ETV Bharat / state

দেশে ত্ৰিৰংগ পতাকা উৰুৱাই আনন্দত ব্যস্ত হৈ থাকোতেই ঘটি গ'ল ঘটনাটো - LACK OF DEVELOPMENT IN MAJULI

গণৰাজ্য দিৱসত ব্যস্ত মন্ত্ৰী-বিধায়ক আৰু চাইকেলত পৰিয়ালৰ সদস্যৰ মৃতদেহ লৈ ঘৰলৈ যাত্ৰা সাধাৰণ জনতাৰ ।

Lack of development in Majuli
চাইকেলেৰে মৃতদেহ লৈ আহিল আত্মীয় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 27, 2025, 10:24 AM IST

মাজুলী : সমগ্ৰ দেশ তেতিয়া উলহ-মালহেৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনত ব্যস্ত হৈ আছিল । দেওবাৰৰ দিনটোত মন্ত্ৰী, বিধায়ক তথা চৰকাৰী বিষয়াসকলৰো গণৰাজ্য দিৱস উপলক্ষে আহৰি নাছিল । সকলো ভীষণ ব্যস্ত আছিল গণৰাজ্য দিৱসৰ পতাকা উৰুৱাই সাফল্য আৰু বিকাশৰ খতিয়ান দিয়াত ৷ সেই সময়তে ঘটি গ'ল ঘটনাটো ৷ পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীত দেখা গ'ল এজন লোকে চাইকেলত কঢ়িয়াই আনিছে পৰিয়ালৰ এগৰাকী সদস্যৰ মৃতদেহ । যি দৃশ্যই সকলোকে ভাবুক কৰি তুলিলে । গণৰাজ্য দিৱসৰ দিনটোতে মাজুলীত দেখা গ'ল এনে হৃদয়বিদাৰক দৃশ্য ।

চাইকেলেৰে কিয় নিবলগীয়া হ'ল মৃতদেহ

স্বাধীনতাৰ ৭৮ বছৰ পিছতো মাজুলীৰ এই অৱস্থা (ETV Bharat Assam)

মাজুলীৰ লুইতৰ ওপৰত থকা লুইত খাবলু দলঙৰ দুৰৱস্থাৰ বাবেই লোকজনে চাইকেলত বান্ধি নিব লগা হ'ল মৃতদেহ । লুইত খাবলু নগৰ গাঁৱৰ জীৱন দাস নামৰ এজন লোকৰ মৃত্যু হৈছিল । কিন্তু তেওঁৰ ঘৰলৈ যোৱা খাবলু দলঙৰ দুৰৱস্থাৰ বাবে কোনো বাহন যাব নোৱাৰে । যাৰ বাবে তেওঁৰ পৰিয়ালৰ লোকে চাইকেলত বান্ধিয়ে মৃতদেহটো ঘৰলৈ লৈ গ'ল । লক্ষণীয়ভাৱে লুইত খাবলুবাসীৰ সুবিধা হোৱাকৈ পকী দলঙৰ কাম চলি আছে যদিও প্ৰায় দুটা বছৰে সম্পূৰ্ণ হোৱা নাই পকী দলংখনৰ কাম । অতি লেহেমীয়াকৈ দলঙৰ নিৰ্মাণকাৰ্য চলি থকাত এতিয়া সমস্যাত পৰিছে অঞ্চলটোৰ লোকসকল ।

লুইত খাবলুবাসীৰ দুৰ্দশা

যি সময়ত চৰকাৰে উন্নয়নৰ ঢাক-ঢোল বজাই আছে সেই সময়ত এখন দলঙৰ বাবে এনেদৰে মৃতদেহ চাইকেলত বান্ধি লৈ যাবলগীয়া হোৱাটো অতি দুৰ্ভাগ্যজনক । অথচ এইখন ঠাইৰ পৰাই বিধায়ক হৈ প্ৰথমে মুখ্যমন্ত্ৰীৰ চকীত আৰু এতিয়া কেন্দ্ৰীয় মন্ত্ৰীৰ আসনত বহিছে সৰ্বানন্দ সোণোৱালৰ দৰে দিগ্গজ নেতা । প্ৰতিবাৰে নিৰ্বাচনৰ প্ৰাকক্ষণত দেশৰ বিশিষ্ট নেতাসকলৰো দৃষ্টি এই মাজুলীতে নিবদ্ধ হৈ থাকে । কিন্তু মাজুলীৰ সাধাৰণ লোকৰ আজি এই অৱস্থা ।

লুইত খাবলুৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয়, "আজি দলঙৰ এনে অৱস্থাৰ বাবে এনেদৰে মৃতদেহ চাইকেলত বান্ধি আনিব লগা হৈছে । যদি এবছৰৰ ভিতৰত পকী দলঙৰ কাম সম্পূৰ্ণ নহয় তেনেহ'লে আহি থকা দিনত ভোট বৰ্জনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিম । দলং নিৰ্মাণ কৰি থকা প্ৰতিষ্ঠানে গাফিলতি কৰি আছে যাৰ বাবে দলঙৰ কাম সম্পূৰ্ণ হোৱা নাই । গতিকে অতি সোনকালে এই বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিব লাগে ।" আচলতে মাজুলীবাসীয়েহে এই দুৰ্দশা হয়তো বুজিব পাৰিব । কিন্তু তেওঁলোকৰ এই সমস্যাবোৰৰ অন্ত পৰিবনে ? সেয়া এক ডাঙৰ প্ৰশ্ন ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিবলগীয়া স্থানৰ কাষতে ওলাল মৃতদেহ - BODY RECOVERED IN DIBRUGARH

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.