ETV Bharat / bharat

মোৰ দেহত ভাৰতৰ ডি এন এ আছে: ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি - PRESIDENT SUBIANTO

ভাৰতৰ গণৰাজ্য় দিৱসৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিয়ে ভাৰত সম্পৰ্কে কি ক'লে ?

President Subianto
মোৰ দেহত ভাৰতৰ ডিএনএ আছে:ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি (ANI)
author img

By ANI

Published : Jan 27, 2025, 11:50 AM IST

নতুন দিল্লী : গণৰাজ্য দিৱসৰ বিশিষ্ট অতিথিসকলৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আহ্বানত বিশেষ অভ্যৰ্থনাৰ আয়োজন কৰা হয় । য'ত উপস্থিত থাকে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱ ছুবিয়ানটো । এই অভ্যৰ্থনা অনুষ্ঠানত ৰাষ্ট্ৰপতি প্ৰবোৱ ছুবিয়ানটোৱে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কৰ বিষয়ে অৱগত কৰে আৰু ইণ্ডোনেছিয়াৰ সংস্কৃতি, ভাষা আৰু ডি এন এৰ ওপৰত প্ৰাচীন ভাৰতীয় সভ্যতাৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

মোৰ গাত ভাৰতীয় ডি এন এ আছে: ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ

ৰাষ্ট্ৰপতি ছুবিয়ানটোৱে ইণ্ডোনেছিয়াৰ ভাষা আৰু জেনেটিক্স চিকুৱেঞ্চিং পৰীক্ষাৰ ওপৰত ভাৰতীয় প্ৰভাৱৰ ওপৰত আলোকপাত কৰে । তেওঁ কয়, "কেইসপ্তাহমান পূৰ্বে মোৰ জেনেটিক্স চিকুৱেঞ্চিং পৰীক্ষা আৰু ডি এন এ পৰীক্ষা কৰা হৈছিল আৰু তেওঁলোকে মোক কৈছিল যে মোৰ গাত ভাৰতীয় ডি এন এ আছে । সকলোৱে জানে যেতিয়া মই ভাৰতীয় সংগীত শুনো নাচিবলৈ আৰম্ভ কৰো ।" দাৰিদ্ৰতা নিৰ্মূল কৰা আৰু উপেক্ষিত লোকসকলক সহায় কৰাৰ প্ৰতিশ্ৰুতিৰ বাবে ৰাষ্ট্ৰপতি ছুবিয়ানটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ প্ৰশংসা কৰে আৰু নিশ্চিত কৰে যে তেওঁ নিজেই কেইদিনমানৰ ভিতৰতে তেওঁৰ পৰা বহু কথা শিকিছে ।

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিয়ে কয় যে তেওঁ ভাৰতত উপস্থিত হৈ গৌৰৱান্বিত আৰু আগন্তুক বছৰবোৰত ভাৰতৰ জনসাধাৰণৰ বাবে সমৃদ্ধি, শান্তি আৰু মহানতা কামনা কৰিছে । ছুবিয়ানটোৱে কয়,"মই ইয়াত (ভাৰতত) উপস্থিত হৈ অত্যন্ত গৌৰৱান্বিত...মই এজন পেছাদাৰী ৰাজনীতিবিদ নহয়, মই এজন ভাল কূটনীতিবিদো নহয়, মই মোৰ হৃদয়ত কি আছে সেয়া কও । মই কেইদিনমানৰ বাবে ইয়ালৈ আহিছিলো কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্ব আৰু প্ৰতিশ্ৰুতিৰ পৰা বহুত শিকিছো... দাৰিদ্ৰতা নিৰ্মূল কৰা, অসহায় লোকক সহায় কৰা আৰু আপোনাৰ সমাজৰ আটাইতকৈ দুৰ্বল অংশক সহায় কৰাৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি আমাৰ বাবে এক অনুপ্ৰেৰণা ।"

তেওঁ লগতে কয়,"মই অনাগত বছৰবোৰত ভাৰতৰ জনসাধাৰণৰ সমৃদ্ধি, শান্তি আৰু মহানতা কামনা কৰিছো । মই ইণ্ডোনেছিয়া আৰু ভাৰতক ঘনিষ্ঠ অংশীদাৰ আৰু বন্ধু হৈ থকাটো চাব বিচাৰো ।"

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ৰাষ্ট্ৰপতি ছুবিয়ানটোৱে ২৩ জানুৱাৰীত ভাৰতত উপস্থিত হয় । তেওঁ মুখ্য অতিথি হিচাপে ৭৬ সংখ্যক গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰে । তেওঁৰ সৈতে কেইবাজনো মন্ত্ৰীৰ লগতে ইণ্ডোনেছিয়া চৰকাৰৰ জ্যেষ্ঠ বিষয়া আৰু এটা ব্যৱসায়িক প্ৰতিনিধি দলকে ধৰি এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল উপস্থিত থাকে ।

লগতে পঢ়ক :গণৰাজ্য দিৱসৰ বিশিষ্ট ব্যক্তিসকলৰ বাবে ‘ঘৰতে’ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন ৰাষ্ট্ৰপতি মুৰ্মুৰ - REPUBLIC DAY 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.