৰম্ভ হৈছে ।

  • অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে কঠোৰ আমেৰিকা

পোষ্টটোত লিখা আছে, "যিধৰণে তেওঁ প্ৰতিশ্ৰুতি দিছিল ৰাষ্ট্ৰপতি ট্ৰাম্পে বিশ্ববাসীলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে : যিসকলে অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰে তেওঁলোক গুৰুতৰ পৰিণামৰ সন্মুখীন হ'ব ।"

মধ্য আমেৰিকাৰ দেশখনৰ প্ৰব্ৰজন প্ৰতিষ্ঠানটোৱে কয় যে মুঠ ৭৯ গৰাকী গুয়াতেমালাৰ লোক (৪৮ জন পুৰুষ আৰু ৩১ গৰাকী মহিলা) প্ৰথমখন বিমানত আছিল যি মাজনিশা অৱতৰণ কৰিছিল । দ্বিতীয়খন বিমান অধিক সংখ্যক প্ৰব্ৰজনকাৰীৰ সৈতে শুকুৰবাৰে পুৱা উপস্থিত হয় ।

হোৱাইট হাউচে বৃহস্পতিবাৰে শেষৰ ফালে ঘোষণা কৰে যে ৫৩৮ গৰাকী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সামৰিক বিমানেৰে শ শ লোকক বিতাড়িত কৰা হৈছে আৰু লগতে কয় যে ইতিহাসৰ সৰ্ববৃহৎ নিৰ্বাসন অভিযান সুন্দৰভাৱে চলি আছে । অৱশ্যে গুয়াতেমালাৰ চৰকাৰে এই সন্দৰ্ভত কোনো নিশ্চিত তথ্য প্ৰকাশ কৰা নাই ।

  • ৫৩৮ অবৈধ প্ৰব্ৰজনকাৰীক গ্ৰেপ্তাৰ

হোৱাইট হাউচৰ প্ৰেছ সচিব কেৰোলিন লিয়াভিটে বৃহৎ নিৰ্বাসন অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰি কয় যে এজন সন্দেহযুক্ত সন্ত্ৰাসবাদী, ট্ৰেন ডি আৰাগুয়া দলৰ ৪ জন সদস্য আৰু নাবালকৰ বিৰুদ্ধে যৌন অপৰাধত দোষী সাব্যস্ত হোৱা কেইবাজনো ব্যক্তিকে ধৰি ৫৩৮ গৰাকী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ।

  • আমেৰিকাৰ নীতিক সমৰ্থন ভাৰতৰ

ট্ৰাম্প প্ৰশাসনৰ এই পদক্ষেপক ভাৰতে আদৰণি জনাইছে । ভাৰতেও অবৈধ প্ৰব্ৰজনৰ বিৰুদ্ধে নিজৰ স্থিতি পুনৰ দোহাৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই সন্দৰ্ভত কয়, "আমি অবৈধ প্ৰব্ৰজনৰ বিৰোধী, বিশেষকৈ এই কাৰণে যে বিভিন্ন ধৰণৰ সংগঠিত অপৰাধৰ সৈতে ই সম্পৰ্কিত ।"

বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়,"ভাৰতীয়সকলৰ বাবে কেৱল আমেৰিকাতে নহয়, বিশ্বৰ যিকোনো ঠাইতে, যদি তেওঁলোক ভাৰতীয় নাগৰিক হয় আৰু তেওঁলোক অতিৰিক্ত সময় থাকে বা তেওঁলোক সঠিক নথিপত্ৰ অবিহনে এখন নিৰ্দিষ্ট দেশত থাকে, আমি তেওঁলোকক ঘূৰাই লৈ যাম, যদিহে নথিপত্ৰবোৰ আমাৰ সৈতে শ্বেয়াৰ কৰা হয় । যদি তেনে হয় তেন্তে আমি বিষয়বোৰ আগুৱাই লৈ যাম আৰু তেওঁলোকক ভাৰতলৈ উভতি অহাৰ সুবিধা প্ৰদান কৰিম ।"

লগতে পঢ়ক :প্ৰথমবাৰৰ বাবে কমাণ্ডাৰ ইন চীফ বলত নৃত্য আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু ফাৰ্ষ্ট লেডীৰ - US PRESIDENT AND FIRST LADY

ABOUT THE AUTHOR

...view details