ETV Bharat / state

এইবাৰ সাহিত্য সভাত 'নিষ্ঠাৱান সাংবাদিক' বিতৰ্ক; অন্তিমদিনা উদুলি-মুদুলি পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰ - SAHITYA SABHA PATHSALA SESSION

আজি অন্ত পৰিল অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনৰ । বিগত চাৰিদিনৰ দিনৰ দৰে অন্তিমদিনাও বজালীৰ ভট্টদেৱ ক্ষেত্ৰত সাহিত্যানুৰাগীৰে উদুলি-মুদুলি পৰিৱেশ ।

Sahitya Sabha Pathsala session
অন্তিমদিনা উদুলি-মুদুলি পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 4, 2025, 9:12 PM IST

ভট্টদেৱ ক্ষেত্ৰ, পাঠশালা : অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ আজি পঞ্চম তথা শেষৰটো দিন । বিগত ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনৰ এই অন্তিম দিনটোত প্ৰদান কৰা হয় নিষ্ঠাৱান সংবাদকৰ্মী বঁটা । এই বঁটাত আছে এখন মানপত্ৰ, বিহুৱান, স্মৃতিগ্ৰন্থ আৰু এটা বেগ ৷

মঙলবাৰে নিষ্ঠাৱান সংবাদকৰ্মী হিচাপে ইটিভি ভাৰতৰ সাংবাদিক জীৱন গোস্বামী আৰু জাহিদুল ইছলামক অসম সাহিত্য সভাৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷

অন্তিমদিনা উদুলি-মুদুলি পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰ (ETV Bharat Assam)

আনহাতে, নিষ্ঠাৱান সাংবাদিক বঁটা ঘোষণা কৰাৰ পিছতেই তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে । সাহিত্য সভাই নিষ্ঠাৱান সাংবাদিকৰ সংজ্ঞা কেনেদৰে নিৰ্ধাৰণ কৰিলে বুলি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । লগতে নিষ্ঠাৱান সাংবাদিকৰ নিৰ্বাচন প্ৰক্ৰিয়া সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে ।

মই নিষ্ঠাৱান শব্দটোৰ লগত জড়িত নাই : উপেন্দ্ৰজিৎ শৰ্মা

সাহিত্য সভাৰ অধিবেশনৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনত সাংবাদিকক বঁটা প্ৰদান কৰাক লৈ বিতৰ্কৰ মাজত সোমাই পৰিছে অসম সাহিত্য সভা । সাংবাদিকক বঁটা প্ৰদানত নিষ্ঠাৱান শব্দ প্ৰয়োগ কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত বিতৰ্কৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অসম সাহিত্য সভাৰ বিদায়ী প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে । সংবাদ মাধ্যমৰ আগত মন্তব্য দি থকাৰ লগতে আবেগিক হৈ পৰা পৰিলক্ষিত হয় উপেন্দ্ৰজিৎ শৰ্মাক ।

কিয় আবেগিক হ’ল প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা

নিষ্ঠাৱান সাংবাদিক বঁটা প্ৰদান কৰি সাংবাদিকৰ আগতে থকা-সৰকা হ'ল প্ৰধান সম্পাদকগৰাকী । সাংবাদিকে সোধা এটা প্ৰশ্নত ক্ষোভিত হৈ পৰাও দেখিবলৈ পোৱা যায় তেওঁক । বঁটা প্ৰদানৰ তালিকাখন সকলোৱে লগ হৈ প্ৰস্তুত কৰা বুলিও তেওঁ জানিবলৈ দিয়ে ।

উল্লেখ্য যে বিগত ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি অন্তিমটো দিনত সহস্ৰাধিক লোকে ভিৰ কৰা পৰিলক্ষিত হয় ৷ সাহিত্য সভাৰ লগত জড়িত সদস্যসকলে পোন প্ৰথমবাৰৰ বাবে এগৰাকী আমন্ত্ৰিত ব্যক্তিৰ লগত জড়িত কৰিলে এগৰাকী প্ৰট'কল বিষয়াক ৷

আনহাতে, প্লাষ্টিকমুক্ত সাহিত্য সভা কৰি তোলাৰ সংকল্প লোৱাৰ কথা আখৰে আখৰে পালন কৰা দেখা যায় ৷ এইবাৰ চাৰিদিনত গ্ৰন্থমেলাই পাঁচ কোটি টকাৰ গ্ৰন্থ বিক্ৰীৰে অভিলেখ সৃষ্টি কৰিছে ৷ প্ৰতিগৰাকী সাহিত্যানুৰাগীয়ে ছেল্ফি লোৱাৰ বিপৰীতে এখনকৈ হ'লেও গ্ৰন্থ ক্ৰয় কৰা দেখা গৈছে ৷

ইয়াৰ উপৰি প্ৰথমবাৰৰ বাবে সাহিত্য সভাৰ সাংস্কৃতিক শোভাযাত্ৰাত সহস্ৰাধিক লোকৰ অংশগ্ৰহণে অভিলেখ সৃষ্টি কৰা বুলি সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে সংবাদ মাধ্যমযোগে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে ১৯৮৭ চনত প্ৰথমবাৰৰ বাবে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হৈছিল সাহিত্য সভাৰ অধিৱেশন ৷ তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদৰ্শনী উপ-সমিতিয়ে ৮৭ ফুট ব্যাসাৰ্ধৰ জাপি নিৰ্মাণ কৰি ইণ্ডিয়া বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিছে ৷

তাৰ উপৰি পাঠশাল সাহিত্য সভাত প্ৰথমবাৰৰ বাবে “বিজ্ঞান মেলা’’ অনুষ্ঠিত কৰা হৈছে ৷ এই বিজ্ঞান মেলাই ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্নজন সাহিত্যানুৰাগীক আপ্লুত কৰি তোলা পৰিলক্ষিত হৈছে ৷

ইয়াৰ লগতে বাণিজ্য মেলাৰ বিপৰীতে 'বজালী হাট'ত বজালী অঞ্চলৰ বিভিন্ন খাদ্যসম্ভাৰ, বজালীত প্ৰস্তুত কৰা সামগ্ৰী উপলব্ধ হৈছে ৷ আটাইতকৈ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চক্ৰবেহু ৷ ইয়াত কণ কণ ল'ৰা-ছোৱালীৰ লগতে জ্যেষ্ঠ ব্যক্তিয়েও আমোদ লোৱা পৰিলক্ষিত হয় ৷ বিশেষকৈ সাহিত্য সভাৰ অধিৱেশনত এইবাৰ বিভিন্ন জাতি-জনগোষ্ঠীক একগোট কৰি জনগোষ্ঠীয় গাঁও উপস্থাপন কৰিছে ৷

লগতে পঢ়ক :ই টিভি ভাৰতৰ দুই সাংবাদিকলৈ অসম সাহিত্য সভাৰ 'নিষ্ঠাবান সাংবাদিকতা বঁটা' - ASAM SAHITYA SABHA AWARD
লগতে পঢ়ক :অসম সাহিত্য সভাৰ বঁটা বিতৰ্ক : শিশু গ্ৰন্থ নোহোৱাকৈয়ে শিশু উপযোগী গ্ৰন্থৰ বঁটা ! - SAHITYA SABHA AWARD CONTROVERSY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.