গুৱাহাটী : শনিবাৰে দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উভয় সদনতে দাখিল কৰে । ইতিমধ্যে কেন্দ্ৰীয় বাজেট দাখিলৰ পিছতেই দেশজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ শাসক-বিৰোধী উভয়ে প্ৰকাশ কৰিছে বাজেটৰ ওপৰত প্ৰতিক্ৰিয়া ।
অসমতো বাজেটক লৈ ৰাজনৈতিক নেতাসকলে আগবঢ়াইছে নিজৰ নিজৰ মন্তব্য ৷ আনহাতে, নামৰূপৰ সাৰ কাৰাখানাক লৈ কৰা বৃহৎ ঘোষণাক লৈয়ো দেখা গৈছে প্ৰতিক্ৰিয়া ৷
কি কয় ৰাজ্যৰ তিনিগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি থকা ৰাজনীতিকে
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল আৰু গৌৰৱ গগৈয়ে বাজেট সন্দৰ্ভত প্ৰকাশ কৰিছে মন্তব্য তথা প্ৰতিক্ৰিয়া ।
অসমৰ বাবে আজি এক ঐতিহাসিক দিন: ড৹ হিমন্ত বিশ্ব শৰ্মা
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰৰ দিনটো পুৱাৰে পৰা বিভিন্ন চৰকাৰী কাৰ্যসূচীক লৈ ব্যস্ত থাকে । তাৰ মাজতেই নামৰূপ সাৰ কাৰাখানাক লৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কৰে বিশেষ ঘোষণা ৷ সামগ্ৰিকভাৱে কেন্দ্ৰীয় বাজেটখনক লৈ এতিয়ালৈ মন্তব্য প্ৰকাশ নকৰিলেও মুখ্যমন্ত্ৰীক নামৰূপ সাৰ কাৰাখানাক লৈ বিশেষভাৱে উৎসাহী দেখা যায় ।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, “অসমৰ বাবে আজি এক ঐতিহাসিক দিন ! কেন্দ্ৰীয় বাজেট-২০২৫ত আমাৰ নামৰূপত ১২.৭ লাখ মেট্ৰিক টন উৎপাদন ক্ষমতাৰ ইউৰিয়া প্ৰকল্পৰ ঘোষণা কৰা হৈছে ৷ অসমৰ জনসাধাৰণৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই লোৱা এই সিদ্ধান্ত আক্ষৰিক অৰ্থতে এক উল্লেখযোগ্য ঘটনা ।”
Gratitude to Hon’ble Prime Minister Shri @narendramodi Ji and Hon’ble Finance Minister Smt @nsitharaman Ji for presenting a #ViksitBharatBudget2025 pic.twitter.com/e0GH7BvTOH
— Himanta Biswa Sarma (@himantabiswa) February 1, 2025
লগতে মুখ্যমন্ত্ৰীৰ মন্তব্য, “জাগীৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পাছত অসমলৈ দিয়া বৃহৎ উপহাৰটি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বৃহৎ উপহাৰ হিচাপে বিবেচিত হ'ব । ই কেৱল সাৰ উপলব্ধতাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা লাভ কৰাত সহায় কৰাই নহয়, আমাৰ সম্পদ প্ৰাকৃতিক গেছৰ সমলৰো সদ্ব্যৱহাৰৰ ক্ষেত্ৰত সহায় কৰিব ।”
ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ অসমবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে ।
স্থানীয় সাংসদৰূপে গৌৰৱবোধ কৰিছো: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
কেন্দ্ৰীয় বাজেটক সাগ্ৰিকভাৱে এখন ঐতিহাসিক বাজেট আখ্যা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । নামৰূপৰ সাৰ কাৰখানাক লৈ বাজেট ঘোষণাত উৎসাহী সৰ্বানন্দ সোণোৱালো । সোণোৱালৰ মন্তব্য, “আমাৰ বাবে অতি ভাল খবৰটো হ’ল, বহু বছৰৰ অপেক্ষাৰ অন্তত নামৰূপৰ সাৰ কাৰখানাৰ চতুৰ্থ গোটৰ কাম সম্পূৰ্ণ কৰাৰ বাবে আজিৰ বাজেটত স্পষ্টভাৱে ঘোষণা কৰিছে । ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, বিভাগীয় মন্ত্ৰী জে পি নাড্ডালৈ ধন্যবাদ জ্ঞাপন কৰিছো । ড° হিমন্ত বিশ্ব শৰ্মালৈয়ো ধন্যবাদ জ্ঞাপন কৰিলো । স্থানীয় সাংসদ হিচাপে গৌৰৱবোধ কৰিছো ৷”
লগতে কংগ্ৰেছ দলক সমালোচনা কৰি সৰ্বানন্দ সোণোৱালে নামৰূপ সাৰ কাৰখানাক লৈ বাজেটত কৰা ঘোষণা প্ৰসংগত কয়, “বহু বছৰ ধৰি ১২ লাখ ইউৰিয়া উৎপাদনক্ষম কাৰখানাটো প্ৰতিষ্ঠা কৰাৰ বাবে দাবী উঠি আহিছিল । কিন্তু কংগ্ৰেছ চৰকাৰে কোনো দিনেই ইয়াক গুৰুত্ব নিদিলে ৷ সেইবাবেই ইমান দেৰি হ’ল । উত্তৰ-পূবৰ ভিতৰত এইটো আটাইতকৈ ডাঙৰ ইউৰিয়া উৎপাদন কেন্দ্ৰ । কেৱল অসমতে নহয়, ই চুবুৰীয়া ৰাষ্ট্ৰতো বজাৰ দখল কৰিবলৈ সক্ষম হ’ব ৷”
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিজৰ বিভাগৰ বাবেও বাজেটখনক এক ঐতিহাসিক বাজেট আখ্যা । এই বাজেটক বিকাশৰ ধ্বজাবাহী আখ্যাৰে সোণোৱালৰ মন্তব্য, “বন্দৰ আৰু শ্বিপিং মন্ত্ৰালয়ৰ বাবেও এইখন বাজেট আমাৰ বাবে এখন ঐতিহাসিক বাজেট ৷ কাৰণ, দেশৰ প্ৰগতিৰ বাবে এই বাজেটত ঘোষণা কৰা নীতিয়ে তাকেই প্ৰতিফলন কৰে । ভাৰতবৰ্ষতেই জাহাজ নিৰ্মাণ কৰাৰ পদক্ষেপ লোৱাৰ লগতে বন্দৰবিলাকক আধুনিকভাৱে শক্তিশালীভাৱে সজাই তোলা, শ্বিপিঙক বিশেষভাৱে উদঙনি দিয়াৰ যি ব্যৱস্থা বাজেটত ঘোষিত হৈছে, ইয়াৰ ফলত সৰু-ডাঙৰ মেৰিটাইম উদ্যোগসমূহৰ বিকাশ ঘটিব ৷ সমগ্ৰ ভাৰতবৰ্ষতে এটা নতুন অৰ্থনীতি ব্যৱস্থা গঢ় ল’ব ৷ সংস্থাপনৰ পথ উদ্ভাবন হ’ব ৷”
১০ বছৰৰ ভিতৰত আটাইতকৈ দুৰ্বল বাজেট: গৌৰৱ গগৈ
ইফালে কেন্দ্ৰীয় বাজেটক লৈ দিল্লীত প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ তথা লোকসভাৰ বিৰোধীৰ উপ-দলপতি গৌৰৱ গগৈৰ । এ এন আইৰ আগত গৌৰৱ গগৈৰ মন্তব্য, “এইখন সেই একেই পুৰণা বাজেট, যিবোৰ আমি যোৱা দহ বছৰ ধৰি শুনি আহিছো । য’ত শব্দৰ বাহিৰে না গৰিবে কিবা পায়, না কৃষকে কিবা পায়, না মধ্যবিত্তই কিবা লাভ কৰে ৷ টেক্সৰ যিবোৰ বিভিন্ন শ্লেবৰ প্ৰস্তাৱ আনে সেইবোৰৰ ফলাফলে কেৱল ডাঙৰ ডাঙৰ কোম্পানীৰ মালিককহে উপকৃত কৰে । আজিও তাকেই হৈছে ৷ কৰৰ ক্ষেত্ৰত আগতেও বিভিন্ন পুনৰ গঠন হৈছে । কিন্তু মধ্যবিত্তই কোনো ধৰণৰ সকাহ নাপালে । আজি এইটোত জি এছ টি, কাইলৈ সেইটোত জি এছ টি ৷ যোৱা দহ বছৰৰ ভিতৰত এইখন আটাইতকৈ দুৰ্বল বাজেট ৷”
আনহাতে, এই বাজেটত ১২ লাখ টকালৈকে কৰ ৰেহাই ঘোষণা প্ৰসংগত গগৈয়ে কয়, “এই বিষয়ত ঘোষণাহে কৰিছে, বিত্ত মন্ত্ৰীয়ে কোনো স্পষ্ট আৰু সবিশেষ তথ্য দিয়া নাই ৷ কৈছে পিছত বিৱৰণ আছে ৷ কিন্তু এইখন চৰকাৰৰ এইটো এটা পুৰণি কাম, ঘোষণা কৰি দেখুৱাই এটা, ফলাফলত ওলাই এটা । ইযাৰ সবিশেষ ওলালেহে গম পোৱা যাব ৷”
অৱশ্যে অসমৰ নামৰূপৰ সাৰ কাৰখানাক লৈ বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই গৌৰৱ গগৈয়ে ৷