thumbnail

পুনৰ সৰ্বসাধাৰণক মাধমাৰ: 1 মে'ত মুকলি হ'ব বগীবিল টোলগেট

By

Published : Apr 28, 2021, 2:14 PM IST

ৰাজ্যৰ দল-সংগঠনৰ প্ৰতিবাদক আওকাণ কৰি 1 মে'ৰ পৰা ৰাজ্য চৰকাৰে ডিব্ৰুগড়ত নতুনকৈ মুকলি কৰিব বগীবিল টোলগেট ৷ ইখনৰ পাচত সিখনকৈ টোলগেট স্থাপনেৰে ৰাজ্যবাসীৰ মূৰত ৰাম টাঙোন শোধোৱা চৰকাৰখনে গুৰুত্ব নিদিলে ৰাজ্যবাসীৰ সমস্যাক ৷ ইফালে পৰিবহণ ব্যৱস্থাৰ অত্যধিক ভাড়া বৃদ্ধি, আনফালে টোলগেটৰ বৰ্ধিত কৰে জুৰুলা কৰিছে জন সাধাৰণক ৷ তাৰ প্ৰতি যেন কোনো গুৰুত্ব নাই বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ ৷ টোলগেটৰ বিৰোধিতাৰে দল-সংগঠনে কৰি অহা প্ৰতিবাদক একাষৰীয়া কৰি নিৰ্মাণ আৰম্ভ কৰা বগীবিল টোলগেটৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে ৷ এতিয়াৰে পৰা 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ডিব্ৰুগড়ৰ পৰা ধেমাজি, লক্ষীমপুৰ নতুবা বগীবিল চাবলৈ গ'লেই আপুনি ভৰিব লাগিব টোলগেটৰ কৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.