ETV Bharat / state

বোমা ফুটিল ! স্বাধীনতা দিৱসৰ পাছতে গণৰাজ্য দিৱসতো গুৱাহাটী মহানগৰীত বোমাতংক - BLUST IN ISBT AND BEHARBARI

৭৬ সংখ্যক গণৰাজ্য দিৱসত বিঘিনি । বোমাতংক বিৰাজ গুৱাহাটী মহানগৰীত । প্ৰকৃততে বোমা নে আন কিবা এতিয়াও নিশ্চিত কৰা নাই আৰক্ষীয়ে ।

Blust in ISBT and Beharbari on Republic Day morning
গণৰাজ্য দিৱসতো মহানগৰীত বোমাতংক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 26, 2025, 1:28 PM IST

Updated : Jan 26, 2025, 2:02 PM IST

গুৱাহাটী: দেশে উলহ-মালহৰে উদযাপন কৰিছে ৭৬ সংখ্যক গণৰাজ্য দিৱস । দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে উৰিল ত্ৰিৰংগ পতাকা । খানাপাৰাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উৰুৱালে গণৰাজ্য দিৱসৰ পতাকা । কিন্তু শান্তিপূৰ্ণভাৱে আৰম্ভ হোৱা গণৰাজ্য দিৱসৰ পুৱাতে গুৱাহাটীত বোমাতংক ।

গুৱাহাটী মহানগৰীৰ দুটাকৈ স্থানত পুৱাই শুনা গ'ল প্ৰচণ্ড বিস্ফোৰণৰ শব্দ । ইয়াৰে প্ৰথমটো বেহাৰবাৰীৰ ব্ৰহ্মপুত্ৰ বজাৰৰ সমীপৰ ডিভি পাৰ্কিঙৰ চৌহদৰ পৰা শুনিবলৈ পোৱা যায় । পুৱাৰ ভাগতে সংঘটিত হয় এই ৰহস্যজনক বিস্ফোৰণ । বিস্ফোৰণৰ পাছতে আতংকিত হৈ পৰে অঞ্চলবাসী । লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী । এই পৰ্যন্ত বিস্ফোৰণৰ উৎসৰ সন্ধানত অব্যাহত আছে আৰক্ষীৰ অভিযান । অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই এয়া বোমা বিস্ফোৰণ নে অন্য কিবা ।

গুৱাহাটী মহানগৰীত বোমাতংক ! (ETV Bharat Assam)

বোমা বিশেষজ্ঞৰ পৰীক্ষণৰ পাছত পোহৰলৈ আহিব প্ৰকৃত তথ্য । সন্দেহজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঘটনাস্থলীত অধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে । এই ঘটনা প্ৰতক্ষ কৰা ডিভি পাৰ্কিঙৰ নিৰাপত্তাৰক্ষীজনে সমগ্ৰ ঘটনা সংঘটিত কয়, "পুৱা ৮ বজাতে সংঘটিত হয় এই ঘটনা । মই শুই থকা অৱস্থাত এটা ডাঙৰ শব্দ শুনা পাও। লগে লগে ওলাই আহি দেখো যে জুই জ্বলি ধুৱলী কুঁৱলী হৈ পৰে । লগে লগে এই স্থানত গোট খোৱা ৰাইজে আৰক্ষীক খবৰ দিও ।"

আনফালে বেহাৰবাৰীৰ পিছতে বেতকুছিৰ ISBT ৰ সমীপটো বোমাতংকই বিৰাজ কৰে চাঞ্চল্য । বোমাতংকৰ পিছতে বন্ধ কৰি দিয়া হৈছে জালুকবাৰী-খানাপাৰা ৰাষ্ট্ৰীয় ঘাইপথ । ফুটপাথত থকা এখন ঘুমটি দোকানত বিস্ফোৰক সামগ্ৰী থকাৰ সন্দেহ কৰে আৰক্ষীয়ে । পিছত মেটেল ডিটেক্টৰেৰে ঘটনাস্থলী পৰীক্ষা চলাই আৰক্ষীৰ উচ্চপদস্থ বিষয়াই । বোমা বিশেষজ্ঞ দলেও চলাই অভিযান । পিছত উদ্ধাৰ কৰা হয় এটা পৰিত্যক্ত বেগৰ পৰা কিছু নথি পত্ৰ ।

এই সন্দৰ্ভত উপ-আৰক্ষী আয়ুক্ত পদ্মনাভ বৰুৱাই কয়, "আমি এক খবৰ লাভ কৰিছিলো । কিন্তু এয়া কোনো বোমা নহয় । ISBT ৰ ওচৰতে আমি এটা বেগ পাইছিলো । বহু দেৰিলৈকে যিহেতু কোনোৱে বিচাৰি অহা নাছিল, তেতিয়া আমি তালাচী চলাইছিলো । তাত কোনো সন্দেহজনক বস্তু নাই । বেগটোৰ পৰা আমি কিছুমান আইকাৰ্ড উদ্ধাৰ কৰিছো ।"

উল্লেখ্য যে, গণৰাজ্য দিৱসৰ পূৰ্বৰে পৰা আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে কটকটীয়া কৰি তুলিছিল নিৰাপত্তা ব্যৱস্থা । নিছিদ্ৰ তালাচীৰ মাজতো কেনেকৈ বিস্ফোৰণ সংঘটিত হ'ল তাক লৈ এতিয়া প্ৰশ্ন উঠিছে মহানগৰ আৰক্ষীলৈ ।

লগতে পঢ়ক: শিৱসাগৰত গণৰাজ্য দিৱসৰ পতাকা উৰুৱালে মন্ত্ৰী অতুল বৰাই - REPUBLIC DAY 2025

ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে এয়া প্ৰথম খোজ : মুখ্যমন্ত্ৰী - REPUBLIC DAY 2025

Last Updated : Jan 26, 2025, 2:02 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.