ETV Bharat / state

ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে এয়া প্ৰথম খোজ : মুখ্যমন্ত্ৰী - REPUBLIC DAY 2025

ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰি ৰাজ্যবাসীক সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । দাঙি ধৰিলে উন্নয়নৰ খতিয়ান ।

CM Himanta Biswa Sarma unfurl Republic Day flag in Dibrugarh
ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 26, 2025, 12:59 PM IST

ডিব্ৰুগড়: আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস । ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচীক লৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা । কিয়নো প্ৰথমবাৰলৈ ৰাজধানীৰ বাহিৰত মুখ্যমন্ত্ৰীয়ে গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে । ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক সম্বোধন কৰে । গণৰাজ্য দিৱসৰ কাৰ্যসূচীক লৈ বিগত কেইবাটাও মাহ প্ৰস্ততি চলাই খনিকৰ খেলপথাৰত গণৰাজ্য দিৱসৰ বাবে সম্পূৰ্ণ সাজু কৰে ডিব্ৰুগড় জিলা প্ৰশাসনে ।

স্বাধীনতাৰ পাছত প্ৰথমবাৰলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰাৰ বিপৰীতে ৰাজ্যপালে গুৱাহাটীত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে । অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা খনিকৰ খেলপথাৰতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰলৈ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি পতাকা উন্মোচন কৰাক লৈ নিৰাপত্তাৰ দিশটো অধিক কটকটীয়া কৰি তুলিছে আৰক্ষীয়ে ।

ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat Assam)

কাৰ্যসূচী অনুসৰি গণৰাজ্য দিৱস উপলক্ষে ডিব্ৰুগড়ৰ সচিবালয়ত পুৱাই গছপুলি ৰোপণ কৰে মুখ্যমন্ত্ৰীয়ে । ইয়াৰ পাছতে থানা চাৰিআলিত থকা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধা জনায় । ইয়াৰ পাছতে খনিকৰ খেলপথাৰত গণৰাজ্য দিৱসত উপস্থিত হৈ বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে খোলা জীপত উঠি ৰাইজক অভিবাদন জনাই পেৰেড পৰিৰ্দশন কৰে আৰু ইয়াৰ পাছতেই মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে উৰুৱালে গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা ।

মুখ্যমন্ত্ৰীয়ে পতাকা উন্মোচন কৰাৰ লগে লগে আকাশ মাৰ্গৰ পৰা হেলিকপ্তাৰৰ জৰিয়তে কৰা হয় পুষ্পবৃষ্টি । ৰাজ্যবাসীক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দেশ আৰু ৰাজ্যৰ উন্নয়ন আৰু বিকাশৰ কথা উল্লেখ কৰে । সেনা, আৰক্ষীৰ বিভিন্ন বিভাগ লগতে বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পেৰেড প্ৰদৰ্শন কৰা পাছতে ডিব্ৰুগড় জিলাৰ বিভিন্ন চৰকাৰী বিভাগে প্ৰতীকপট প্ৰদৰ্শন কৰে ।

পৰিবহন বিভাগে পথ দুৰ্ঘটনা ৰোধৰ বাবে হেলমেট পৰিধান কৰা প্ৰতীকপট প্ৰদৰ্শন কৰাৰ দৰে পানী যোগান আঁচনি, কৃষিকৰ্ম, বাল্য বিবাহ, প্ৰাকৃতিক দুৰ্যোগত সুৰক্ষা আদি প্ৰতীকপট প্ৰদৰ্শন কৰা হয় ।

২০২৭ চনৰ পৰা ডিব্ৰুগড়ত অসম বিধানসভাৰ একোখনকৈ অধিৱেশন অনুষ্ঠিত হ'ব:

ডিব্ৰুগড়ত প্ৰথমবাৰলৈ গণৰাজ্য দিৱসৰ পতাকাৰ উন্মোচন কৰি নিজৰ ভাষণত ডিব্ৰুগড় চহৰক লৈ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীয়ে ভাষণত কয়, "ডিব্ৰুগড় প্ৰশাসনিক আৰু বাণিজ্যিকভাৱে এখন শক্তিশালী চহৰ হিচাপে গঢ়ি উঠিছে । ডিব্ৰুগড়ৰ দৰে এখন ঐতিহাসিক চহৰত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ পতাকাৰ উন্মোচন কৰিবলৈ পাই নিজে গৌৰাম্বিত । ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে এয়াই প্ৰথম খোজ ।"

CM Himanta Biswa Sarma unfurl Republic Day flag in Dibrugarh
ৰাষ্ট্ৰীয় পতাকাক সন্মান জনোৱাৰ মুহূৰ্তত মুখ্যমন্ত্ৰী (@himantabiswa)

তেওঁ লগতে কয়, "ডিব্ৰুগড়ে ৰাজ্যখনক অৰ্থনৈতিক আৰু সাংস্কৃতিক ভাৱে প্ৰতিনিধিত্ব কৰে । ২০২৭ চনৰ পৰা ডিব্ৰুগড়ত অসম বিধানসভাৰ একোখনকৈ অধিবেশন অনুষ্ঠিত হ'ব । অহা বছৰ ডিব্ৰুগড়ত অসম বিধানসভাত স্থায়ী ভৱন নিৰ্মাণৰ কাম আৰম্ভ হ'ব । অহা তিনি বছৰত ডিব্ৰুগড় ভাৰতবৰ্ষৰ ভিতৰতে এখন প্ৰসিদ্ধ মহানগৰ হৈ উঠিব ।"

দেশৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ সকলক শ্ৰদ্ধা:

দেশৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ সকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি অম্বিকাগিৰিৰ এটা কবিতা নিজৰ ভাষণত আবৃত্তি কৰে মুখ্যমন্ত্ৰীয়ে । স্বাধীনতা সংগ্ৰামী সকলে দেশ স্বাধীনৰ বাবে যি ত্যাগ কৰিছিল সেই কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়,"আম্বেদকাৰে দলিত শ্ৰেণীক শোষণ নিষ্পেষণৰ পৰা ৰক্ষাৰ বাবে যি ত্যাগ স্বীকাৰ কৰিলে তাক শ্ৰদ্ধা জনাইছোঁ ।" ভাৰতবৰ্ষৰ সংবিধান ৰচনাৰ পটভূমি আৰু কাৰ্যকৰী কৰা বিভিন্ন পৰিঘটনাৰ বিষয়ে উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।

গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰা একাংশ সেনা জোৱান (@himantabiswa)

জনসাধাৰণক মৌলিক অধিকাৰ প্ৰদানেই ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰধান লক্ষ্য । ভাৰতবৰ্ষত কাৰ্যকৰী হোৱা জৰুৰীকালীন অৱস্থাৰ কথা নিজৰ ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ কয়, "যি অসমত বন্দুকৰ শব্দত ৰাতি পুৱাইছিল সেই অসমত আজি শান্তিৰ পৰিৱেশ সৃষ্টি হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গদৰ্শনত বিগত সময়ত অসমত কেইবাটাও গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'ল । অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালে, চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিলে, বিহুৱে বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হ'ল ।"

আকাশ মাৰ্গৰ পৰা হেলিকপ্টাৰেৰে পুস্পবৃষ্টি (@himantabiswa)

লগতে তেওঁ উল্লেখ কৰে, "টাটা ছেমিকণ্ডাক্টৰ স্থাপনে অসমত নতুন যুগৰ সূচনা কৰিলে । অসম যি ধৰণেৰে উদ্যোগিক ক্ষেত্ৰত আগবাঢ়িছে অহা দহ বছৰৰ ভিতৰত অসম ভাৰতবৰ্ষৰ ভিতৰত এখন অৰ্থনৈতিক ভাৱে শক্তিশালী ৰাজ্য হিচাপে পৰিচিত হ'ব । ভাৰতবৰ্ষৰ বিকাশ যাত্ৰাত সহযোগিতা কৰিব পৰা এখন ৰাজ্য হৈ উঠিছে অসম । অসমৰ ৰাইজক মই অনুৰোধ কৰিছো নিৰাশাৰ পৰা নিজক আঁতৰাই ৰাখিব, আমি সকলোৱে বিকাশৰ কথা চিন্তা কৰি আগুৱাই আহিব লাগিব । তেতিয়া আমি অসমক ভাৰতবৰ্ষৰ ভিতৰত এখন শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তুলিব পাৰিব ।’’

খোলা জীপৰ সামৰিক অভিবাদন গ্ৰহণ (@himantabiswa)

পদ্মভূষণ আৰু পদ্মশ্ৰী সন্মান লাভ কৰাসকলক শুভেচ্ছা:

অসমীয়াৰ নৃত্যশৈলী, বিশেষকৈ সত্ৰীয়া নৃত্যৰ উন্নয়ন আৰু প্ৰচাৰত অতুলনীয় ভূমিকা গ্ৰহণ কৰা যতীন গোস্বামীক পদ্মভূষণ সন্মান আৰু অনিল কুমাৰ বড়ো, গীতা উপাধ্যায়, জয়নাচৰণ বাথাৰী আৰু ৰেৱকান্ত মহন্তই পদ্মশ্ৰী সন্মান লাভ কৰাত গণৰাজ্য দিৱস কাৰ্যসূচীত নিজৰ ভাষণত শুভেচ্ছা জ্ঞাপন কৰে ।

শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন (@himantabiswa)

চৰকাৰৰ নতুন পৰিকল্পনা :

গণৰাজ্য দিৱসত নিজৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰৰ নতুন নতুন বহুকেইটা পৰিকল্পনাৰ কথা জানিবলৈ দিয়ে । মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, "ৰাজ্য চৰকাৰে নগৰীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে । গুৱাহাটী, ডিব্ৰুগড়ৰ পিছত তেজপুৰ আৰু শিলচৰত কেইবাটাও নতুন ব্যৱস্থা হাতত লোৱা হৈছে । তেজপুৰত ৰাজ্যপালৰ বাবে ৰাজভৱন নিৰ্মাণ কৰা হ'ব । ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰাৰ লগতে সমগ্ৰ ৰাজ্যত নতুন কেইবাখনো দলং নিৰ্মাণ কৰা হ'ব ।" অহা এপ্ৰিল মাহৰ ভিতৰত নতুন ১০ খন বিশ্ববিদ্যালয় অসমৰ ৰাইজে দেখা পাব বুলি নিজৰ ভাষণত কয় মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক: শিৱসাগৰত গণৰাজ্য দিৱসৰ পতাকা উৰুৱালে মন্ত্ৰী অতুল বৰাই - REPUBLIC DAY 2025

প্ৰথমবাৰলৈ ৰাজধানীৰ বাহিৰত মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰে গণৰাজ্য দিৱসৰ পতাকা LIVE - REPUBLIC DAY 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.