ৱাশ্বিংটন: আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে আজি কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে ড’নাল্ড ট্ৰাম্পে । ইয়াৰ লগে লগে ট্ৰাম্পৰ হোৱাইট হাউছত দ্বিতীয়টো কাৰ্যকাল আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে । আমেৰিকাৰ কেপিটেল হিলত অনুষ্ঠিত এক অনুষ্ঠানত ট্ৰাম্পক শপত বাক্য পাঠ কৰোৱাই আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জন ৰবাৰ্টছে । বিদায়ী ৰাষ্ট্ৰপতি জো বাইডেনেও এই কাৰ্যসূচীত উপস্থিত থাকে ।
ট্ৰাম্পৰ পূৰ্বে নৱনিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সক শপত গ্ৰহণ কৰে । আমেৰিকাৰ প্ৰচণ্ড শীতৰ বাবে এইবাৰ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠান মুকলি ঠাইৰ পৰিবৰ্তে সংসদ ভৱনৰ ভিতৰত অনুষ্ঠিত হয় ।
শপতগ্ৰহণৰ পূৰ্বে বিদায়ী ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনে ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলানিয়া ট্ৰাম্পক হোৱাইট হাউছত চাহ খাবলৈ আদৰণি জনায় । লগতে নৱনিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সেও পত্নী উষা চিলুকুৰি ভেন্সৰ সৈতে হোৱাইট হাউছত উপস্থিত হয় । তেওঁক আদৰণি জনায় বিদায়ী উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু তেওঁৰ স্বামী ডগলাছ ক্ৰেগ এমহফে ।
ইয়াৰ পিছতে বিদায়ী ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে শপত ল’বলৈ কেপিটেল হিলত উপস্থিত হয় ড’নাল্ড ট্ৰাম্প ।
ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গ, এপল’ৰ চিইঅ’ টিম কুক, আমাজনৰ চিইঅ’ জেফ বেজোছ, চীনৰ উপ-ৰাষ্ট্ৰপতি হান ঝেং, ইটালীৰ পিএম জৰ্জিয়া মেল’নি, আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলিৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু প্ৰসিদ্ধ ব্যক্তি উপস্থিত থাকে ।
ভাৰতৰ ফালৰ পৰা বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । ইয়াৰ উপৰিও ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানী আৰু তেওঁৰ পত্নী নীতা আম্বানীয়েও শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে ।
পৰম্পৰাগতভাৱে আমেৰিকাত বিদায়ী ৰাষ্ট্ৰপতিগৰাকীয়ে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে শপতগ্ৰহণৰ বাবে আমেৰিকাৰ কেপিটেল হিললৈ যায় । কিন্তু ২০২১ চনত ট্ৰাম্পে বাইডেনক হোৱাইট হাউছলৈ নিমন্ত্ৰণ কৰাৰ পৰম্পৰা অনুসৰণ কৰা নাছিল ।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ড’নাল্ড ট্ৰাম্পক অভিনন্দন জনায় । ইউক্ৰেইন আৰু পাৰমাণৱিক অস্ত্ৰ সন্দৰ্ভত ট্ৰাম্প প্ৰশাসনৰ সৈতে আলোচনাৰ বাবেও সাজু বুলিও কয় পুটিনে ।
লগতে পঢ়ক: ট্ৰাম্পৰ শপতগ্ৰহণৰ পিছতে কোৱাডৰ বৈদেশিক মন্ত্ৰীৰ বৈঠক !