ম্যানমাৰ : মাজনিশা হঠাৎ লাগিছে হুৱাদুৱা । কিয়নো এফালে যদি ঘনকৈ লৰিছে ঘৰ, আচবাব; আনফালে কোনোবাই চিঞৰি উঠিছে- উঠ ঐ উঠ ! শুকুৰবাৰে পুৱতি নিশা এক প্ৰবল ভূঁইকঁপে জোকাৰি গ’ল ৰাজ্য ৷
ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য মতে, শুকুৰবাৰে পুৱতি নিশা অহা ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৮ ৰিখটাৰ স্কেল । এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ম্যানমাৰ ৷
NCS ৰ তথ্য অনুসৰি, শুকুৰবাৰে পুৱা ১২:৫৩ বজাত হোৱা এই ভূমিকম্পৰ গভীৰতা ১০৬ কিলোমিটা ৷ ইয়াৰ অক্ষাংশ ২৪.৬৮ উত্তৰ আৰু দ্ৰাঘিমাংশ ৯৪.৮৭ পূবত ৰেকৰ্ড কৰা হৈছে ।
NCS-এ X-যোগে শ্বেয়াৰ কৰা এটা পোষ্টত এই ভূমিকম্পৰ বিষয়ে লিখিছে -
An earthquake with a magnitude of 4.8 on the Richter Scale hit Myanmar at 00:53:35 IST (12.53 am) today: National Center for Seismology pic.twitter.com/gCk9E7Lxdw
— ANI (@ANI) January 23, 2025
‘‘EQ of M: 4.8, On: 24/01/2025 00:53:35 IST, Lat: 24.68 N, Long: 94.87 E, Depth: 106 Km, Location: Myanmar.’’
যিহেতু এই ভূমিকম্পৰ অভিকেন্দ্ৰ ম্যানমাৰ আছিল, সেয়ে ইয়াৰ প্ৰভাৱ অসমৰ কেবাখনো জিলাত পৰা দেখা গৈছে ৷ মাজনিশা হোৱা এই ভূঁইকঁপৰ জোকাৰণিত শংকিত হৈ পৰিছে ৰাজ্যবাসী ৷ অৱশ্যে এই বাতৰি লিখা পৰলৈকে ম্যানমাৰ বা অসমৰ কোনো অঞ্চলৰ পৰা ক্ষয়-ক্ষতিৰ বাতৰি লাভ কৰা নাই ৷
মনকৰিবলগীয়া কথা এই যে সম্ভৱতঃ প্ৰাকৃতিক পৰিৱেশৰ কিছু সালসলনি হোৱাৰ বাবে প্ৰায়ে অসমত ভূঁইকঁপৰ জোকাৰণি অনুভূত হ’বলৈ ধৰিছে ৷ বিগত বৰ্ষৰ অৰ্থাৎ ২০২৩ চনৰ নৱেম্বৰ মাহত অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙত এক মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল । আনকি সেই একেটা বৰ্ষৰে ২৩ নৱেম্বৰটো এক মৃদু ভূমিকম্পই জোকাৰি যায় অসমৰ পাহাৰীয়া জিলা ডিমা হাছাওক ৷
(ANI)
লগতে পঢ়ক : কাৰ্বি আংলঙত মৃদু ভূঁইকঁপৰ জোকাৰণি লগতে পঢ়ক : ৩.৮ প্ৰাবল্যৰ মৃদু ভূমিকম্পই জোকাৰিলে ডিমা হাছাওক |