গুৱাহাটী : চলচ্চিত্ৰ প্ৰেমীসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যৰে পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত কৰা হৈছে ‘‘গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ’’ ৷ চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবে ই নিশ্চয় এক সু-খবৰ । শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ‘‘গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ’’ৰ । তিনিদিনীয়াকৈ চলিবলগীয়া এই মহোৎসৱৰ অন্ত পৰিব ৯ ফেব্ৰুৱাৰীত ৷
ইৰাণীয় চলচ্চিত্ৰ পৰিচালক বাবাক খাজেহপাচাৰ “In the Arms of the Tree”ৰ দ্বাৰা শুভাৰম্ভণি কৰা হয় এই চলচ্চিত্ৰ মহোৎসৱৰ । মহানগৰীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত এই মহোৎসৱৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শ্ৰীলংকাৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক প্ৰসন্ন ৱিথানাগে, বলীউডৰ অভিনেত্ৰী শ্বীবা চাড্ডা, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰা, আকাশ আদিত্য লামাকে ধৰি কেইবাখনো দেশৰ চলচ্চিত্ৰ প্ৰতিনিধি ।
এই চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হ’ব মুঠ ২৫ খন এছিয়ান ছবি । আৰম্ভণিৰ দিনটোত প্ৰদৰ্শন কৰা হয় ফিলিপাইনছ, ইৰাণ, বাংলাদেশ, তুৰ্কী, উজবেকিস্তান, অসমকে ধৰি আন আন ঠাইৰ ৮ খন ছবি । উক্ত অনুষ্ঠানত সাংস্কৃতিক বিনিময় আৰু সৃষ্টিশীল বাৰ্তালাপৰ বাবে প্ৰদান কৰা হয় এক বিশেষ মঞ্চও । মহোৎসৱত উপস্থিত থাকিব এছিয়ান দেশসমূহৰ বহুকেইগৰাকী বিশিষ্ট পৰিচালক, চলচ্চিত্ৰ সমালোচকৰ লগতে কলা-কুশলী ৷
এছিয়াৰ শ্ৰেষ্ঠ ছবিসমূহক একত্ৰিত কৰাৰ লগতে উত্তৰ-পূব ভাৰতৰ অনন্য কণ্ঠৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যৰে অনুষ্ঠিত কৰা এই চলচ্চিত্ৰ মহোৎসৱত ইৰাণ, নেপাল, উজবেকিস্তান, কাজাখস্তান, হংকং, আজাৰবাইজান, বাংলাদেশ, ফিলিপাইনছ, শ্ৰীলংকা, তুৰ্কীকে ধৰি মুঠ দহখন দেশে অংশগ্ৰহণ কৰিব ।
![1ST GUWAHATI ASIAN FILM FESTIVAL begins with national international participation](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-02-2025/gaff_07022025215321_0702f_1738945401_647.jpg)
প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া এই মহোৎসৱত উপদেষ্টা হিচাপে আছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ সমালোচক তথা চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰী, ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা মঞ্জু বৰা আৰু বিশিষ্ট চলচ্চিত্ৰ সমালোচক, সাংবাদিক তথা সম্পাদক ডাল্টন ক্রিষ্ট’ফাৰৰ দৰে বহুকেইজন সন্মানীয় ব্যক্তি । লগতে মহোৎসৱৰ কিউৰেটৰ হিচাপে আছে চলচ্চিত্ৰ জগতৰ বিশিষ্ট ব্যক্তি শ্ৰীনিবাস সন্থানম । ইমতিয়াজ আলি, ৰিমা দাস, অনীৰ আৰু কবীৰ খানৰ ছবি “My Melbourne"ৰ দ্বাৰা অন্ত পৰিব এই চলচ্চিত্ৰ মহোৎসৱৰ ।