নলবাৰী : নলবাৰীবাসীৰ বাবে সুখবৰ । অন্ত পৰিল এটি দীৰ্ঘদিনীয়া সমস্যাৰ । নলবাৰীৰ মানুহে এতিয়াৰে পৰা চিনেমা চাবলৈ যাব নালাগে ৰঙিয়া অথবা গুৱাহাটীলৈ । সমাজ সচেতন এজন ব্যক্তিয়ে দূৰ কৰিলে এটা বহুদিনীয়া সমস্যা ৷ নলবাৰীত নিৰ্মাণ কৰিলে এটা চিনেমা হল ৷ নলবাৰীৰ একমাত্ৰ চিনেমা হল জনতা ট’কীজ 2013 চনৰ পৰা ব্যৱসায়িকভাৱে দুৰ্বল হৈ পৰাৰ পিছত 2014 চনত একেবাৰে বন্ধ হৈ পৰিছিল ৷ তাৰ পিছৰে পৰা নলবাৰীবাসীয়ে বাৰুকৈয়ে এটা চিনেমা হলৰ অভাৱ অনুভৱ কৰি আহিছিল ৷
অসম তথা সমগ্ৰ ভাৰততে যেতিয়া এখন বহুচৰ্চিত ছবিয়ে মুক্তি পাই, তেতিয়া নিজম পৰি থাকে নলবাৰী ৷ নলবাৰীবাসীয়ে ছবি এখন চাবলৈ ক’ত যে পৰিকল্পনা কৰিবলগীয়া হয় ৷ ছবি এখন চাবলৈ বাটকুৰি বাই যাবলগীয়া হয় ৰঙিয়া নতুবা গুৱাহাটীলৈ ৷ কিন্তু এতিয়াৰে সেই সমস্যা দুৰ হ'ল । নলবাৰীৰ এজন সফল ব্যৱসায়ী আছিক ইজাজে নলবাৰীবাসীৰ এক দীৰ্ঘদিনীয়া আশা পূৰণ কৰিলে ৷
শুকুৰবাৰে সন্ধিয়া নলবাৰীত মুকলি কৰা হয় চিনেমা হলটো । নলবাৰী চহৰৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰকুৰাৰ হৰিপুৰত মুকলি কৰা হয় পি ভি আৰ স্ক্ৰীণৰ চিনেমা হল ছোটু মহাৰাজ চিনে কেফে । স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শুকুৰবাৰে সন্ধিয়া নাৰিকল ভাঙি ফিটা কাটি ‘‘ছোটু মহাৰাজ’’ নামৰ হলটো ৰাইজৰ বাবে মুকলি কৰে । চিনেমা হল মুকলি অনুষ্ঠানত বহু স্থানীয় লোক উপস্থিত থাকে ৷
নলবাৰীৰ উন্নয়ন এক অনন্য দিশত যাত্ৰা কৰিছে বুলি মন্তব্য কৰি নলবাৰীৰ যুৱকে এনে অত্যাধুনিক, উন্নত মানৰ ছবিগৃহ নিৰ্মাণ কৰাক লৈ গৌৰৱ প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । লগতে ছবিগৃহটো মুকলি কৰি সপত্নীক মন্ত্ৰী বৰুৱা, নলবাৰী জিলা বিজেপিৰ সভাপতি, নলবাৰী পৌৰসভাৰ পৌৰপতিয়ে উপভোগ কৰে 6 বজাৰ প্ৰথম শ্ব’টো । সকলোৱে বিগত বছৰৰ পৰা চৰ্চা লাভ কৰি অহা কংগনা ৰনৌতৰ চিনেমা ‘ইমাৰ্জেন্সী’ উপভোগ কৰে ৷ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ইমাৰ্জেন্সীখন এখন চাবলগীয়া চিনেমা বুলি মন্তব্য কৰে ৷
আনহাতে, নলবাৰীৰ ৰাইজক সকাহ দিবলৈ পাই যথেষ্ট উৎফুল্লিত হৈ পৰিছে যুৱ ব্যৱসায়ী আছিক ইজাজ । প্ৰায় ডেৰশখন আসন থকা ছবিগৃহটোৰ প্ৰৱেশমূল্যও তেনেই কম আৰু সকলো সুবিধা একে ঠাইতেই ৰাইজে পাব বুলি প্ৰকাশ কৰে যুৱ ব্যৱসায়ী আছিক ইজাজে ।
লগতে পঢ়ক : জীতো বাজী খেল কে ... আতিফ আছলামৰ কণ্ঠত চেম্পিয়নছ ট্ৰফীৰ শীৰ্ষ সংগীত মুকলি আই চি চিৰ