হায়দৰাবাদ: উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহা কুম্ভমেলা 2025 ৷ নাছাৰ মহাকাশচাৰী ডন পেটিটে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা বন্দী হোৱা 2025 চনৰ মহা কুম্ভৰ ছবি শ্বেয়াৰ কৰিছে । এতিয়ালৈকে 10 কোটিতকৈ অধিক লোকে অংশগ্ৰহণ কৰা এইটোৱেই হৈছে বিশ্বৰ সৰ্ববৃহৎ গণসমাৱেশ ৷ এমাহৰ ভিতৰত উৎসৱ শেষ হোৱাৰ পূৰ্বে, 2025 বৰ্ষৰ মহা শিৱৰাত্ৰিত 45 কোটিৰো অধিক লোক এই স্থানলৈ আহিব বুলি আশা কৰা হৈছে । বৃহৎ সংখ্যক দৰ্শনাৰ্থীৰ আগমনক বহনক্ষমভাৱে চম্ভালিব পৰাকৈ আন্তঃগাঁথনি উন্নয়ন আৰু অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োগেৰে ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত এই উৎসৱৰ পৰিকল্পনা কৰা হৈছে । এআই চালিত কেমেৰা আৰু নিৰীক্ষণকাৰী ড্ৰোন ব্যৱহাৰ কৰা হৈছে সমগ্ৰ উৎসৱস্থলী পৰ্যবেক্ষণৰ বাবে ।
মহাকাশচাৰী ডন পেটিটে নিয়মিতভাৱে আই এছ এছৰ পৰা বন্দী কৰা ছবিসমূহ X ত পোষ্ট কৰে, য’ত মাটিৰ পৰা পাৰ হৈ যোৱা চহৰসমূহৰ কক্ষপথৰ দৃশ্য, ধুমকেতু, বতৰৰ পৰিঘটনা, জ্যোতিৰ্বিজ্ঞানৰ কৌতুহল আৰু মাইক্ৰ’গ্ৰেভিটি পৰিৱেশত বস্তুৰ অপ্ৰত্যাশিত আচৰণ আদি কেমেৰাত ধৰি ৰখা হৈছে । 2024 চনৰ 11 ছেপ্টেম্বৰত ছয়ুজ MS -26 অভিযানত পেটিটে ৰাছিয়াৰ মহাকাশচাৰী এলেক্সি অভচিনিন আৰু ইভান ভেগনাৰৰ সৈতে কক্ষপথত উপস্থিত হয় । পেটিটে ক্ৰু ঘূৰ্ণনৰ অংশ হিচাপে পৃথিৱীৰ কক্ষপথত ছমাহ কটাব, বিজ্ঞান পৰীক্ষা আৰু মহাকাশ কেন্দ্ৰটোলৈ উন্নীতকৰণ কৰিব আৰু বৰ্তমান তেওঁ এক্সপেডিচন 72ৰ ক্ৰুৰ সদস্য ।
2025 Maha Kumbh Mela Ganges River pilgrimage from the ISS at night. The largest human gathering in the world is well lit. pic.twitter.com/l9YD6o0Llo
— Don Pettit (@astro_Pettit) January 26, 2025
মহাকাশ ভ্ৰমণৰ বাবে প্ৰস্তুতি চলাইছে নাছাৰ মহাকাশচাৰীসকলে
মহাকাশ কেন্দ্ৰৰ অধিনায়ক সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম’ৰ মহাকাশ ভ্ৰমণৰ বাবে সাজু হৈছে । সুনীতা উইলিয়ামছে মহাকাশ ভ্ৰমণৰ বাবে লিথিয়াম বেটাৰী চাৰ্জ আপ কৰিছে, মহাকাশচাৰীসকলক শীতল কৰি ৰাখিবলৈ পানী চাইকেল চলোৱা ব্যৱস্থাটো ফিল্টাৰ কৰি ঠাণ্ডা কৰিছে আৰু হেলমেট কেম, লাইট আৰু গ্লভছ হিটাৰকে ধৰি বাহনৰ বাহিৰৰ কাৰ্যকলাপৰ বাবে প্ৰয়োজনীয় সঁজুলিৰ কাৰ্যক্ষমতা পৰীক্ষা কৰিছে । উইলিয়ামছ আৰু উইলম’ৰ মহাকাশ কেন্দ্ৰটোৰ বাহিৰৰ অংশত পৰিকল্পিত ৰক্ষণাবেক্ষণৰ কাৰ্যকলাপ চলাবলৈ চাৰে ছয় ঘণ্টাৰ মহাকাশ ভ্ৰমণ কৰাৰ কথা আছে । 30 জানুৱাৰীত হ’ব এই মহাকাশ যাত্ৰা ।