ETV Bharat / international

তুৰস্কৰ বিলাসী হোটেলত নিমিষতে ছাই হৈ গ'ল ৭৬ গৰাকী - TURKEY SKI RESORT FIRE

তুৰস্কৰ বলু প্ৰদেশৰ কৰগলু পৰ্বতৰ পাদদেশত ১২ মহলীয়া হোটেলত অগ্নিকাণ্ড ।

TURKEY SKI RESORT FIRE
স্কি ৰিজ'ৰ্টৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড (AP)
author img

By AP (Associated Press)

Published : Jan 22, 2025, 10:21 AM IST

আংকাৰা: বিদ্যালয়ৰ বন্ধৰ সময়ত মঙলবাৰে পুৱতি নিশা উত্তৰ-পশ্চিম তুৰস্কৰ এটা জনপ্ৰিয় স্কি ৰিজ'ৰ্টত থকা এখন ১২ মহলীয়া হোটেলত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । এই ঘটনাত কমেও ৭৬ জন লোকৰ মৃত্যু হয় । এই লোকসকলৰ ভিতৰত দুজনে জুইৰ পৰা ৰক্ষা পাবলৈ অট্টালিকাৰ পৰা জঁপিয়াই পৰিছিল বুলি বিলাসী হোটেলখনৰ বিষয়াসকলে সদৰী কৰিছে ।

ইস্তানবুলৰ পৰা প্ৰায় তিনিশ কিলোমিটাৰ আঁতৰৰ বলু প্ৰদেশৰ কৰগলু পৰ্বতৰ পাদদেশত অৱস্থিত কাৰতালকায়া চহৰখন স্কিসহ বিভিন্ন বৰফৰ ক্ৰীড়াৰ বাবে অতি জনপ্রিয় ঠাই । সেইবাবে এই ৰিজ'ৰ্টত দেশ-বিদেশৰ হেজাৰ হেজাৰ পৰ্যটকৰ শীতকালত সমাগম ঘটে । এইদৰে শীতকালীন শিক্ষানুষ্ঠান বন্ধৰ দিন আৰু ছুটীৰ দিনত প্রমোদৰ বাবে অহা পৰ্যটকৰে ভৰি আছিল এই হোটেলখন ।

এই অগ্নিকাণ্ডত কমেও ৫১ জন লোক আহত হয় বুলি মন্ত্ৰী আলী য়েৰলিকায়াই উল্লেখ কৰিছে । বিদ্যালয়সমূহ দুসপ্তাহৰ শীতকালীন বন্ধ থাকোতেই এইখন বিলাসী হোটেলত অগ্নিকাণ্ড সংঘটিত হয় ।

এই কৰুণ ঘটনাটোত শোক প্ৰকশ কৰি মন্ত্ৰী আলী য়েৰলিকায়াই কয়," আমাৰ হৃদয় ভাঙি থান-বান হৈছে । আমি শোকত ম্ৰিয়মান হৈছো । কিন্তু আপুনি জানিব লাগিব যে এই বেদনাদায়ক ঘটনাৰ বাবে যিয়েই দায়ী তেওঁ ন্যায়ৰ পৰা হাতসাৰি যাব নোৱাৰে ।"

তৃতীয় মহলাত থকা হোটেলৰ অতিথি আটাকান য়েলকোভানে কয় যে ওপৰৰ মহলাবোৰত এই ঘটনাটো সংঘটিত হোৱাৰ লগে লগে হৈ-চৈৰ সৃষ্টি হয় ৷ হোটেলৰ অতিথিসকলে ওলাই যাবলৈ চেষ্টা কৰে । আনকি গাত চাদৰ আৰু কম্বল লৈও বহুতে তেওঁলোকৰ কোঠাৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰে । তেওঁ কয়, "ওপৰৰ মহলাত থকা লোকসকলে চিঞৰিছিল । কিছুমানে জঁপিয়াবলৈ চেষ্টা কৰিছিল ।"

৪৫টা মৃতদেহ পৰিয়াললৈ প্ৰেৰণ :

স্বাস্থ্যমন্ত্ৰী কেমাল মেমিচোগলুৱে এই সন্দৰ্ভত কয়, "ইতিমধ্য়ে ৪৫টা মৃতদেহ তেওঁলোকৰ পৰিয়াললৈ প্ৰেৰণ কৰা হৈছে । আমি (তাৎক্ষণিকভাৱে) আনসকলক চিনাক্ত কৰিব পৰা নাই । আহতসকলৰ কমেও এজনৰ অৱস্থা গুৰুতৰ । আনহাতে আন ১৭ জন লোকক চিকিৎসা প্ৰদান কৰাৰ অন্তত যাবলৈ দিয়া হৈছে ।"

হোটেলখনত আছিল 238 গৰাকী পঞ্জীভুক্ত অতিথি :

উল্লেখ্য় যে এই হোটেলখনত 238 গৰাকী পঞ্জীভুক্ত অতিথি আছিল । পুৱা ৩:২৭ বজাত জুই লগাৰ খবৰ পোৱাৰ পিছতেই অগ্নি নিৰ্বাপক বিভাগে পুৱা ৪:১৫ বজাত জুই নিৰ্বাপিত কৰিবলৈ আৰম্ভ কৰে । চৰকাৰে এই অগ্নিকাণ্ডৰ তদন্তৰ নেতৃত্ব দিবলৈ ছয়জন বিচাৰকক নিযুক্তি দিছে । এই হোটেলখনৰ ৰেষ্টুৰেণ্ট শাখাত উক্ত ঘটনাৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে । এই অগ্নিকাণ্ডৰ তদন্তৰ অংশ হিচাপে ৯ জন লোকক আটক কৰা হৈছে । ইয়াৰ পূৰ্বে ন্যায় মন্ত্ৰী ইলমাজ টুঙ্কে কয় যে তদন্তত সোধা-পোছাৰ বাবে আটক কৰা লোকসকলৰ ভিতৰত হোটেলখনৰ গৰাকীও আছে ।

আব্দুল আজিজ আইদিনে চৰকাৰী আনাদোলু সংস্থাক কয় যে আতংকিত হৈ ভৱনটোৰ পৰা জঁপিওৱাৰ ফলত কমেও দুজন লোকৰ মৃত্যু হৈছিল । বাতৰি কাকতখনে ঘোষণা কৰে যে নিহতসকলৰ ভিতৰত আছে চজকু বাতৰি কাকতৰ স্তম্ভলেখক নেদিম তুৰ্কমেন, তেওঁৰ পত্নী আৰু দুই সন্তানো ।

ৰাষ্ট্ৰীয় শোক ঘোষণা :

তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিচেপ তায়িপ এৰ্দোগানে বুধবাৰে ৰাষ্ট্ৰীয় শোকৰ দিন পালন কৰিব বুলি ঘোষণা কৰিছে । বিদেশত থকা চৰকাৰী ভৱন আৰু তুৰস্কৰ কূটনৈতিক মিছনৰ সকলো পতাকা অৰ্ধনমিত হৈ থাকিব বুলি কয় ৰাষ্ট্ৰপতিগৰাকীয়ে ।

হোটেলখনৰ এগৰাকী স্কি প্ৰশিক্ষক নেকমি কেপচেটুটানে কয় যে অগ্নিকাণ্ডৰ সময়ত তেওঁ শুই আছিল আৰু তেওঁ ভৱনটোৰ পৰা ওলাই আহিছিল । তেওঁ তেতিয়া প্ৰায় ২০ জন অতিথিক হোটেলৰ পৰা বাহিৰ লৈ যোৱাত সহায় কৰিছিল ।

হোটেলখন ধোঁৱাৰে আৱৰি থকাৰ ফলত অতিথিসকলে জুইৰ পৰা পলাই যোৱাৰ পথ বিচাৰি উলিওৱাটো কঠিন হৈ পৰিছিল বুলি উল্লেখ কৰি তেওঁ কয়, "মই মোৰ কিছুমান শিক্ষাৰ্থীৰ ওচৰলৈ যাবলৈ নাপাওঁ । মই আশা কৰোঁ তেওঁলোক সুস্থ হৈ আছে ।"

ইফালে, মধ্য তুৰস্কৰ আন এখন স্কি ৰিজৰ্টৰ এখন হোটেলত হোৱা গেছ বিস্ফোৰণত চাৰিজন লোক আহত হয় । বিস্ফোৰণটো শিৱচ প্ৰদেশৰ য়িলডিজ মাউণ্টেইন ৱিণ্টাৰ স্পৰ্টছ চেণ্টাৰত সংঘটিত হৈছে । শিৱচৰ ৰাজ্যপালৰ কাৰ্যালয়ে কয় যে দুজন স্কিয়াৰ আৰু তেওঁলোকৰ প্ৰশিক্ষক সামান্য আঘাতপ্ৰাপ্ত হৈছে ।

লগতে পঢ়ক:যুদ্ধবিৰতি চুক্তিৰ আধাৰত বন্দী মুকলিকৰণ প্ৰক্ৰিয়া অব্যাহত - GAZA CEASEFIRE

মহাকুম্ভত ভয়ংকৰ অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ কেইবাজনো - MAHAKUMBH FIRE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.