মৰিগাঁও : মৰিগাঁওবাসীৰ এক দীঘলীয়া সমস্যাৰ সমাধান ঘটিল শনিবাৰে । মৰিগাঁও চহৰলৈ প্ৰৱেশ কৰাৰ সময়ত বছৰ বছৰ ধৰি ৰাইজে যমৰ-যাতনা ভুগি আহিছিল এখন বিশেষ দলঙৰ বাবে । বিশেষকৈ সেই যন্ত্ৰনা সেইসকল লোকে অনুভৱ কৰে যিসকল লোকে জোনবিল মেলা চাবলৈ মৰিগাঁৱলৈ আহে ।
কিন্তু শনিবাৰৰ পৰা অৱসান ঘটিল সেই সমস্যাৰ । এতিয়া আৰু মৰিগাঁৱলৈ প্ৰৱেশ কৰোতে কোনোৱে সেই সমস্যাৰ সন্মুখীন হ'বলগা নহয় । হয়, আমি ক'ব বিচাৰিছো মৰিগাঁৱৰ জাগী ভকতগাঁৱত অৱস্থিত দলংখনৰ কথা । জাগীৰোড তথা মৰিগাঁও জিলাবাসীৰ বাবে সুখবৰ ৷ শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে জাগীৰোড-মৰিগাঁও সংযোগী পথৰ কপিলী নৈৰ ওপৰত নিৰ্মাণ হোৱা নতুন দলংখন ৷
কেন্দ্ৰীয় পথ পৰিবহণ বিভাগে মোকলাই দিয়া প্ৰায় ৮০ কোটি টকাৰে অতি ক্ষিপ্ৰতাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে এই দলংখন ৷ পুৰণি তথা ঠেক দলংখনেৰে যাতায়াতৰ ক্ষেত্ৰত বিগত বছৰ বছৰ ধৰি যমৰ-যাতনা ভুগি আহিছিল মৰিগাঁও জিলাবাসীয়ে ৷ অৱশেষত আজি সেই প্ৰত্যাশিত দলংখন ৰাইজৰ বাবে মুকলি কৰি প্ৰায় ২০ হাজাৰ জনতাক এক জনসভাত সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ।
দলংখন উদ্বোধন কৰি সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "আজি মৰিগাঁও জিলাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন । জাগীৰোড আৰু মৰিগাঁও সংযোজিত কৰি নির্মীয়মাণ জাগী ভকতগাঁৱৰ যিখন দলং তাক আজি আমি সম্পূৰ্ণ কৰিব পাৰিলো আৰু মৰিগাঁও জিলাবাসীৰ বাবে আজি আমি উৎসৰ্গা কৰিলো । এই দলংখনৰ নিৰ্মানত ৭৩ কোটি টকা ব্যয় হৈছিল ।"
ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং নিৰ্মাণৰ পৰিকল্পনা ঘোষণা মুখ্যমন্ত্ৰীৰ
ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে কয়, "মৰিগাঁও-দৰঙক সংযোগ কৰিবলৈ ব্ৰহ্মপুত্ৰৰ ওপৰত এক নতুন দলঙৰ পৰিকল্পনা কৰা হৈছে । ইতিমধ্যে ইয়াৰ ওপৰত কাম চলি আছে । শীঘ্ৰে কেন্দ্ৰীয় পথ যোগাযোগ বিভাগে এই সন্দৰ্ভত ঘোষণা কৰিব । জাগীৰোডৰ পৰা লাহৰীঘাট হৈ ৰৌতা-ওদালগুৰিৰে ভূটানৰ লগত জাগীৰোডক সংযোজিত কৰাৰ এক আঁচনিৰো কাম আমি কৰি আছো ।" আনহাতে, মুখ্যমন্ত্ৰীয়ে লগতে কয় যে জাগীৰোডত এখন প্ৰযুক্তি বিশ্ববিদ্যালয় হ'ব ৷
ইয়াৰ উপৰি বাজেটত নামৰূপত ১৪ হাজাৰ কোটি টকাৰ সাৰ কাৰখানাৰ প্ৰস্তাৱ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ কয় যে এই প্ৰকল্পত ৰাজ্য চৰকাৰে ৪০ শতাংশ আৰু কেন্দ্ৰীয় চৰকাৰে ৬০ শতাংশ ব্যয় কৰিব । আনহাতে, দল-সংগঠনসমূহে অসম বন্ধৰ দৰে কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ বাবে অসম আগুৱাই গৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আন্দোলন নকৰিবলৈ আৰু প্ৰতিবাদ পৰিহাৰ কৰিবলৈ অসমৰ ৰাইজক আহ্বান জনায় ।