হায়দৰাবাদ: হোৱাটছএপে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে ন ন বৈশিষ্ট্য মুকলি কৰি আহিছে ৷ জানিব পৰা মতে, হোৱাটছএপে এটা নতুন ফিচাৰৰ বাবে কাম কৰি আছে, যাৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে মেছেজিং প্লেটফৰ্মৰ পৰাই বিল পৰিশোধ কৰিব পাৰিব । অৱশ্যে এই বৈশিষ্ট্যৰ বিষয়ে কোনো নিৰ্দিষ্ট তথ্য এতিয়াও প্ৰকাশ কৰা নাই । 2020 চনত হোৱাটছএপে নিজৰ প্লেটফৰ্মত ইউনিফাইড পেমেণ্ট ইন্টাৰফেচ অৰ্থাৎ ইউপিআই সেৱা আৰম্ভ কৰিছিল । যদিও, সেই সময়ত ইয়াৰ সেৱা আছিল সীমিত, শেহতীয়াকৈ ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে হোৱাটছএপৰ পৰা UPI অনবৰ্ডিং সীমা আঁতৰাই পেলাইছিল ।
WhatsApp ত শীঘ্ৰেই সংযুক্ত হ’ব বিল পৰিশোধৰ বৈশিষ্ট্য
এণ্ড্ৰইড অথৰিটিৰ এক নতুন প্ৰতিবেদন অনুসৰি হোৱাটছএপে এক নতুন ফিচাৰৰ ওপৰত কাম কৰি আছে, যাৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে নিজৰ হোৱাটছএপ একাউণ্টৰ পৰা বিল পৰিশোধ কৰিব পাৰিব । এই বৈশিষ্ট্য এণ্ড্ৰইড বিটা সংস্কৰণ 2.25.3.15 ত দেখা গৈছিল । জানিব পৰা গৈছে যে মেটাৰ এই মেছেজিং এপটোৱে নিজৰ বিত্তীয় সেৱা বৃদ্ধি কৰিবলৈ বিচাৰিছে ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি হোৱাটছএপত এই নতুন ফিচাৰৰ পিছত ব্যৱহাৰকাৰীয়ে বিদ্যুতৰ বিল, মোবাইল প্ৰিপেইড ৰিচাৰ্জ, মোবাইল পোষ্টপেইড বিল, পানীৰ বিল, ভাৰা, ক্ৰেডিট কাৰ্ডৰ বিল, গেছৰ বিল আদি বহু ধৰণৰ বিল পৰিশোধ কৰিব পাৰিব । বিল পৰিশোধ কৰিবলৈ ব্যৱহাৰকাৰীয়ে আন কোনো এপলৈ যোৱাৰ প্ৰয়োজন নহ’ব । এনে ক্ষেত্ৰত হোৱাটছএপৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে বিল পৰিশোধ কৰাটো অতি সহজ হ’ব ।
প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব আন পেমেণ্ট এপসমূহে
বৰ্তমান কোম্পানীয়ে এই নতুন বৈশিষ্ট্যৰ বিটা সংস্কৰণ মুকলি কৰিছে যদিও কোম্পানীয়ে এই নতুন বৈশিষ্ট্যৰ স্থিতিশীল আপডেট কেতিয়া মুকলি কৰিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই । অৱশ্যে ভাৰতত এই আপডেট মুকলি কৰাৰ পূৰ্বে কোম্পানীয়ে নিজৰ বিটা সংস্কৰণ মুকলি কৰিব পাৰে । বৰ্তমান ভাৰতত বিল পৰিশোধ কৰিবলৈ পেটিএম, ফোনপে, এমাজন পে, গুগল পে আৰু ক্ৰেডৰ দৰে এপসমূহৰ বহু বিকল্প আছে যদিও হোৱাটছএপত বিল পৰিশোধৰ বৈশিষ্ট্য মুকলি হোৱাৰ পিছত এই এপসমূহ কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ’ব পাৰে ।
লগতে পঢ়ক