ৱাশ্বিংটন ডি চি (আমেৰিকা) : সোমবাৰে আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰে ড’নাল্ড ট্ৰাম্পে । ৰাষ্ট্ৰপতিৰ পদত অধিস্থ হৈ আনন্দিত হৈ পৰে ট্ৰাম্প ৷ আনকি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পে কমাণ্ডাৰ ইন চীফ বলত প্ৰথম নৃত্য কৰাও দেখা গ’ল ৷
তেওঁলোকৰ সমৰ্থকে জোৰেৰে হাতচাপৰিৰে তেওঁলোকক উৎসাহ যোগায় ৷ পৰৱৰ্তী সময়ত দম্পতীটোক এই নৃত্যত যোগ দিয়ে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্স আৰু দ্বিতীয় মহিলা উষা ভ্যান্সে ।
সোমবাৰে (স্থানীয় সময় অনুসৰি) ৱাশ্বিংটন ডি চিৰ আমেৰিকাৰ কেপিটলত অনুষ্ঠিত হোৱা ৬০ সংখ্যক ৰাষ্ট্ৰপতি পদৰ উদ্বোধনী অনুষ্ঠানত ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে উদ্বোধনী অনুষ্ঠানত দম্পতীটোৰ এই নৃত্যই আচৰিত কৰি তোলে উপস্থিত সকলোকে ।
কমাণ্ডাৰ ইন চীফ বল ইভেণ্টৰ বাবে ট্ৰাম্পে ক’লা ব্লেজাৰ আৰু ব’ টাইৰ সৈতে বগা চাৰ্ট আৰু পেণ্ট পিন্ধিছিল । বগা আৰু ক’লা পোছাক পিন্ধি মেলানিয়া ট্ৰাম্পকো খুব ধুনীয়া দেখা গৈছিল ।
জাউৰিয়ে জাউৰিয়ে সমৰ্থকে হাতচাপৰি মৰাৰ মাজতে ৰাষ্ট্ৰপতি ট্ৰাম্পে ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ সৈতে কমাণ্ডাৰ ইন চীফ বল অনুষ্ঠানত প্ৰৱেশ কৰে । ট্ৰাম্পৰ শপতগ্ৰহণৰ পিছত প্ৰথম নৃত্য শ্বেয়াৰ কৰাৰ পূৰ্বে এই দম্পতীটোৱে সন্মুখত বহি থকা সমৰ্থকসকলক হাত জোকাৰি ধন্যবাদ জ্ঞাপন কৰে ৷
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পত্নী মেলানিয়াৰ হাতত ধৰি তেওঁৰ সৈতে সংগীতৰ তালে তালে নাচিবলৈ আৰম্ভ কৰে । নৃত্য প্ৰদৰ্শন কৰি থকাৰ সময়তে দুয়োজনকে হাঁহি থকা দেখিবলৈ পোৱা গৈছিল ।
আনকি কিছু সময়ৰ পিছতে ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলানিয়াৰ সৈতে উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্স আৰু দ্বিতীয় মহিলা উষা ভ্যান্সেও আহি নৃত্য কৰে ৷ দ্বিতীয় মহিলাগৰাকীয়ে এই বিশেষ অনুষ্ঠানটোৰ বাবে পিন্ধিছিল এজোৰ নীলা ৰঙৰ ধুনীয়া পোছাক ।