ETV Bharat / international

পাকিস্তানত বৃদ্ধি অনাৰ কিলিঙৰ ঘটনা; তিনি দিনত নিহত ৮ - PAKISTAN HONOUR KILLING

প্ৰতিবছৰে অনাৰ কিলিঙৰ ফলত পাকিস্তানৰ শ শ মহিলাৰ মৃত্যু হয় ৷ বিগত তিনিটা দিনত নিহত ৮ হৈছে ৷

akistan honour killing
পাকিস্তানত বৃদ্ধি 'অনাৰ কিলিং'ৰ ঘটনা; তিনি দিনত নিহত ৮ (ANI)
author img

By ANI

Published : Jan 25, 2025, 8:40 AM IST

সিন্ধ, পাকিস্তান : পাকিস্তানত বৃদ্ধি পাইছে এক প্ৰাচীন পৰম্পৰা ‘‘কৰো কাৰি’’ বা ‘‘অনাৰ কিলিঙ’’ৰ ঘটনা । শেহতীয়াভাৱে এই ঘটনাত সিন্ধ প্ৰদেশৰ চাৰিখন জিলাত তিনি দিনৰ ব্যৱধানত পাঁচগৰাকী মহিলাসহ আৰু আঠজন লোক নিহত হৈছে । দেশখনৰ আগশাৰীৰ সংবাদ মাধ্যম জিঅ' নিউজত এই কথা প্ৰকাশ ।

তেনে এক ঘটনাত ঘোটকী জিলাৰ অ'বাৰোৰ ওচৰৰ কাবিল চাচাৰ গাঁৱত ভৌৰেল চাচাৰ নামৰ এজন অভিযুক্তই তেওঁৰ বোৱাৰী ৰেজিয়া আৰু তেওঁৰ তথাকথিত প্ৰেমিক মজিদ চাচাৰক গুলীয়াই হত্যা কৰে ।

ইফালে হত্যাকাৰীয়ে হত্যাৰ বাবে ব্যৱহাৰ কৰা অস্ত্ৰসহিতে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰি নিজৰ অপৰাধ স্বীকাৰ কৰে । নিজৰ স্বীকাৰোক্তিত তেওঁ কয় যে এজন অজ্ঞাত ব্যক্তিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ দৰে স্থিতিত তেওঁ বোৱাৰীয়েক আৰু ব্যক্তিজনক গুলীয়াই হত্যা কৰে । এ আৰ আই নিউজৰ বাতৰিত প্ৰকাশ ।

আনহাতে, আৰক্ষীয়ে পৰৱৰ্তী কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে মৃতদেহ দুটা স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইফালে জিঅ' নিউজৰ বাতৰি অনুসৰি, বুংগুল ডেৰো, লাৰকানাৰ পৰা পোহৰলৈ অহা আন এক ঘটনাত এজন ব্যক্তিয়ে ৰিয়াজ ব্ৰোহী নামৰ এজন যুৱকক গুলীয়াই হত্যা কৰে । কেৱল সেয়াই নহয়, হত্যাকাৰীয়ে পলায়নৰ পূৰ্বে লাৰকানাৰ নাজাৰ মহল্লাত ব্যক্তিজনৰ পত্নী চামিনা ব্ৰোহীকো হত্যা কৰে ।

এই ক্ষেত্ৰতো আৰক্ষীয়ে মৃতদেহ দুটা এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, মৃত ৰিয়াজ ব্ৰোহী অলপতে ডুবাইৰ পৰা উভতি আহিছিল । অভিযুক্ত হত্যাকাৰীক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে প্ৰচেষ্টা চলাই আছে ।

উল্লেখ্য যে বিভিন্ন অধিকাৰ গোটৰ দ্বাৰা চলাই থকা প্ৰচাৰ অভিযান আৰু কঠোৰ আইন থকা সত্ত্বেও এনে ধৰণৰ হত্যাকাণ্ড যেনে পলাই গৈ বিয়া পতা, বিবাহিত পুৰুষৰ সৈতে হলিগলি বা মহিলাসকলৰ গৰিমাৰ বিৰুদ্ধে ধৰ্মীয় আৰু সাংস্কৃতিক মূল্যবোধৰ উলংঘনৰ দৰে বিভিন্ন তথাকথিত অপৰাধৰ গইনা লৈ প্ৰায়ে সংঘটিত কৰা হয় ।

ইয়াৰ উপৰি জিঅ' নিউজৰ বাতৰি অনুসৰি, কাম্বাৰ-শ্বাহদাদকোট জিলাৰ কুব্বো ছাইদখানৰ ওচৰৰ তাজ মুহাম্মদ চাণ্ডিঅ' গাঁৱত চুলতান চাণ্ডিঅ' নামৰ এজন ব্যক্তিয়ে তেওঁৰ বৌৱেক ৰুখছানা চাণ্ডিঅ' আৰু তেওঁৰ কথিত প্ৰেমিক বাখাত জানৱাৰীক গুলীয়াই পলায়ন কৰে । একেদৰে শিকাৰপুৰৰ হুমায়ুন আৰক্ষী থানাৰ ওচৰৰ পীৰ জলিলত জামিৰ মাৰফানি নামৰ এজন অভিযুক্তই 'কাৰো কাৰি' সন্দৰ্ভত তেওঁৰ পত্নী খানজাদীক গুলীয়াই হত্যা কৰে আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

আনহাতে, সঞ্জাৰোৰ ডেহ-১৩ ত মুহাম্মদ ওমৰ বাগতি নামৰ এজন সন্দেহজনক ব্যক্তিয়ে কথিত ব্যভিচাৰৰ অভিযোগত তেওঁৰ পত্নী আজিমাক গুলীয়াই হত্যা কৰে আৰু পলায়ন কৰে । অভিযুক্ত হত্যাকাৰী আৰু তেওঁৰ দুই ভাতৃৰ বিৰুদ্ধে আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন কৰে । পিছত আৰক্ষীয়ে দুজন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰে ।

প্ৰতিবছৰে পাকিস্তানৰ শ শ মহিলা এনে হত্যাকাণ্ডৰ ভুক্তভোগী হয় । ইয়াৰে বেছিভাগেই নিকট আত্মীয়ৰ দ্বাৰা সংঘটিত হয় । ইয়াৰ দ্বাৰা তেওঁলোকে নিজৰ পৰিয়ালৰ সন্মান ৰক্ষা কৰা বুলি দাবী কৰে আৰু এনেবোৰ ঘটনা প্ৰায়ে অতি ৰক্ষণশীল গ্ৰাম্য সমাজত সংঘটিত হয় । অৱশ্যে জিঅ' নিউজৰ মতে, সামাজিকভাৱে ৰক্ষণশীল দেশখনৰ চহৰ অঞ্চলতো এতিয়া এনেধৰণৰ হিংসাত্মক ঘটনা সচৰাচৰ দেখিবলৈ পোৱা যায় ।

আনহাতে, পাকিস্তানৰ মানৱ অধিকাৰ আয়োগৰ (এইচ আৰ চি পি) মতে, ২০২৪ চনত 'অনাৰ কিলিং' এক গুৰুতৰ উদ্বেগজনক বিষয় হৈ আছিল । এই বছৰটোত সিন্ধ আৰু পঞ্জাবত বিশেষভাৱে ইয়াৰ উচ্চ সংখ্যা ৰেকৰ্ড কৰা হৈছিল । আনহাতে, জানুৱাৰী আৰু নৱেম্বৰৰ ভিতৰত সমগ্ৰ দেশৰ 346 গৰাকী ব্যক্তি এনে ধৰণৰ জঘন্য হিংসাত্মক কাৰ্যৰ বলি হ'বলগা হৈছিল ।

(ANI)

লগতে পঢ়ক :চেৰীফুলৰ দেশত ৮০ গৰাকীতকৈও অধিক উদ্যোগীৰ সৈতে মত-বিনিময় মুখ্যমন্ত্ৰীৰ - ADVANTAGE ASSAM 2
লগতে পঢ়ক :ইজৰাইল হামাছ যুদ্ধবিৰতি: শত্ৰুতা বন্ধ হ'ব নে ? - ISRAEL HAMAS CEASEFIRE DEAL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.