নিউজ ডেস্ক : অসমৰ বিভিন্ন জিলাত গণৰাজ্য দিৱস উদযাপন কৰা হয় । য'ত অসম চৰকাৰ মন্ত্ৰী আৰু জিলা আয়ুক্তসকলে মুখ্য অতিথি হিচাপে উপস্থিত থাকি গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে ।
বৰপেটা : বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই । বৰপেটা পৌৰসভাৰ খেলপথাৰত জিলা ভিত্তিত আয়োজিত গণৰাজ্য দিৱসত দিয়া ভাষণত ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন চৰকাৰী আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে মন্ত্ৰীগৰাকীয়ে ৷
পতাকা উন্মোচনৰ পিছতে মন্ত্ৰীগৰাকীয়ে আৰক্ষী, গৃহৰক্ষী বাহিনী, চিআৰপিএফ, স্কাউট এণ্ড গাইড, এনচিচি আৰু একাংশ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰদৰ্শন কৰা পেৰেডৰ অভিবাদন গ্ৰহণ কৰে ৷ অনুষ্ঠানত জিলা আয়ুক্ত ৰোহণ কুমাৰ ঝা, আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাকে ধৰি জিলাখনৰ সকলোবোৰ বিভাগৰ চৰকাৰী বিষয়াসকল উপস্থিত থাকে । গণৰাজ্য দিৱস উপলক্ষে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ।
যোৰহাট : যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসত জাতীয় পতাকা উন্মোচন কৰে উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়াই । পতাকা উন্মোচন কৰি মন্ত্ৰী বিমল বড়াই দেশৰ স্বাধীনতাত যোৰহাট জিলাৰ অৱদানৰ বিষয়ে স্মৰণ কৰে । হৰিজন বন্ধু কৃষ্ণ নাথ শৰ্মা, জননায়ক দেৱশ্বৰ শৰ্মা, পিতাম্বৰ দেৱ গোস্বামীসহ স্বাধীনতা সংগ্ৰামীসকলে দেশৰ বাবে কৰা ত্যাগ আৰু দেশপ্ৰেমৰ কথা উপস্থিত ৰাইজৰ আগত তেওঁ কয় । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে চৰকাৰে নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছ আৰু নিকা ব্যৱস্থা গ্ৰহণ কৰি অসমৰ পৰা দুৰ্নীতি শব্দটো নাইকিয়া কৰিবলৈ প্ৰয়াস কৰিছে । স্বাস্থ্য খণ্ডৰ লগতে ৰাজ্যৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ কথাও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে । পতাকা উন্মোচনৰ পিছতে মন্ত্ৰী বিমল বড়াই আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এনচিচি আদিৰ পেৰেডৰ অভিবাদন গ্ৰহণ কৰে ।
ইফালে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ স্বেচ্ছাসেৱক উৎপল ঘোষ আৰু দিপাংকৰ বৰগোঁহাইক দেশৰ ৰাষ্ট্ৰপতিয়ে তেওঁলোকৰ প্ৰশংসনীয় সেৱাৰ বাবে গণৰাজ্য দিৱস উপলক্ষে অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী ৰাষ্ট্ৰপতি পদকৰে সন্মানিত কৰে । যাৰ বাবে জিলাখনত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । যোৰহাট অসামৰিক প্ৰতিৰক্ষা বিভাগত নিয়োজিত দুয়োগৰাকী স্বেচ্ছাসেৱকে ১৫ বছৰ ধৰি নিষ্ঠাৰে সেৱা আগৱঢ়াই আহিছে ।
জোনাই : ৰাজ্যৰ বাকী জিলাসমূহৰ সমান্তৰালকৈ ধেমাজিৰ গান্ধী ময়দানত জোনাই সম-জিলা প্ৰশাসনৰ উদ্যোগত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় । জোনাই সম-জিলাৰ আয়ুক্ত কাৰ্যালয়ত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ পিছতে জোনাই সম-জিলাৰ আয়ুক্ত আনন্দ মলহোত্ৰাই ৰাষ্ট্রীয় পতাকা উন্মোচন কৰে । কাৰ্যসূচীত জোনাইৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীৰ মুঠ ১৫ টা দলে পেৰেডত অংশগ্ৰহণ কৰে । গণৰাজ্য দিৱসৰ কাৰ্যসূচীত বিভিন্ন জাতি-জনগোষ্ঠীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন কৰা হয় ৷
মাজুলী : মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত কছাৰী ময়দান গড়মূৰত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ আয়োজন কৰা হয় । মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে মাজুলী জিলাৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে । ৰাইজক উদ্দেশ্যি দিয়া ভাষণত জিলা আয়ুক্তগৰাকীয়ে বিগত বছৰত মাজুলীৰ উন্নয়নমূলক কাম-কাজৰ এক আভাস দাঙি ধৰে । আয়ুক্তগৰাকীয়ে কয়, "বন্ধ হৈ থকা মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম পুনৰ অতি সোনকালে আৰম্ভ হ'ব ।" এই অনুষ্ঠানতে মাজুলীৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা বহু কেইগৰাকী লোকক জিলা প্ৰশাসনৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।
ৰঙিয়া : ইফালে কামৰূপ জিলাৰ ৰঙিয়া আয়োজিত গণৰাজ্য দিৱসত অতিথিৰ ৰূপত দেখা গ'ল ইটালীৰ পৰ্যটক । ৭৬ সংখ্যক গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰিবলৈ সুদূৰ ইটালীৰ পৰা ৰঙিয়াত উপস্থিত হ'ল ইটালীৰ মাচিমো ফাৰ্লোনি । গণৰাজ্য দিৱসৰ বিশেষ বেজ পৰিধান কৰি ইটালী ভাষাতে গণৰাজ্য দিৱসৰ সম্ভাষণ জনালে পৰ্যটকগৰাকীয়ে । ৰঙিয়া সম-জিলাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা পেৰেডত আমন্ত্ৰিত অতিথিৰূপে তেওঁ অংশগ্ৰহণ কৰে । তেওঁ আনকি মোবাইলত পেৰেডৰ দৃশ্যসমূহ ৰেকৰ্ড কৰিলে । ইংৰাজী আৰু হিন্দী ক'ব নোৱাৰা ইটালীৰ পৰ্যটকগৰাকীয়ে মোবাইলতে অনুবাদক এপৰ সহায়েৰে সকলোৰে সৈতে কথা পাতিলে ।
ৰঙিয়াত গণৰাজ্য দিৱসত উপস্থিত থাকি পৰ্যটকগৰাকী যথেষ্ট আপ্লুত হৈ পৰে । উল্লেখ্য যে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা গণৰাজ্য দিৱসৰ ৰাষ্ট্রীয় পতাকা উন্মোচন কৰে ৰঙিয়া সম-জিলা আয়ুক্ত দেৱাশীষ গোস্বামীয়ে । আয়ুক্তগৰাকীয়ে পতাকা উন্মোচন কৰি দিয়া ভাষণত ৰঙিয়া সম-জিলাৰ প্ৰতিটো বিভাগৰ উন্নয়নমূলক কাম-কাজ তথা আঁচনিসমূহৰ এক খতিয়ান দাঙি ধৰে । ইয়াৰ পিছতে আয়ুক্তগৰাকীয়ে অসম আৰক্ষী, এনচিচি, স্কাউট এণ্ড গাইড আৰু ছাত্ৰ-ছাত্ৰীসকলৰ পেৰেডৰ অভিবাদন গ্ৰহণ কৰে ।
তেজপুৰ : তেজপুৰৰ ঐতিহাসিক নেহেৰু ময়দানত পতাকা উন্মোচন কৰে অসম চৰকাৰৰ মন্ত্ৰী তথা শোণিতপুৰৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই । পতাকা উন্মোচনৰ পিছতে মন্ত্ৰী হাজৰীকাই গণৰাজ্য দিৱসৰ পেৰেডৰ অভিবাদন গ্ৰহণ কৰে । পেৰেডত অংশগ্ৰহণ কৰে অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, কেন্দ্ৰীয় সংৰক্ষিত বাহিনী, আইটিবিপি, আই এছ এফ, সেনা বাহিনী, অসম ৰাইফলছৰ লগতে তেজপুৰৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ এনচিচিৰ কেডেটসকলে ।
ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে দেশৰ স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । ভাষণ প্ৰসংগত তেওঁ কয়,"আগন্তুক সময়ত দৰিদ্ৰতা নিৰ্মূল কৰিবলৈ ৩২ লাখ লোকক অৰুণোদয়ৰ জৰিয়তে স্বাৱলম্বী কৰিবলৈ কাম হাতত লোৱা হৈছে । তেজপুৰৰ আৱৰ্ত ভৱনৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰত বৰচলা সমষ্টিলৈকে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ কাম হাতত লোৱা হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে । চাহ জনগোষ্ঠীসকলৰ ঝুমুৰ নৃত্য আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে ।
নগাঁও : জিলা প্ৰশাসনৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত আয়োজিত গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি পতাকা উন্মোচন কৰে মন্ত্ৰী অশোক সিংহলে । পতাকা উন্মোচনৰ পিছতে পেৰেডৰ অভিবাদন গ্ৰহণ কৰে মন্ত্ৰী অশোক সিংহলে । গণৰাজ্য দিৱসত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ ব্যাখ্যা আগবঢায় । ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে অসমৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ প্ৰসংগত অসমৰ প্ৰতিখন জিলাতেই চিকিৎসা মহাবিদ্যালয় স্থাপনৰ সংকল্পৰ কথা উল্লেখ কৰে । ৰাজ্যত চিকিৎসকৰ সংখ্যা বিজেপি চৰকাৰৰ দিনতেই বৃদ্ধি পোৱা বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । অসমক এখন স্বাস্থ্যৱান ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায় মন্ত্ৰী অশোক সিংহলে । এই গণৰাজ্য দিৱসৰ পেৰেডত নগাঁও আৰক্ষী, এনচিচিকে ধৰি জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । গণৰাজ্য দিৱসৰ কাৰ্যসূচীত বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাসহ জিলাখনৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
গোলাঘাট : গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে । পতাকা উন্মোচন কৰি মন্ত্ৰীগৰাকীয়ে স্বাধীনতা আন্দোলনৰ অংশগ্ৰহণ কৰা প্ৰতিগৰাকী মুক্তিযুঁজাৰুৰ নাম ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ আছে বুলি উল্লেখ কৰে । মন্ত্ৰী অজন্তা নেওগে অৰ্ধসামৰিক বাহিনী, আৰক্ষী বাহিনী আৰু বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰী-ছাত্ৰীসকলৰ পেৰেডৰ অভিবাদন গ্ৰহণ কৰে । গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, জিলা আয়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক ৰাজেন সিং, গোলাঘাট পৌৰসভাৰ পৌৰপতি দুলুমণি বৰবৰা, উপ পৌৰপতি সীমান্ত বৰা, নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ সঞ্জীৱ দাস আদিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
নলবাৰী : নলবাৰীৰ আৰক্ষী চাউনী খেলপথাৰত জিলা প্ৰশাসনে আয়োজন কৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস । মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উন্মোচন কৰে ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা । সংবিধান প্ৰণেতা লগতে দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী বীৰ শ্বহীদক মন্ত্ৰীগৰাকীয়ে স্মৰণ কৰে । গণৰাজ্য দিৱসৰ কাৰ্যসূচীত নলবাৰী জিলাৰ মুক্তি যুঁজাৰুৰ পৰিয়ালসমূহক সম্বৰ্ধনা জনোৱা হয় । বিভিন্ন দেশপ্ৰেমমূলক নৃত্য, প্ৰদৰ্শনীৰো আয়োজন কৰা হয় । এই অনুষ্ঠানত নলবাৰী জিলাৰ কেইবাটাও বিভাগৰ দ্বাৰা প্ৰতীকপট প্ৰদৰ্শন কৰা হয় । গণৰাজ্য দিৱসৰ এই কাৰ্যসূচীত জিলা আয়ুক্ত বৰ্ণালী ডেকা, আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসকে আদি ধৰি সকলো চৰকাৰী বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ।
মাণিকপুৰ : জিলা প্ৰশাসন তথা ৰাইজৰ সহযোগত বঙাইগাঁও জিলাৰ মাণিকপুৰত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় । মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে চক্ৰ বিষয়া ৰাবেয়া বেগমে । দেশৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । পতাকা উন্মোচনৰ পিছতে চক্ৰ বিষয়াই মাণিকপুৰ কৃষ্ণানন্দ একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলৰ পেৰেডৰ অভিবাদন গ্ৰহণ কৰে । এই অনুষ্ঠানত মাণিকপুৰ সংগীত বিদ্যালয়ৰ ছাত্ৰীয়ে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰে । আন আন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে ।
গোৱালপাৰা : জিলা প্ৰশাসনৰ উদ্যোগত জে টি এছ খেলপথাৰত আয়োজন কৰা ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে । গণৰাজ্য দিৱসৰ পেৰেডত আৰক্ষীকে ধৰি বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ।
হোজাই : জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ কাছাৰী মৈয়দানত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে । পতাকা উন্মোচনৰ পিছতে জিলা আয়ুক্তগৰাকীয়ে উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে আৰু চৰকাৰৰ বিভিন্ন আঁচনিৰ খতিয়ান দাঙি ধৰে । অসম আৰক্ষী, এনচিচি আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্রহণ কৰে । পথ সুৰক্ষা জীৱন সুৰক্ষা শীৰ্ষক এক নাটৰ লগতে বিহুকে ধৰি কেইবাটাও সাংস্কৃতিক দলে অনুষ্ঠান পৰিৱেশ কৰে । অনুষ্ঠানত জিলাখনৰ কেইবাটাও বিভাগৰ চৰকাৰী কৰ্মচাৰী আৰু অধিবক্তাক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, জিলা আয়ুক্ত, জিলা আৰক্ষী অধীক্ষক সৌৰভ গুপ্তা, অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীসহ জিলাখনৰ কেইবাজনো গণ্যমান্য ব্যক্তি, চৰকাৰী বিষয়া-কৰ্মচাৰী, জিলাৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজ উপস্থিত থাকে ।
ডিব্ৰুগড় : ঐতিহাসিক চৰাইদেউৰ নৱগঠিত মাহমৰা সম-জিলাত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে মন্ত্ৰী যোগেন মহনে । মাহমৰা সম-জিলা প্ৰশাসনৰ উদ্যোগত মৰাণ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা এই গণৰাজ্য দিৱসত পতাকা উন্মোচন কৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ লগতে মাহমৰা সমষ্টি উন্নয়নৰ এক বৃহৎ খতিয়ান দাঙি ধৰে । গণৰাজ্য দিৱসৰ পেৰেডত আৰক্ষী, গৃহৰক্ষী বাহিনীৰ লগতে জিলাখনৰ বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু এনচিচিৰ দলে অংশগ্ৰহণ কৰে । কেইবাটাও সাংস্কৃতিক দলে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত মাহমৰা সম-জিলাৰ আয়ুক্তৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
ইফালে সোণাৰিৰ ৰাজহুৱা খেলপথাৰত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে জিলা আয়ুক্ত ডাঃ নেহা যাদৱে । সোণাৰিৰ ৰাজহুৱা খেলপথাৰত কেইবাশ লোকৰ উপস্থিতিত জিলা আয়ুক্তগৰাকীয়ে পতাকা উন্মোচন কৰে । ইফালে পেৰেডত চৰাইদেউ আৰক্ষী, গৃহৰক্ষী বাহিনীৰ লগতে জিলাখনৰ বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । অনুষ্ঠানত জিলাখনৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী লোকক সম্বৰ্ধনা জনোৱা হয় ।
একেদৰে পোন প্ৰথমবাৰৰ বাবে নাহৰকটীয়া সম-জিলাত গণৰাজ্য দিৱস উদযাপন কৰা হয় । নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে নাহৰকটীয়া সম-জিলাৰ আয়ুক্ত সংঘমিত্ৰা বৰুৱাই । পতাকা উন্মোচনৰ পিছতেই সম-জিলাৰ আয়ুক্তগৰাকীয়ে পেৰেডৰ অভিবাদন গ্ৰহণ কৰে । গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় । অনুষ্ঠানত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈ, উপ-আৰক্ষী অধীক্ষক প্ৰসেনজিৎ দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
চতিয়া : জামুগুৰিহাটৰ বহাগী মেলাৰ বাকৰিত জিলা প্ৰশাসনে আয়োজন কৰা গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে নদুৱাৰ সম-জিলাৰ আয়ুক্ত ৰাজ বৰুৱাই ৷ এই কাৰ্যসুচীত অংশগ্ৰহণ কৰে বিধায়ক পদ্ম হাজৰিকা, দ্বাদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক মুন্না প্ৰসাদ গুপ্তাকে ধৰি জিলা প্ৰশাসনৰ কেইবাগৰাকী বিষয়া-কৰ্মচাৰী ৷ অসম আৰক্ষীকে কেইবাখনো শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে পেৰেডত অংশগ্ৰহণ কৰে ।
বাক্সা : বাক্সা জিলাৰ সদৰ মুছলপুৰত জিলা প্ৰশাসনৰ উদ্যোগত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় । অনুষ্ঠানত বাক্সা জিলাৰ আয়ুক্ত গৌতম দাসে পতাকা উন্মোচন কৰে । পতাকা উন্মোচন কৰি ভাষণত জিলা আয়ুক্ত দাসে অসম চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ খতিয়ান দাঙি ধৰে । অনুষ্ঠানত বাক্সা জিলাৰ বিভিন্ন বিভাগৰ তৰফৰ পৰা প্রতীকপট প্ৰদৰ্শন কৰা হয় । প্রতীকপট প্ৰদৰ্শন অনুষ্ঠানত জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ, শিক্ষা বিভাগ, মীন বিভাগ, দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লগতে বহুকেইটা বিভাগে অংশগ্ৰহণ কৰে । ইফালে পথ সুৰক্ষা, বাল্যবিবাহ ৰোধ আদিকে ধৰি বিভিন্ন ধৰণৰ প্ৰতীকপটৰ জৰিয়তে ৰাইজক সজাগ কৰাৰ চেষ্টা কৰে বিভাগসমূহে ।
ধেমাজি : ধেমাজি জিলাৰ কাছাৰী ময়দানত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে ধেমাজিৰ বিধায়ক তথা ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । পতাকা উন্মোচনৰ পিছতে তেওঁ পেৰেডৰ অভিবাদন গ্ৰহণ কৰে । তাৰ পিছতে জিলাখনৰ লগতে ৰাজ্যখনত চৰকাৰে কৰা উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰাৰ লগতে আগন্তুক দিনৰ পৰিকল্পনা সম্পৰ্কত ভাষণ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে । ভাষণত তেওঁ কয়,"মই সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰ ডাঙৰীয়লৈ শ্ৰদ্ধাঞ্জলি জনাইছো ৷ ধেমাজি জিলাখনৰ পৰা যিসকলে দেশৰ হকে আত্ম বলিদান দিলে সেইসকললৈও শ্ৰদ্ধাঞ্জলি জনাইছো ৷"
লগতে পঢ়ক :খানাপাৰাত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰি কি ক’লে ৰাজ্যপাল আচাৰ্যই - REPUBLIC DAY 2025