নতুন দিল্লী: দুয়োজনেই দিল্লীৰ মুখ্যমন্ত্ৰী আছিল ৷ এগৰাকী দীঘলীয়া সময়ৰ বাবে আৰু আনগৰাকী চমু কাৰ্যকালৰ বাবে ৷ কিন্তু দুয়োৰে নিজা নিজা সমষ্টিৰ জনতাই দীঘলীয়া সময়ৰ বাবে ৰাজপাটত থকাজনক আতঁৰাই কম সময়ৰ বাবে থকাজনক জিকাই পঠিয়ালে ৷ তেওঁ হ’ল দিল্লীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশী ৷ আনহাতে পৰাজয় বৰণ কৰিলে তিনিবাৰৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷ কেজৰিৱাল নতুন দিল্লী সমষ্টিত পৰাস্ত হোৱাৰ বিপৰীতে কালকাজী আসনৰ পৰা নিৰ্বাচনত জয়লাভ কৰিছে মুখ্যমন্ত্ৰী তথা আপৰ নেত্ৰী আতিশীয়ে ।
আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নতুন দিল্লী সমষ্টিৰ আসনত বিজেপিৰ পৰৱেশ বাৰ্মাৰ হাতত পৰাস্ত হয় । ভাৰতৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ১৪ ৰাউণ্ড গণনাৰ অন্তত বাৰ্মাই অৰবিন্দ কেজৰিৱালক ৪,০৮৯ টা ভোটত পৰাস্ত কৰে । ইফালে সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী সন্দীপ দীক্ষিতে লাভ কৰে ৪,৫৬৮টা ভোট । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সমষ্টিটোত ভোটদানৰ হাৰ ৫৬.৪১ শতাংশ ।
মূল প্ৰাৰ্থী (নতুন দিল্লী সমষ্টি)- ফলাফল
- অৰবিন্দ কেজৰিৱাল (আপ) - ২৫,৯৯৯ টা ভোট
- পৰৱেশ বাৰ্মা (বিজেপি) - ৩০,০৮৮ টা ভোট
- সন্দীপ দীক্ষিত (কংগ্ৰেছ) - ৪,৫৬৮ টা ভোট
ইফালে কালকাজীৰ পৰা নিৰ্বাচনত জয়লাভ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে । তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ শেষত তেওঁ বিজেপিৰ ৰমেশ বিধুৰীক পৰাস্ত কৰে । ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী অলকা লাম্বা আছিল কালকাজীৰ কংগ্ৰেছ প্ৰাৰ্থী ৷ তেৱোঁ নিৰ্বাচনত পৰাস্ত হৈছে । ভাৰতৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৩,৫২১ টা ভোটত জয়লাভ কৰিছে মুখ্যমন্ত্ৰী আতিশীয়ে ।
মূল প্ৰাৰ্থী (কালকাজী সমষ্টি)- ফলাফল
আতিশী (আপ)- ৫২,১৫৪ টা ভোট
ৰমেশ বিধুৰী (বিজেপি) - ৪৮৬৩৩ টা ভোট
অলকা লাম্বা (কংগ্ৰেছ) - ৪৩৯২ টা ভোট
এই জয়ৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে কয়, "মই মোৰ সমগ্ৰ দলটোক ধন্যবাদ জনাইছো । এয়া দিল্লীবাসীৰ আদেশ আৰু আমি মানি লওঁ । মই মোৰ আসন জিকিলো, এইটো উদযাপনৰ সময় নহয় । আমাৰ যুঁজ অব্যাহত আছে । বিজেপিৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত থাকিব ।"
#WATCH | On #DelhiElection2025, AAP national convener and former Delhi CM, Arvind Kejriwal, " we accept the mandate of the people with great humility. i congratulate the bjp for this victory and i hope they will fulfil all the promises for which people have voted them. we have… pic.twitter.com/VZOwLS8OVH
— ANI (@ANI) February 8, 2025
ইফালে কেজৰিৱালে কয়, "আমি অতি বিনম্ৰতাৰে জনসাধাৰণৰ আদেশ গ্ৰহণ কৰিছো । মই এই বিজয়ৰ বাবে বিজেপিক অভিনন্দন জনাইছো আৰু আশাকৰো যে জনসাধাৰণে তেওঁলোকক যি উদ্দেশ্যৰে ভোট দিছে সেই সকলো প্ৰতিশ্ৰুতি যেন পূৰণ কৰে । আমি বিগত 10 বছৰত স্বাস্থ্য, শিক্ষা আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিছো । আমি কেৱল গঠনমূলক বিৰোধীৰ ভূমিকা পালন কৰাই নহয়, জনসাধাৰণৰ মাজত থাকিম আৰু তেওঁলোকৰ সেৱা অব্যাহত ৰাখিম ।"
লগতে পঢ়ক: পুৱা 8 বজাৰ পৰা আৰম্ভ দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা; পোষ্টেল বেলট মতে পিছ পৰি আছে AAP