যোৰহাট: শুভ্ৰ হৈ পৰিছে যোৰহাটৰ ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ আজি তৃতীয় দিনা ভকত-বৈষ্ণৱৰ লানি নিছিগা সোঁতে শুভ্ৰ কৰি তুলিছে এৰালতলি পথাৰ । চাৰিওফালে কেৱল হৰিনামৰ ধ্বনি । সমস্বৰে গাইছে গুৰু বন্দনা ।
দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ । শনিবাৰৰ পুৱাৰে পৰা লক্ষাধিক ভক্তৰ সমাগম ঘটিছে এৰালতলি পথাৰত । অধিৱেশনৰ তৃতীয় দিনা মূল বেদীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মধ্বজা উত্তোলন কৰে পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই । ধৰ্মধ্বজা উত্তোলন কৰাৰ লগে লগে নাম-কীৰ্ত্তন আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে এৰালতলি পথাৰ ।
ধৰ্মধ্বজাস্থলীৰ পৰা বাৰেৰহনীয়া শোভাযাত্ৰা :
বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমিলৈ পৰিণত হোৱা সমন্বয় ক্ষেত্ৰৰ পৰা আৰম্ভ হয় শোভাযাত্ৰা । এই শোভাযাত্ৰাত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰে । মূল ধৰ্মধ্বজাস্থলীৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰেৰহনীয়া শোভাযাত্ৰা উলিওৱা হয় । উক্ত শোভাযাত্ৰাত ৰাজ্যৰ বিভিন্ন সাংস্কৃতিক দলৰ লগতে চুবুৰীয়া ৰাজ্য়ৰ পৰাও কেইবাটাও দলে অংশগ্ৰহণ কৰে । কেইবা কিলোমিটাৰ আৱৰি উলিওৱা এই শোভাযাত্ৰাই অধিৱেশনখনিক প্ৰদান কৰিলে এক অনন্য় মাত্ৰা ।
![94TH SANKARDEV SANGHA SESSION](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-02-2025/as-jorhatnewsfrom-bi-pi-10050_08022025120511_0802f_1738996511_788.jpg)
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই এই অধিৱেশন সন্দৰ্ভত মন্তব্য় কৰি কয়, "শংকৰদেৱ সংঘৰ অধিৱেশন সদায় লোকাৰণ্য হৈ থাকে । এনেধৰণৰ পৰিৱেশৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই সদায় চেষ্টা কৰি আহিছে । প্ৰতিখন অধিৱেশনতেই এনেদৰে লোকাৰণ্য় হৈ থাকে । এখন সুস্থ প্ৰকৃত মানৰ সমাজ গঢ়ি ঐক্য়, শান্তিৰ বাণী বিলাবৰ বাবে সংঘই সদায় চেষ্টা চলাই থাকিব । এই প্ৰতিচ্ছবি সমগ্ৰ অসমতে বিৰল আৰু এই কাৰ্য সদায় শ্ৰীমন্ত শংকৰদেৱ সংঘই কৰি আহিছে ।"
![94TH SANKARDEV SANGHA SESSION](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-02-2025/img-20250208-wa0005_0802newsroom_1738997656_887.jpg)
যাত্ৰা অব্য়াহত থাকিব :
তেওঁ পুনৰ কয়, "এনেধৰণৰ কাৰ্যসূচীৰ জৰিয়তে মহাপুৰুষজনাৰ আদৰ্শ, সৃষ্টিৰাজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা আৰু প্ৰচাৰ কৰা কামত শ্ৰীমন্ত শংকৰদেৱ সংঘই নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াৰ পৰাই হৰিনাম ধ্বনি বিশ্বৰ আকাশে-বতাহে মুখৰিত হৈছে । এই হৰিনাম ধ্বনিৰে মানৱ জাতিৰ কল্য়াণ হৈছে । অসমৰ প্ৰতিগৰাকী মানুহক গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত কৰিব নোৱৰালৈকে শংকৰদেৱ সংঘৰ এই যাত্ৰা অব্য়াহত থাকিব ।"