ইণ্টাৰনেশ্যনেল ডেস্ক,১৬ এপ্ৰিল :আমেৰিকাত হিন্দু আৰু হিন্দু ধৰ্মৰ ওপৰত আক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে । এই দাবী এগৰাকী ভাৰতীয়মূলৰ আমেৰিকান নেতাৰ । তেওঁ লগতে সতৰ্ক কৰি দিছে যে এয়া এক সমন্বিত হিন্দু বিৰোধী আক্ৰমণৰ আৰম্ভণি । সোমবাৰে নেশ্যনেল প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত কংগ্ৰেছ সদস্য শ্ৰী থানেদাৰে কয় যে তেওঁ আমেৰিকাত হিন্দু ধৰ্মৰ ওপৰত যথেষ্ট আক্ৰমণ বৃদ্ধি হোৱা দেখিছে ।
আনহাতে অনলাইন বা অন্য মাধ্যমত বহুতো ভুল তথ্য প্ৰচাৰ কৰা হৈছে বুলিও তেওঁ দাবী কৰে । থানেদাৰসহ আন ৪ গৰাকী ভাৰতীয়মূলৰ ৰাজনৈতিক নেতা ৰো খান্না, ৰাজা কৃষ্ণমূৰ্তি, অমি বেৰা আৰু প্ৰমীলা জয়পালে শেহতীয়াকৈ হিন্দু মন্দিৰ আৰু উপাসনাস্থলীৰ ওপৰত হোৱা আক্ৰমণৰ তদন্ত বিচাৰি আইন বিভাগলৈ এক পত্ৰ লিখিছে ।
হিন্দু একচন নামৰ এক স্বেচ্ছাসেৱী সংস্থাৰ দ্বাৰা আয়োজিত সংবাদমেলত থানেদাৰে অভিযোগ কৰে যে আক্ৰমণৰ বাবে দোষীসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই আৰু কোনো লোকক গ্ৰেপ্তাৰো কৰা হোৱা নাই বুলি তেওঁ অভিযোগ কৰে । নেতাগৰাকীয়ে অভিযোগ কৰা মতে ঘটনাবোৰ যথেষ্ট বৃদ্ধি পাইছে । এনে আক্ৰমণৰ বিৰুদ্ধে হিন্দু লোকসকলক একত্ৰিত হ'বলৈ তেওঁ আহ্বান জনায় ।