গুৱাহাটী: গণৰাজ্য দিৱসৰ পুৱা গুৱাহাটী মহানগৰীত বিস্ফোৰণ সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে আলফা স্বাধীনে । ৰাজ্যজুৰি উলহ-মালহেৰে গণৰাজ্য দিৱস উদযাপন কৰি থকাৰ সময়তে দেওবাৰে পুৱা গুৱাহাটীৰ বেহাৰবাৰী আৰু আই এছ বি টিৰ সমীপত বোমা বিস্ফোৰণৰ খবৰ আহে । বেহাৰবাৰীৰ ব্ৰক্ষ্মপুত্র বজাৰৰ সমীপত হোৱা বিস্ফোৰণটোৱে অঞ্চলটো কঁপাই যায় । এই বিস্ফোৰণৰ প্ৰসংগত আলফা স্বাধীনে মেইলযোগে নিজৰ স্থিতি স্পষ্ট কৰিছে ।
আলফা স্বাধীনে সদৰী কৰা অনুসৰি তেওঁলোকেই গুৱহাটীৰ দুই স্থানত আই ই ডি সংস্থাপন কৰিছিল আৰু সেইটো বিস্ফোৰিত হৈছে । সংবাদ মাধ্যমলৈ মেইল যোগে দিয়া বিবৃতিত আলফা স্বাধীনে দায়িত্ব স্বীকাৰ কৰি কয় যে জনতাৰ কোনো হানি নোহোৱাকৈ এই সশস্ত্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে । অসমে হেৰুওৱা স্বাধীনতা যেতিয়ালৈকে ঘূৰাই নাপায় তেতিয়ালৈকে এনে সশস্ত্ৰ প্ৰতিবাদ অব্যাহত থাকিব বুলিও বিবৃতিটোত উল্লেখ কৰে আলফা স্বাধীনে । লগতে আগন্তুক দিনত এনে প্ৰতিবাদ সৰ্বাত্মক ৰূপত হ'ব বুলিও হুংকাৰ প্ৰদান কৰে আলফা স্বাধীনে ।
বিবৃত্তিযোগে আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সহকাৰী সম্পাদক দ্বিতীয় লেফটেনেণ্ট ঈশান অসমে কয়, "সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনে প্ৰতি বছৰে ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ তথা-কথিত স্বাধীনতা আৰু গণৰাজ্য দিৱস পালনৰ প্ৰতিবাদ কৰি আহিছে । উক্ত প্রতিবাদস্বৰূপে গুৱাহাটীৰ লালমাটি, ৰিহাবৰীকে আদি কৰি একাধিক স্থানত আই ই ডি বিস্ফোৰণেৰে প্ৰতিবাদ সাব্যস্ত কৰা হয় । সংগঠনৰ এই সশস্ত্ৰ প্ৰতিবাদ অসমৰ থলগিৰি জনগণৰ বিৰুদ্ধে তথা জনগণৰ জীৱনৰ ক্ষতি-বিঘিনিৰ বাবে নহয় । ই কেৱল ঔপনিৱেশিক শাসকৰ বাবে এক বার্তা ।"
লগতে বিবৃতিটোত ঈশান অসমে উল্লেখ কৰে, "তেওঁলোকে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনক বিভিন্ন বিশেষ্য-বিশেষণেৰে তুচ্ছ-তাচ্ছিল্য কৰি ঔপনিৱেশিক ৰাষ্ট্ৰৰ ১৫ আগষ্টৰ তথা-কথিত স্বাধীনতা দিৱস আৰু ২৬ জানুৱাৰীৰ তথা-কথিত গণৰাজ্য দিৱস জাকজমকতাৰে উদযাপন কৰি থলগিৰি জনগণৰ মনৰ পৰা অসমৰ গৌৰৱোজ্জ্বল স্বাধীনতাৰ চিন্তা-চেতনাক নিঃশেষ কৰাৰ যি অভিষন্ধি সেয়া কেতিয়া আমি মানি ল'ব নোৱাৰো আৰু ই কেতিয়াও সম্ভৱ নহয় । সেয়েহে আমাৰ এই সশস্ত্ৰ প্ৰতিবাদ ।"
"অসমৰ হেৰুৱা স্বাধীনতা যেতিয়ালৈকে পুনৰ প্ৰতিষ্ঠা নহয় তেতিয়ালৈকে ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে এনে প্রতিবাদ অব্যাহত থাকিব । যিদিনাই ভাৰতীয়ই অসমক অসমৰ স্বাধীনতা ফিৰাই দিব সিদিনা পৰা আমিও ভাৰতীয় সকলৰ স্বাধীনতা আৰু গণতন্ত্ৰক স-সন্মানেৰে স্বীকৃতি প্ৰদান কৰিম । আনহাতে ঔপনিৱেশিক ৰাষ্ট্ৰ সামৰিক কোষ বিলাকে আমাৰ প্ৰতিবাদ ৰোধ কৰিবলৈ যিমানেই নিছিদ্ৰ নিৰাপত্তাৰ আৱৰণ গঢ়ি নুতোলক কিয়, আমাৰ প্ৰয়োজন অনুসৰি আমি অসমৰ যিকোনো প্ৰান্তত আমাৰ সশস্ত্ৰ কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰো ।" বিবৃতিটোত উল্লেখ কৰে ৷
‘‘যিহেতু গুৱাহাটী অসমৰ প্ৰাণকেন্দ্ৰ, সেয়েহে সাধাৰণ জনগণৰ কোনো হানি-বিঘিনি নোহোৱাকৈ জনগণলৈ এক বাৰ্তা প্ৰেৰণ কৰা হৈছে । যাতে অনাগত দিনত ঔপনিৱেশিক ৰাষ্ট্ৰৰ ওপৰত উল্লিখিত দুই কাৰ্যসূচীত অংশ লোৱাৰ পৰা বিৰত থাকে । কিয়নো, যোৱা ১৫ আগষ্ট আৰু আজিৰ ২৬ জানুৱাৰীত আমি জনগণৰ জীৱনৰ নিৰাপত্তাৰ কথা চিন্তা কৰি সমীত কাৰ্যসূচী ৰূপায়ণ কৰিলো । বিপৰীতে অনাগত দিনত এনে কাৰ্য্যসূচী সর্বাত্মক ৰূপত ৰূপায়ন কৰা হ'ব পাৰে ।" বিবৃতিযোগে ঈশান অসমে কয় ৷
উল্লেখ্য গুৱাহাটীৰ বেহাৰবাৰী অঞ্চলত হোৱা বিস্ফোৰণৰ পাছতে আই এছ বি টিৰ সমীপত বোমাতংকৰ সৃষ্টি হৈছিল । লগে লগে সেই স্থানত বোমা বিশেষজ্ঞৰ অভিযান চলাই যদিও কোনো ধৰণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে । ইফালে পুৱাৰ ভাগত বেহাৰবাৰী অঞ্চলত হোৱা বিস্ফোৰণটোৰ শব্দ যথেষ্ট ডাঙৰ আছিল । এই বিস্ফোৰণৰ পিছতেই গুৱাহাটীত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ।