ETV Bharat / state

ম্যানমাৰ-থাইলেণ্ডৰ প্ৰতিনিধিৰ মাজত হাতত হেংদাং লৈ মুখ্যমন্ত্ৰী - INTERNATIONAL TAI YOUTH FESTIVAL

টেঙাখাতত তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ আৰু প্ৰথম আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱ ।

1st International Tai Youth Festival
প্ৰথম আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 27, 2025, 8:35 AM IST

ডিব্ৰুগড় : টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ আৰু প্ৰথম আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱ ২০২৫ৰ কাৰ্যসূচীত দেওবাৰে উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । তিনিদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়ত থকা মুখ্যমন্ত্ৰীয়ে দেওবাৰে সন্ধিয়া টেঙাখাতত অনুষ্ঠিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে । মুখ্যমন্ত্ৰীক উদ্যোক্তাসকলে উষ্ম আদৰণি জনায় ।

টাই জনগোষ্ঠীক প্ৰশংসা মুখ্যমন্ত্ৰীৰ

প্ৰথম আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ (ETV Bharat Assam)

অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে কয়,"তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ আৰু প্ৰথম আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ পাই নিজকে সৌভাগ্যবান বুলি অনুভৱ কৰিছো । টাই আহোম জনগোষ্ঠীয়ে বৃহৎ অসমীয়া জাতি গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ।" মুখ্যমন্ত্ৰীয়ে টাই আহোম জনগোষ্ঠী মূলৰ শ্যাম গাঁৱত এটা নিশা কটোৱাৰ অভিজ্ঞতাৰ কথাও উল্লেখ কৰে । টাই জনগোষ্ঠীৰ পৰম্পৰা আৰু ৰীতি-নীতি আজি সমগ্ৰ অসমতে বিৰাজমান হৈ আছে বুলিও কয় মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীয়ে লগতে কয়, "বিগত বছৰবোৰত আমাৰ চৰকাৰে টাই আহোমসকলৰ বৰ্ণিল ইতিহাস আৰু সাংস্কৃতিক পৰম্পৰাক জগতসভালৈ লৈ যোৱাৰ বাবে চেষ্টা কৰিছে । চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত প্ৰদানে টাই আহোম জনগোষ্ঠীটোক জগতসভালৈ লৈ যোৱাত মহান বৰঙণি আগবঢ়ালে ।"

মুখ্যমন্ত্ৰীয়ে ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন কৰিবলৈ লোৱাৰ কথাও উল্লেখ কৰে । মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত কয়, "টেঙাখাতত অনুষ্ঠিত তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ আৰু প্ৰথম আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছো । আজিৰ দিনটোত টাই জনগোষ্ঠীৰ লোকসকলে অসমীয়া জাতিলৈ আগবঢ়োৱা মহান বৰঙণিৰ কথা কৃতজ্ঞতাৰে সোঁৱৰণ কৰিছো ।" এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বড়া, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক তেৰচ গোৱালাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি ।

প্ৰথম আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱ

উল্লেখ্য যে দেশী-বিদেশী পৰ্যটকৰ উপস্থিতিত ডিব্ৰুগড়ৰ টেঙাখাতত অনুষ্ঠিত হৈছে তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ আৰু প্ৰথম আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱ ২০২৫ । টাই ভাষা-সংস্কৃতি জীয়াই ৰখাৰ উদ্দেশ্যে ডিব্ৰুগড়ৰ টেঙাখাতৰ লাঙী গদাপানী ক্ষেত্ৰত যোৱা ২১ জানুৱাৰীৰ পৰা ৭ দিনীয়াকৈ অনুষ্ঠিত হৈছে এই মহোৎসৱৰ । 'United Tai Ethnic Socio-Cultural Organization'ৰ উদ্যোগত অনুষ্ঠিত এই মহোৎসৱৰ কাৰ্যসূচীত দেশ-বিদেশৰ টাইমূলৰ পৰ্যটকে অংশগ্ৰহণ কৰাৰ লগতে নিজৰ সংস্কৃতি প্ৰদৰ্শন কৰে । এই অনুষ্ঠানৰ জৰিয়তে বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয়ৰ ধাৰা শক্তিশালী কৰাৰ চেষ্টাও চলোৱা হয় ।

তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ আৰু প্ৰথম আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱৰ বিভিন্ন কাৰ্যসূচীত ম্যানমাৰ, থাইলেণ্ডৰ পৰা অহা অতিথিৰ লগতে অৰুণাচলৰ পৰা অহা টাই খামতি, টাই খামিয়াং, টাই তুৰুং, টাই ফাকে আদি জাতিৰ লোকেও‌ অংশগ্ৰহণ কৰি সম্প্ৰীতিৰ বাৰ্তা প্ৰদান কৰিছে । ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰি উদ্যোক্তাসকলৰ এই প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে অসমীয়া জাতি গঠনত টাই জনগোষ্ঠীৰ অৱদানৰ কথা উল্লেখ কৰে ।

লগতে পঢ়ক :গণৰাজ্য দিৱসৰ দিনাই চাৰিখনকৈ উৰণ সেতুৰ আধাৰশিলা স্থাপন মুখ্য়মন্ত্ৰীৰ - FLYOVERS FOUNDATION STONE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.