শিৱসাগৰ : শিৱসাগৰত সোমবাৰৰ পৰা আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা । ঐতিহাসিক তলাতল ঘৰ প্ৰাংগন চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই সাধাৰণ সভাতে সদৌ অসম ছাত্র সন্থাৰ পৰৱৰ্তী সাধাৰণ সম্পাদক নিৰ্বাচন কৰা হ'ব । সোমবাৰে সমন্বয় ক্ষেত্ৰ মুকলি কৰাৰ পাছতে পতাকা উত্তোলন, ছহিদ তৰ্পণ কাৰ্যসূচী সম্পন্ন হয় ।
সাংস্কৃতিক অভিবাদন মুকলি কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । দিনৰ ভাগত সদৌ অসম ভিত্তিত কুইজ আৰু বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । ইয়াৰ লগতে সোমবাৰে অনুষ্ঠিত হ'বলগীয়া মুখ্য কাৰ্যসূচী হৈছে প্ৰতিনিধি সভা । দুপৰীয়াৰ পৰা অনুষ্ঠিত হ'বলগীয়া প্ৰতিনিধি সভাত নিৰ্বাচন কৰা হ'ব সদৌ অসম ছাত্র সন্থাৰ এগৰাকী নতুন সাধাৰণ সম্পাদকক ।
নিৰ্বাচন কৰা হ'ব আছুৰ সাধাৰণ সম্পাদক
উল্লেখ্য যে শংকৰজ্যোতি বৰুৱাৰ পদত্যাগৰ পাছতে আছুৰ সাধাৰণ সম্পাদকৰ পদটো খালী হৈছিল আৰু সম্প্ৰতি চৰ্জুন হাঞ্চে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰূপে অধিষ্ঠিত হৈ আছে ৷ আজিৰ এই সাধাৰণ সভাতে উক্ত পদটো পূৰণ কৰা হ'ব । সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সম্পাদক, কাৰ্যনিৰ্বাহক সদস্য তথা কিছুদিন পূৰ্বে পুনৰ সহকাৰী সাধাৰণ সম্পাদকৰূপে স্থান নিশ্চিত কৰা শিৱসাগৰৰ আছু নেতা সমীৰণ ফুকন আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদক হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । আনহাতে সোমবাৰে সন্ধিয়া কণ্ঠশিল্পী মানস ৰবীন, আচুৰ্য বৰপাত্ৰ, দীপলিনা ডেকাই এই অনুষ্ঠানত গীত পৰিৱেশন কৰিব ।
একেদৰে ২৮ জানুৱাৰীত অনুষ্ঠিত হ'ব সাংস্কৃতিক শোভাযাত্ৰা । লগতে স্মৃতিগ্ৰন্থ উন্মোচন আৰু সদৌ অসম ভিত্তিত কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । সন্ধিয়া জুবিন গাৰ্গে সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব । দুয়োদিনৰে অনুষ্ঠানত আছুৰ শীৰ্ষ নেতৃত্ব উপস্থিত থাকিব ।
লগতে পঢ়ক :ম্যানমাৰ-থাইলেণ্ডৰ প্ৰতিনিধিৰ মাজত হাতত হেংদাং লৈ মুখ্যমন্ত্ৰী - INTERNATIONAL TAI YOUTH FESTIVAL