ETV Bharat / state

বাজেটত নামৰূপ সাৰ কাৰখানাৰ নতুন গোট ঘোষণা: বিভিন্ন পক্ষৰ প্ৰতিক্ৰিয়া - UNION BUDGET 2025

উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাত নিৰ্মাণ হ'ব ইউৰিয়া উৎপাদনৰ নতুন প্ৰকল্প । ইয়াৰ দ্বাৰা মৃতপ্ৰায় সাৰ কাৰখানাটোৱে লাভ কৰিবনে নতুন জীৱন ?

Namrup Urea Plant
বাজেটত নামৰূপ সাৰ কাৰখানাৰ নতুন গোট ঘোষণা; বিভিন্ন পক্ষৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 1, 2025, 8:16 PM IST

ডিব্ৰুগড় : উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা । প্ৰাকৃতিক গেছক কেঁচামাল হিচাপে লৈ সাৰ উদ্যোগ কৰি আহিছে নামৰূপ সাৰ কাৰখানাই । ১৯৬৯ চনৰ ১ জানুৱাৰীত নামৰূপ সাৰ কাৰখানাৰ উৎপাদন আৰম্ভ হৈছিল আৰু পৰৱৰ্তী সময়ত নামৰূপ সাৰ কাৰখানাৰ তিনিটা গোট বা প্লাণ্ট প্ৰতিষ্ঠা হৈছিল । কিন্তু বিভিন্ন কাৰণত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাৰ ক্ৰমাৎ মৃত্যুমুখী যাত্ৰা আৰম্ভ হয় ।

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাই তৃতীয় উৎপাদন গোটৰ জৰিয়তে খেতিয়কৰ চাহিদা পূৰণৰ বাবে সাৰ উৎপাদন কৰি অহিবলগা হৈছে । সেয়ে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটো জীয়াই ৰখাৰ স্বাৰ্থত বিভিন্ন দল-সংগঠন, সাৰ কাৰখানাৰ শ্ৰমিক ইউনিয়নে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন কৰি সাৰ কাৰখানাটো পুনৰুজ্জীৱিত কৰিবলৈ বহু বছৰৰ পৰা দাবী জনাই আহিছিল ।

বাজেটত নামৰূপ সাৰ কাৰখানাৰ নতুন গোট ঘোষণা: বিভিন্ন পক্ষৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

আনহাতে, বিগত প্ৰতিখন চৰকাৰৰ দিনতে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন কৰি উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটো পুনৰুজ্জীৱিত কৰাৰ আশ্বাস প্ৰদান কৰা হৈছিল । কিন্তু সেয়া বাস্তৱ হৈ উঠা নাছিল । তাৰ মাজতে মৃত্যুৰ ক্ষণ গণি থকা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটোক পুনৰুজ্জীৱিত কৰাৰ বাবে ভাৰত চৰকাৰে আনুষ্ঠানিক ঘোষণা কৰাৰ পাছতে আনন্দিত হৈছে নামৰূপৰ ৰাইজৰ লগতে দীৰ্ঘদিন আন্দোলন কৰি অহা দল-সংগঠনসমূহ ।

নামৰূপ সাৰ কাৰখানাত নিৰ্মাণ হ'ব ১২.৭ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনক্ষম নতুন প্ৰকল্প

নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ দাবীত দুটা দশক ধৰি আন্দোলন চলি আহিছে । ইয়াৰ মাজতে ২০০৬ চনত কেন্দ্ৰীয় সাৰ মন্ত্ৰী ৰামবিলাস পাছোৱানে নামৰূপ সাৰ কাৰখানা অধিক কাৰ্যক্ষম কৰিবলৈ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটোত চতুৰ্থ গোট নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া কাৰ্যকৰী হোৱা নাছিল । ফলত অসমৰ দল-সংগঠনে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

কিন্তু ইয়াৰ মাজতে অৱশেষত আহিল ভাল খবৰটো । ২০০৬ চনতে আধাৰশিলা স্থাপন হোৱা সাৰ কাৰখানাটোৰ চতুৰ্থ গোটটো দীৰ্ঘদিন ধৰি স্থবিৰ হোৱাৰ পাছত শনিবাৰে কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সাৰ কাৰখানাটোৰ ১২.৭ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনক্ষম এটা নতুন গোট নিৰ্মাণ হ’ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে ।

ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যৌথভাৱে নিৰ্মাণ কৰিব নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট

শনিবাৰে কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সাৰ কাৰখানাৰ ১২.৭ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনক্ষম এটা নতুন গোট নিৰ্মাণ হ’ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলেও সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বাবে ৪০% অসম চৰকাৰৰ আৰু ৬০%অংশীদাৰিত্ব ভাৰত চৰকাৰৰ । নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণত ৪০% অসম চৰকাৰে বিনিয়োগ কৰিবলৈ ৰাজ্য চৰকাৰে কেবিনেটত ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

উৎফুল্লিত নামৰূপ সাৰ কাৰখানাৰ কৰ্মচাৰী

নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ দাবীত দুটা দশক ধৰি আন্দোলন চলি আহিছে । তাৰ মাজতে মাজে-সময়ে খবৰ ওলাইছিল যে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা বন্ধ কৰি দিয়া হ'ব । ফলত এই উদ্যোগটোৰ প্ৰায় ৪৫০ গৰাকী স্থায়ী আৰু ১৫০০ অস্থায়ী কৰ্মচাৰীয়ে চাকৰি হেৰুওৱাৰ ভয় এটা লৈ দিন পাৰ কৰিছিল ।

কিন্তু শনিবাৰে বাজেট ঘোষণাৰ পাছতেই সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত তিনিটাকৈ ইউনিয়ন ফাৰ্টিলাইজাৰ শ্ৰমিক ইউনিয়ন, ফাৰ্টিলাইজাৰ ৱকাৰ্ছ ইউনিয়ন আৰু ফাৰ্টিলাইজাৰ ইণ্ডিপেণ্ডেণ্ট ইউনিয়নৰ সদস্যসকলে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "১৮ বছৰৰ সংগ্ৰামৰ অৱসান ঘটিছে বুলি আমি অনুভৱ কৰিছো । এই সময়ছোৱাত ৰাইজৰ বহু সমস্যা হৈছিল । বহুতেই ভাবিছিল নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নহ'ব বুলি । মৃত্যুৰ ক্ষণ গণি থকা নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণ হ'ব বুলি জানি ভাল লাগিছে ।"

কেৱল ঘোষণা নহয়, নিৰ্মাণকাৰ্য বাস্তৱ ৰূপায়ণ কৰিবলৈ দাবী আছুৰ

ইফালে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটো জীয়াই ৰখাৰ স্বাৰ্থত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে বহু বছৰৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পাছত শনিবাৰে যি আনুষ্ঠানিক ঘোষণা হ'ল, ইয়াৰ পাছতে ছাত্ৰ সন্থাৰ নেতৃত্বই কয়, "নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বাবে দীৰ্ঘদিন ধৰি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে দল-সংগঠনে প্ৰতিবাদ কৰি অহাৰ পাছত আজি এই খবৰ লাভ কৰা হৈছে । ইয়াৰ আগতেও ২০১৫ চনৰ মে' মাহত কেন্দ্ৰীয় বিত্তীয় প্ৰতিবেদনত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ কৰা কথা প্ৰকাশ পাইছিল । কিন্তু চতুৰ্থ গোট স্থাপন নহ'ল । সেয়ে এই ঘোষণা কেৱল কাগজে-পত্ৰই নাৰাখি প্ৰকৃতাৰ্থত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছো ।"

লগতে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন কৰাৰ ঘোষণা যাতে নিৰ্বাচনৰ বৈতৰণী পাৰ হ'বলৈ নহয় তাৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ।

প্ৰাকৃতিক গেছৰ পৰ্যাপ্ত যোগান নোহোৱাৰ বাবে বন্ধ কৰা হৈছিল প্ৰথম আৰু দ্বিতীয় গোট

উল্লেখ্য যে ১৯৬৯ চনৰ ১ জানুৱাৰীত নামৰূপ সাৰ কাৰখানাৰ উৎপাদন আৰম্ভ হৈছিল । পৰৱৰ্তী সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটোত তিনিটা গোট স্থাপন কৰা হৈছিল । কিন্তু কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বহীনতা আৰু প্ৰাকৃতিক গেছৰ কম যোগানৰ বাবে বন্ধ কৰা হৈছিল সাৰ কাৰখানাৰ প্ৰথম আৰু দ্বিতীয় গোট ।

নামৰূপ সাৰ কাৰখানাৰ তৃতীয় এমোনিয়া আৰু ইউৰিয়া প্লাণ্টৰ ক্ষমতা ক্ৰমে ৫৫৮ মেট্ৰিক টন আৰু প্ৰতিদিনে ৯০০ মেট্ৰিক টন উৎপাদন হয় বুলি নামৰূপ সাৰ কাৰখানাৰ কৰ্তৃপক্ষই জানিবলৈ দিছে ।

প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলক কিমান ভাল পায় তাৰ প্ৰমাণ হ'ল

ইফালে শনিবাৰে কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সাৰ কাৰখানাটোক লৈ কৰা ঘোষণাৰ পাছতে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ নেতৃত্বত বিজেপি কৰ্মীসকলে নামৰূপ সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত ফটকা ফুটাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় ।

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক তৰংগ গগৈয়ে কয়, "কেন্দ্ৰীয় বাজেটত নামৰূপ সাৰ কাৰখানাক লৈ কৰা ঘোষণাৰ পাছতে আনন্দিত হৈছো । ২০০৬ চনৰ পৰাই নামৰূপৰ ৰাইজ চিন্তিত হৈ আছিল । কিন্তু বন্ধ হ'বলৈ যোৱা এটা কাৰখানা বিজেপি চৰকাৰে পুনৰুজ্জীৱিত কৰিবলৈ ঘোষণা কৰিছে । অসম চৰকাৰে ৪০% শ্বেয়াৰ গ্ৰহণ কৰিছে । অসম চৰকাৰৰ এই ভূমিকাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আজি এই ঘোষণা কৰিবলৈ বাধ্য হৈছে । এই ঘোষণাই পুনৰ প্ৰমাণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলক কিমান ভাল পায় ।"

লগতে পঢ়ক :নামৰূপত স্থাপন হ'ব ইউৰিয়া প্ৰকল্প: বাজেটত ঘোষণা বিত্তমন্ত্ৰীৰ - UNION BUDGET 2025
লগতে পঢ়ক :বৃহৎ প্ৰকল্পৰ জৰিয়তে কৰ্কট ৰোগ চিনাক্ত কৰা হ'ব এক কোটি মানুহৰ - CM HIMANTA BISWA SARMA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.