ETV Bharat / state

চাহ বাগিচাৰ চাকৰিৰ পৰা অব্য়াহতি লৈ মৃণ্ময় মূৰ্তি নিৰ্মাণত ব‍্যস্ত এগৰাকী শিল্পী - SILPI PENSION 2025

ঔদ‍্যোগিক প্ৰশিক্ষণপ্ৰাপ্ত ইলেক্ট্ৰিচিয়ানৰ চাকৰি এৰি নিয়োজিত হৈছিল সৃষ্টিশীল কৰ্মত ৷ পাঁচ দশক মৃণ্ময় শিল্পত ব্য়স্ত থকা এগৰাকী শিল্পীয়ে অৱশেষত লাভ কৰিলে চৰকাৰী স্বীকৃতি ।

Potter Dhiren Borthakur
শিল্পী পেন্সন লাভ কৰা মৃণ্ময় শিল্পী ধীৰেন বৰঠাকুৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 26, 2025, 5:06 PM IST

কলিয়াবৰ: শিল্পীয়ে সদায় মুক্তভাৱে সৃষ্টিশীল কৰ্মত ব্য়স্ত থাকিয়েই আনন্দ লাভ কৰে । সেয়েহে তেওঁলোকে কোনো নিৰ্দিষ্ট পৰিধিৰ মাজত আৱদ্ধ থকাৰ পৰিৱৰ্তে মুকলি মনেৰে কৰ্মত ব্য়স্ত হয় । সৃষ্টিশীল কৰ্মৰ বাবেই এদিন চাহ বাগিচাৰ চাকৰি ইস্তফা দি মৃণ্ময় মূৰ্তি নিৰ্মাণত ব‍্যস্ত হৈ পৰিছিল এগৰাকী শিল্পী । বিগত পাঁচ দশক ধৰি মৃণ্ময় শিল্পত ব্য়স্ত থকা এইগৰাকী শিল্পীয়ে অৱশেষত লাভ কৰিলে স্বীকৃতি ।

ঔদ‍্যোগিক প্ৰশিক্ষণপ্ৰাপ্ত ইলেক্ট্ৰিচিয়ান ৰূপে প্ৰথমতে এখন চাহ বাগিচাত কাম কৰিছিল ধীৰেন বৰঠাকুৰ নামৰ মৃণ্ময় শিল্পীগৰাকীয়ে । কিন্তু সৃষ্টিশীল মনৰ অধিকাৰী শিল্পীগৰাকীয়ে চাকৰি জীৱনৰ সমাপ্তিলৈ ৰৈ নাথাকি আনুষ্ঠানিক কৰ্মৰ পৰা অব‍্যাহতি লৈ মৃণ্ময় মূৰ্তি নিৰ্মাণত ব‍্যস্ত হয় । সেই যাত্ৰাই আজি পূৰ্ণতা লাভ কৰিলে ।

শিল্পী পেন্সন লাভ কৰা মৃণ্ময় শিল্পী ধীৰেন বৰঠাকুৰ (ETV Bharat Assam)

১৯৯৩ চনৰ পৰাই মূৰ্তি নিৰ্মাণ কৰি নিচাক পেচালৈ ৰূপান্তৰিত কৰি সমাজ জীৱনলৈ অৱদান আগবঢ়াই আহিছে শিল্পীগৰাকীয়ে । তেওঁ এইবৰ্ষত লাভ কৰিলে শিল্পী পেন্সন । এই সন্মান লাভ কৰাৰ বিশেষ দিনটোতো সৰস্বতী প্ৰতিমা নিৰ্মাণ কৰাত ব্যস্ত হৈ থকা ধীৰেণ বৰঠাকুৰৰ মুখত বিৰিঙিছে প্ৰাপ্তিৰ হাঁহি । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, "ইয়াৰ আগতেও মই শিল্পীৰ বাবে অসম চৰকাৰে আগবঢ়োৱা এককালীন সাহয্য লাভ কৰিছিলো । আঠটা বছৰ অপেক্ষাৰ অন্তত এই পেঞ্চন লাভ কৰি যথেষ্ট সুখী অনুভৱ কৰিছো । এতিয়া দায়িত্ব বাঢ়িল । বাকী দিন সমূহো দেহাই টনালৈকে এনেদৰে শৈল্পিক কৰ্মত নিয়োজিত হৈ থাকিবলৈ চেষ্টা কৰিম ।"

এতিয়া সৰস্বতী পূজাৰ বাবে প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে ধীৰেন বৰঠাকুৰ । অৱশ্যে সহায়কৰ অভাৱৰ বাবে সকলো কাম নিজেই কৰিব লগা হোৱাত সমস্যাৰ সন্মুখীন হৈছে শিল্পীগৰাকী । উল্লেখ্য় যে ধীৰেন বৰঠাকুৰক এনে শৈল্পিক কৰ্মত উদগনি যোগাবলৈ অসম চৰকাৰে ৫০ হাজাৰ টকাৰ এককালীন সাহাৰ্য আগবঢ়াইছিল । জীৱনৰ ৬৮ টা বসন্ত অতিক্ৰম কৰাৰ পিচতো মৃণ্ময় শিল্পটোকে জীয়াই ৰখাৰ বাবে শিল্পীগৰাকীয়ে চেষ্টা অব্য়াহত ৰাখিছে ।

Potter Dhiren Borthakur
মৃণ্ময় শিল্পী ধীৰেন বৰঠাকুৰ (ETV Bharat Assam)

বয়স বাঢ়ি অহাৰ লগে-লগে শাৰীৰিক-মানসিকভাৱে কিছু জটিলতা আহি পৰাত ৰাজ‍্য চৰকাৰৰ পৰা আগবঢ়োৱা শিল্পী পেঞ্চনটো লাভ কৰি এক নিৰ্ভয় জীৱন-যাপন কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে শিল্পীগৰাকীয়ে । শিল্পী পেঞ্চন লাভ কৰি উৎফুল্লিত চহা শিল্পীগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰিলে ৰাজ্য চৰকাৰক ।

লগতে পঢ়ক: 2023-24 বৰ্ষৰ শিল্পী সন্মান ঘোষণা: 62 গৰাকীলৈ শিল্পী পেন্সন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.