ETV Bharat / state

চৰাই-চিৰিকটিৰ গুঞ্জনেৰে মুখৰ হৈ উঠিছে কবু চাপৰি - JONAI RIVER ISLAND KABU CHAPORI

বেদখলমুক্ত কবু চাপৰিলৈ পৰিভ্ৰমী পক্ষীৰ আগমন । বেদখলমুক্ত কৰাৰ পিছতে আগমন ঘটিছে জনশূন্য কবু চাপৰিলৈ বিভিন্ন প্ৰজাতিৰ চৰাই তথা বন্য জন্তুৰ ৷

Jonai river island kabu chapori
কবু চাপৰিত পৰিভ্ৰমী আলহী পক্ষীৰ আগমন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 1, 2025, 9:16 PM IST

জোনাই : জোনাইৰ কবু চাপৰি এতিয়া বেদখলমুক্ত ৷ মানুহবিহীন কবু চাপৰি পৰিণত হৈছে বন্যপ্ৰাণীৰ বিচৰণভূমিলৈ ৷ কবু চাপৰিৰ অৰণ্যভূমিত এতিয়া মুক্তমনে বিচৰণ কৰিছে বিভিন্ন ধৰণৰ চৰাই চিৰকটি, দুষ্প্ৰাপ্য বন ঘৰচীয়া ঘোঁৰা আদিয়ে ৷ বিভিন্ন পৰিভ্ৰমী আলহী পক্ষীৰ আগমনৰ দৃষ্টিনন্দন দৃশ্যই এতিয়া সোণত সুৱগা চৰাইছে কবু চাপৰিৰ ৷

কবু চাপৰি কোনো সাধাৰণ নদীদ্বীপ নহয় । ই এক অনন্য পাৰিপাৰ্শ্বিক ক্ষেত্ৰ যি এক গুৰুত্বপূৰ্ণ বন্যপ্ৰাণীৰ কৰিড'ৰক প্ৰতিনিধিত্ব কৰে । উত্তৰ দিশত পবা সংৰক্ষিত বনাঞ্চলক, অৰুণাচল প্ৰদেশৰ দায়িং ইৰিং বন্যপ্ৰাণী অভয়াৰণ্য আৰু দক্ষিণে অসমৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে ই সংযোগ কৰে । অঞ্চলটো চিয়াং, ডিবাং আৰু লোহিত নদীৰ সংগমস্থলীৰ পৰা মাত্ৰ কেইকিলোমিটাৰমান নামনিত 95°13.8′E দ্ৰাঘিমাংশ আৰু 27°43′N অক্ষাংশৰ মাজত অৱস্থিত ৷ কবু চাপৰিৰ সেউজীয়া বৃক্ষত দেখা গৈছে এতিয়া বান্দৰৰ ধেমালি ৷ জলায়সমূহত আগমন ঘটিছে বিভিন্ন পৰিভ্ৰমী আলহী পক্ষীৰ ।

কবু চাপৰিত পৰিভ্ৰমী আলহী পক্ষীৰ আগমন (ETV Bharat Assam)

এক নিৰিবিলি পৰিৱেশত চৰাই-চিৰিকটিৰ গুঞ্জনেৰে মুখৰিত হৈ পৰিছে জোনাইৰ নদীদ্বীপ কবু চাপৰিৰ চৌদিশ । গছৰ ডালৰ আঁৰে আঁৰে বহি দেশী-বিদেশী চৰায়ে প্ৰকৃতিৰ গীত জুৰি আপোনপাহৰা হৈছে ৷ উল্লেখ্য় যে জোনাইৰ নদীদ্বীপ তথা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল কবু চাপৰিত যোৱা প্ৰায় ৪-৫ দশক ধৰি বেদখল হৈ থকাত অবাধে চলিছিল বন ধ্বংসযজ্ঞ । এবছৰ পূৰ্বে জোনাই বন বিভাগে কবু চাপৰিক বেদখলমুক্ত কৰাৰ পিছতে আগমন ঘটিছে জনশূন্য কবু চাপৰিলৈ বিভিন্ন প্ৰজাতিৰ চৰাই তথা বন্য জন্তুৰ ৷ কাষৰীয়া বিভিন্ন চাপৰিৰ পৰা কুৰিৰো অধিক বন ঘৰচীয়া ঘোঁৰাই পুনৰ কবু চাপৰিলৈ ঘূৰি আহি মুক্তভাৱে বিচৰণ কৰা দৃশ্যই পুনৰ সজীৱ কৰি তুলিছে চাপৰিটোক ৷

কবু চাপৰিৰ কাষতে থকা ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু পবা বনাঞ্চলৰ পৰা বিভিন্ন ধৰণৰ চৰাই-চিৰিকটি পুনৰ ঘূৰি অহাৰ লগতে দেশী-বিদেশী পক্ষীৰ ভিন্ন মাতেৰে মুখৰ হৈ পৰিছে কবু চাপৰি ৷ কবু চাপৰিৰ জন কোলাহলৰ পৰা লুকাই থকা বান্দৰবোৰো এতিয়া ওলাই আহি বিচৰণ কৰা দেখা গৈছে ৷

জোনাই বনাঞ্চলিক বিষয়া দেৱব্ৰত গগৈ, প্ৰকৃতিকৰ্মী তোষেশ্বৰ মিৰি আগৰৱালাৰ নেতৃত্বত বন বিভাগ আৰু সংবাদকৰ্মীৰ এটা দলে অলপতে পৰিদৰ্শন কৰে প্ৰস্তাৱিত সংৰক্ষিত কবু চাপৰি ৷ অৱশ্যে বেদখলমুক্ত হোৱাৰ পিছতে কবু চাপৰিলৈ পুনৰ উভতি অহা পশু-পক্ষী তথা গছ-গছনিৰ নিৰাপত্তাৰ বাবে পবা বনাঞ্চলৰ তিনিমাইল বিটত থকা বনকৰ্মীয়ে কবু চাপৰিলৈ গৈ দিনে-নিশাই তীক্ষ্ণ পহৰা অব্যাহত ৰাখিছে ।

জোনাই বনাঞ্চলিক বিষয়া দেৱব্ৰত গগৈয়ে এই প্ৰসংগত কয়, "বহুদিন ধৰি কবু চাপৰিত অনুপ্ৰৱেশ চলি আছিল । চৰকাৰে ইতিমধ্য়ে কবু চাপৰিক বেদখলমুক্ত কৰিছে । এতিয়া আমি নতুন চিন্তাৰে আগবাঢ়িব লাগিব ।"

লগতে পঢ়ক:পবা সংৰক্ষিত বনাঞ্চললৈ বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা; উৎফুল্লিত দল-সংগঠন - Rain Forest Poba - RAIN FOREST POBA

আপুনিও আহকচোন এবাৰ চিয়াং-লালীৰ পাৰলৈ... - POBA FESTIVAL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.