ETV Bharat / entertainment

যুৱ পৰিচালক তনুজ নাথৰ পৰিচালনাত তপন দাস এইবাৰ অশ্বত্থামা ৰূপত - WEB SERIES ASHWATTHAMA TANUJ NATH

শীঘ্ৰেই আহি আছে এখন নতুন ৱেব ছিৰিজ, নাম "অশ্বত্থামা হত । ইতি গজ ৷" ছিৰিজখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা তপন দাসে ।

actor tapan das to play lead role in tanuj nath directorial crime thriller web series Ashwatthama
এখন নতুন ৱেব ছিৰিজ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Jan 27, 2025, 8:32 PM IST

গুৱাহাটী : শীঘ্ৰেই আহি আছে ‘অশ্বত্থামা হত । ইতি গজ ৷’ নামৰ এখন নতুন ৱেব ছিৰিজ ৷ নামটোৰ দৰেই এক ব্যতিক্ৰমী বিষয়বস্তুৰে নিৰ্মাণ কৰা হৈছে এই নতুন ৱেব ছিৰিজখন ৷ পৰিচালনা কৰিছে যুৱ পৰিচালক তনুজ নাথে । কুহেলী দাসগুপ্তা আৰু সুমিত দাসগুপ্তাৰ প্ৰযোজনাৰে নিৰ্মাণ কৰা এই নতুন ৱেব ছিৰিজখনৰ চিত্ৰনাট্যৰ দায়িত্বত আছে প্ৰণৱ বৰুৱা আৰু উদয় পাটৰ । পাপ আৰু পূণ্যৰ মাজৰ পৃথিৱীখনত মনুষ্যত্ব লাভ কৰা জীৱবোৰে জীৱন কেনেদৰে অতিবাহিত কৰে তাক লৈ ছিৰিজখন নিৰ্মাণ কৰিছে তনুজ নাথে ৷ ‘অশ্বত্থামা হত । ইতি গজ ৷’ ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট অভিনেতা তপন দাসে ।

আহিবলগীয়া এই নতুন ৱেব ছিৰিজখনৰ সন্দৰ্ভত মন্তব্য কৰি ৱেব ছিৰিজখনৰ পৰিচালক তনুজ নাথে কয়, "অশ্বত্থামা বুলি ক’লে আমি মহাভাৰতৰ অশ্বত্থামাক সকলোৱে জানো । আমাৰ ছিৰিজখনৰ কাহিনীটো আচলতে মহাভাৰতৰ অশ্বত্থামাৰ কাহিনীটো নহয় । আমাৰ এই ৱেব ছিৰিজখনৰ কাহিনীটোত বিশিষ্ট অভিনেতা তপন দাসক লৈ বৰ্তমান যুগত যদি এখন গাঁৱত অশ্বত্থামা থাকিলেহেঁতেন তেন্তে কি ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'লহেঁতেন এনে এক কাহিনীৰ আধাৰত এই ৱেব ছিৰিজখন নিৰ্মাণ কৰা হৈছে । বহুত প্ৰত্যাহ্বানমূলক এটা কাহিনী । এক কথাত ক’বলৈ গ'লে ‘অশ্বত্থামা হত। ইতি গজ ৷’ এক ক্ৰাইম থ্ৰীলাৰযুক্ত ৱেব ছিৰিজ ।"

পৰিচালকৰ ভাষ্য (ETV Bharat Assam)

৮ টা খণ্ডৰে আহিবলগীয়া এই ৱেব ছিৰিজখনৰ শ্বুটিং কৰা হৈছিল গুৱাহাটীৰ লগতে মেঘালয়, চানডুবি আদি অঞ্চলত । অটিটি প্লেটফৰ্ম ৰীল ড্ৰামাত মুক্তিপাবলগীয়া এই ৱেব ছিৰিজখনত তপন দাসৰ লগতে অভিনয় কৰিছে হিমাংশু প্ৰসাদ দাস, জিন্টু কুমাৰ কাশ্যপ, ৰূপচন্দ্ৰা শৰ্মা, সীমা বিশ্বাস, বনদীপ শৰ্মাকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

actor tapan das to play lead role in tanuj nath directorial crime thriller web series Ashwatthama
এখন নতুন ৱেব ছিৰিজ (Photo : ETV Bharat Assam)

তনুজ নাথৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া ছবি "মেড ইন নলবাৰী"ৰে দৰ্শকক আমোদ দিয়াৰ পাছত এতিয়া এই ৱেব ছিৰিজখনৰ জৰিয়তে দৰ্শকক তেওঁ কেনেদৰে ৰোমাঞ্চিত কৰিব তাৰবাবে অপেক্ষাৰত দৰ্শকসকল ৷

লগতে পঢ়ক : ক্ৰীছ মাৰ্টিনৰ কন্ঠত ‘বন্দে মাতৰম’-‘মা তুঝে ছালাম’ : মোহাচ্ছন্ন সমগ্ৰ আহমেদাবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.