ভট্টদেৱ ক্ষেত্ৰ, পাঠশালা : অসম সাহিত্য সভাৰ পাঠশালাত অনুষ্ঠিত সপ্তসপ্ততিতম অধিবেশনৰ শনিবাৰে দ্বিতীয়টো দিন । ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত এই দ্বিবাৰ্ষিক অধিবেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত অনুষ্ঠিত বৌদ্ধিক সন্মিলনত উপস্থিত থাকে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু ৷
অনুষ্ঠানত উপস্থিত থাকি শিক্ষা মন্ত্ৰীগৰাকীয়ে কয়, "অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পোৱাৰ বাবে অসম সাহিত্য সভাক ধন্যবাদ জনাইছো ৷"
তেওঁ লগতে কয়, "চীনা-তিব্বতীয়মূলীয় কিছু শব্দ সংযোজিত হৈ মিশ্ৰিত ৰূপত অসমীয়া ভাষাটো গঠন হৈছে । পূৰ্বতে সকলো জাতি-জনগোষ্ঠীৰ একত্ৰিকৰণত সমিলমিলৰ জৰিয়তে এটা ভাষাৰ সৃষ্টি হৈছিল ৷ বৰ্তমান যদি অসম সাহিত্য সভাই অন্য জনগোষ্ঠীয় ভাষাসমূহ অসমীয়া ভাষাত ব্যৱহাৰ আৰু প্ৰয়োগ কৰে তেনেহ'লে এই ভাষাৰ আৰু অধিক প্ৰচাৰ হ'ব ৷ অসমীয়া ভাষাত নতুন শব্দৰ সৃষ্টি কৰিব পৰিব লাগিব ৷"
অসম সাহিত্য সভাৰ কৰণীয় সন্দৰ্ভত তেওঁ কয়, "১০৮ বছৰীয়া অসম সাহিত্য সভাই অসমৰ সৰ্বাঙ্গীণ উন্নয়নৰ কাৰণে সকলো শ্ৰেণীৰ ভাষাকে সমানে আগুৱাই লৈ যাব লাগিব ৷"
উল্লেখ্য যে এই বৌদ্ধিক সন্মিলনত উদ্বোধনী ভাষণ ৰাখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ননীগোপাল মহন্তই ৷ আলোচনা-চক্ৰত উপস্থিত থাকে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ধনপতি ডেকা, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমলাকান্ত ডেকা ৷
আনহাতে, দ্বিতীয় দিনৰ অন্যতম কাৰ্যসূচী আছিল সাহিত্য সভাৰ ইতিহাসত এক নতুন অধ্যায়ৰ সৃষ্টিকাৰী স্মৃতিগ্ৰন্থ উন্মোচন । অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনৰ স্মৃতিগ্ৰন্থ 'বজালী বৈভৱ' উন্মোচন কৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° হিতেশ ডেকাই । প্ৰায় ১৩০০ পৃষ্ঠাৰে আকৰ্ষণীয়ভাৱে প্ৰকাশ কৰি উলিওৱা হৈছে স্মৃতিগ্ৰন্থখনি ৷
আনহাতে, গ্ৰন্থ উন্মোচনী সভাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে সাহিত্য অকাদেমি বঁটাপ্ৰাপক বিশিষ্ট সাহিত্যিক নন্দেশ্বৰ দৈমাৰীয়ে । মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে সাহিত্য অকাদেমি বঁটাপ্ৰাপক বিশিষ্ট সাহিত্যিক ড° দীপক কুমাৰ শৰ্মাই । অসম সাহিত্য সভাৰ ভট্টদেৱ ক্ষেত্ৰত এইবাৰ জনগোষ্ঠীয় গৃহ, স্থানীয় বজালী হাট ইত্যাদি হৈছে আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু ৷
উল্লেখ্য যে পাঠশালা অধিবেশনৰ দ্বিতীয়দিনা কাৰ্যনিৰ্বাহক সভাৰ অন্তত ঘোষণা কৰা হয় পৰৱৰ্তী মধ্যকালীন আৰু পূৰ্ণাংগ অধিবেশনৰ স্থান । ২০২৬ চনৰ মধ্যকালীন অধিবেশন অনুষ্ঠিত হ'ব গুৱাহাটীত । আনহাতে, অসম সাহিত্য সভাৰ ২০২৭ বৰ্ষৰ পূৰ্ণাংগ অধিবেশন অনুষ্ঠিত হ'ব দুলীয়াজানত ।