ETV Bharat / entertainment

প্ৰবীণ পোহৰশিল্পী সমীৰ চৌধুৰীৰ প্ৰেৰণাদায়ক যাত্ৰাক লৈ তথ্যচিত্ৰ - THE ARTIST DOCUMENTARY

জনজাতীয় সম্প্ৰদায়ৰ চহকী সংস্কৃতিক নিজৰ লেন্সৰ জৰিয়তে নথিভুক্ত কৰাৰ বাবে ৫০ বছৰতকৈও অধিক সময় উৎসৰ্গা কৰিছে প্ৰবীণ পোহৰশিল্পী সমীৰ চৌধুৰীয়ে ৷

Poster of anticipated documentary 'The Artist' released in Guwahati
তথ্যচিত্ৰ 'দ্য আৰ্টিষ্ট'ৰ পোষ্টাৰ মুকলি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 1, 2025, 8:24 PM IST

হায়দৰাবাদ: শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় বহু প্ৰত্যাশিত তথ্যচিত্ৰ 'দ্য আৰ্টিষ্ট'ৰ পোষ্টাৰ । গুৱাহাটীৰ শিলপুখুৰীৰ পঞ্চৱতী সভাঘৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত মুকলি কৰা হয় নৱনির্মিত তথ্যচিত্ৰখনৰ পোষ্টাৰ । এছ এছ ডেকা মিডিয়া এণ্ড এণ্টাৰটেইনমেন্টৰ বেনাৰত নিৰ্মিত তথ্যচিত্ৰখন প্ৰযোজনা কৰিছে সমীৰণ ডেকা, ৰবীন্দ্ৰ হানমত্তকাৰ আৰু অনুপ জ্যোতি চৌধুৰীয়ে । সহ-প্ৰযোজক মৃণ্ময় চৌধুৰী আৰু কাৰ্যবাহী প্ৰযোজনা পুনম ভট্টৰ ।

'দ্য আৰ্টিষ্ট'ত জনজাতীয় সম্প্ৰদায়ৰ চহকী সংস্কৃতিক নিজৰ লেন্সৰ জৰিয়তে নথিভুক্ত কৰাৰ বাবে ৫০ বছৰতকৈও অধিক সময় উৎসৰ্গা কৰা প্ৰবীণ পোহৰশিল্পী সমীৰ চৌধুৰীৰ প্ৰেৰণাদায়ক যাত্ৰাৰ আধাৰত নিৰ্মাণ কৰা হৈছে । তথ্যচিত্ৰখনে তেওঁৰ জীৱন, আবেগ আৰু ফটোগ্ৰাফীৰ জগতখনলৈ আগবঢ়োৱা অমূল্য অৱদানৰ এক অন্তৰংগ আভাস আগবঢ়াইছে ।

Poster of anticipated documentary 'The Artist' released in Guwahati
তথ্যচিত্ৰ 'দ্য আৰ্টিষ্ট'ৰ পোষ্টাৰ মুকলি অনুষ্ঠানত সমীৰ চৌধুৰী (মাজৰগৰাকী) (ETV Bharat Assam)

পোষ্টাৰ মুকলি অনুষ্ঠানত শিল্প, সংস্কৃতি, সংবাদ মাধ্যমৰ ক্ষেত্ৰৰ কেইবাগৰাকীও উল্লেখযোগ্য ব্যক্তি উপস্থিত থাকে । এই অনুষ্ঠানৰ আঁত ধৰা আৰু পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰে অনুপ জ্যোতি চৌধুৰীয়ে । তেওঁ কয়, "ফটোগ্ৰাফী আৰু জনজাতীয় নথি-পত্ৰৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদানৰ বাবে সমীৰ চৌধুৰীক সম্বৰ্ধনা জনোৱাৰ গৌৰৱ লাভ কৰি আমি আনন্দিত ।"

সমীৰণ ডেকাই পৰিচালনা কৰা 'দ্যা আৰ্টিষ্ট' তথ্যচিত্ৰখনত আফতাব হুছেইন, গুঞ্জন শৰ্মা আৰু অলকেশ বুজৰবৰুৱাৰ সৈতে চিনেমেট’গ্ৰাফী কৰিছে সমীৰণ ডেকাই । ছবিখনৰ সম্পাদনা ৰমেন বৰাই কৰাৰ বিপৰীতে চাউণ্ড ডিজাইন কৰিছে ৰুক্মাজিৎ বৰুৱাই ।

সমীৰ চৌধুৰীৰ অসাধাৰণ যাত্ৰাৰ ওপৰত চিন্তা-চৰ্চা আৰু তেওঁৰ কৰ্মৰ সামূহিক প্ৰশংসাৰে অনুষ্ঠানৰ সামৰণি পৰে । এতিয়া ব্যতিক্ৰমধৰ্মী তথ্যচিত্ৰখনৰ আনুষ্ঠানিক মুক্তিৰ বাবে আগ্ৰহেৰে বাট চাই ৰৈছে দৰ্শকে । অচিৰেই মুক্তিলাভ কৰিব তথ্যচিত্ৰখনে ।

লগতে পঢ়ক: ৪২ বছৰে কেমেৰাৰ আঁৰত থকা জাহ্নু বৰুৱা এইবাৰ অভিনেতাৰ ৰূপত - FILMMAKER JAHNU BARUA PAATAL LOK 2

সত্ৰীয়া সংস্কৃতিৰ সাধনাত ব্ৰতী পদ্মভূষণ যতীন গোস্বামীৰ কথাৰে.... - JATIN GOSWAMI PADMA BHUSHAN AWARD

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.