ETV Bharat / international

তাহাউৰ ৰাণাক ভাৰতলৈ প্ৰত্যৰ্পণৰ পথ মুকলি - TAHAWWUR RANA EXTRADITION

ভাৰতে পাকিস্তানী মূলৰ কানাডিয়ান তাহাউৰ ৰাণাৰ প্ৰত্যৰ্পণ বিচাৰি আহিছে । ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযুক্ত ৰাণা ।

Mumbai attack convict Tahawwur Rana
তাহাউৰ ৰাণাক ভাৰতলৈ প্ৰত্যৰ্পণৰ পথ মুকলি (ANI)
author img

By ETV Bharat Assamese Team

Published : Jan 25, 2025, 1:07 PM IST

ৱাশ্বিংটন : আমেৰিকাৰ শীৰ্ষ ন্যায়ালয়ে মুম্বাই আক্ৰমণৰ দোষী তাহাউৰ ৰাণাৰ ভাৰতলৈ প্ৰত্যৰ্পণক মঞ্জুৰি দিছে । ইয়াৰ লগে লগে ঘটনা সম্পৰ্কে তেওঁৰ পুনৰীক্ষণ আবেদন খাৰিজ কৰে আদালতে । ইফালে ভাৰতে পাকিস্তানী মূলৰ কানাডিয়ান নাগৰিক ৰাণাৰ প্ৰত্যৰ্পণ বিচাৰিছে । যি ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰৰ অভিযুক্ত ।

ভাৰতলৈ প্ৰত্যৰ্পণ হ'ব ৰাণাৰ !

উল্লেখ্য যে ৰাণাৰ বাবে ভাৰতলৈ প্ৰত্যৰ্পণ নকৰাৰ অন্তিম আইনী সুযোগ আছিল । ভাৰতে বহু বছৰ ধৰি ৰাণাৰ প্ৰত্যৰ্পণৰ দাবী জনাই আহিছিল । অৱশ্যে আমেৰিকাৰ শীৰ্ষ ন্যায়ালয়ৰ এই সিদ্ধান্তই ভাৰতক সকাহ দিছে । সম্ভৱত ৰাণাৰ প্ৰত্যৰ্পণৰ দিন চমু চাপিছে ! বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে জ' বাইডেনৰ শাসনকালত কেইবাবাৰো ৰাণাৰ প্ৰত্যৰ্পণৰ দাবী জনাই আহিছিল ।

৬৪ বছৰীয়া ৰাণাক বৰ্তমান লছ এঞ্জেলছৰ মেট্ৰ'পলিটান ডিটেনচন চেণ্টাৰত ৰখা হৈছে । ইয়াৰ পূৰ্বে আমেৰিকাৰ প্ৰশাসনে আদালতত যুক্তি দিছিল যে চাৰ্টিওৰাৰিৰ ৰিটৰ বাবে আবেদন খাৰিজ কৰিব লাগে । আমেৰিকাৰ ছলিচিটৰ জেনেৰেল এলিজাবেথ বি প্ৰেলোগাৰে ১৬ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ৰ সন্মুখত দাখিল কৰা নথিপত্ৰত এই কথা কয় । তেওঁ কয় যে ৰাণা এই ক্ষেত্ৰত ভাৰতলৈ প্ৰত্যৰ্পণৰ পৰা সকাহ পোৱাৰ অধিকাৰী নহয় ।

তাহাউৰৰ আবেদন খাৰিজ

উল্লেখ্য যে ২০০৮ চনত হোৱা মুম্বাই আক্ৰমণত প্ৰায় ১৬৬ ৰো অধিক নিৰ্দোষী লোক নিহত হৈছিল । এই আক্ৰমণ ৬০ ঘণ্টা ধৰি চলিছিল । তাহাউৰ ৰাণাই এই গোচৰৰ পৰা ৰেহাই পাবলৈ যথেষ্ট প্ৰচেষ্টা কৰি আছে কিন্তু ৰেহাই পোৱা নাই । তেওঁ আমেৰিকাৰ শীৰ্ষ আদালততও আবেদন দাখিল কৰিছিল কিন্তু তাত ৰাণাই মুখথেকেচা খাইছে ।

ইয়াৰ পূৰ্বে ৰাণা কেইবাখনো ফেডাৰেল আদালতত আইনী যুঁজত পৰাজিত হয় । পিছত ৰাণাই ১৩ নৱেম্বৰত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত চাৰ্টিওৰাৰিৰ ৰিটৰ বাবে আবেদন দাখিল কৰে ।

মুম্বাই আক্ৰমণ

ৰাণা পাকিস্তানী-আমেৰিকান সন্ত্ৰাসবাদী ডেভিদ কোলমেন হেডলীৰ সৈতে জড়িত বুলি জনা যায়, যি হৈছে ২৬/১১ৰ মুম্বাই আক্ৰমণৰ অন্যতম মুখ্য ষড়যন্ত্ৰকাৰী । ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণত ৬ গৰাকী আমেৰিকানসহ মুঠ ১৬৬ গৰাকী লোক নিহত হৈছিল ।

লগতে পঢ়ক :পাকিস্তানত বৃদ্ধি অনাৰ কিলিঙৰ ঘটনা; তিনি দিনত নিহত ৮ - PAKISTAN HONOUR KILLING

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.