thumbnail

দক্ষিণপাট সত্ৰত গঢ় লৈ উঠিছে এখন বিশেষ চিৰিয়াখানা

By

Published : Jul 19, 2021, 9:04 PM IST

সত্ৰনগৰী মাজুলীত গঢ় লৈ উঠিছে এখন বিশেষ চিৰিয়াখানা ৷ মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰত গঢ় লৈ উঠিছে এই চিৰিয়াখানাখন । বাৰিষাৰ বানত কাজিৰঙাকে আদি কৰি বিভিন্ন প্ৰজাতিৰ হৰিণা, শহাপহু আদি উটি আহে মাজুলীৰ বিভিন্ন অঞ্চললৈ । এই বানত উটি অহা প্ৰাণীবোৰ মাজুলীৰ বিভিন্ন লোকে উদ্ধাৰ কৰি দক্ষিণপাট সত্ৰত চমজাই দিয়েহি । লাহে লাহে প্ৰাণীবোৰৰ সংখ্যা বাঢ়িবলৈ ধৰিছে । সত্ৰৰ ফালৰ পৰা পাৰ্যমানে প্ৰাণীসমূহৰ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । সত্ৰলৈ অহা দেশ-বিদেশৰ পৰ্যটকে দক্ষিণপাট সত্ৰৰ এই ক্ষুদ্ৰ চিৰিয়াখানাৰ জন্তু, চৰাই-চিৰিকটিবোৰ চাবলৈ আহে । চৰকাৰে ইয়াৰ সংৰক্ষণ আৰু সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিলে ই ভৱিষ্যতে এখন সম্পূৰ্ণ পৰ্যায়ৰ চিৰিয়াখানালৈ গঢ় লৈ উঠিব বুলি বিভিন্নজনে মত ব্যক্ত কৰিছে । যিটো সময়ত চোৰাং চিকাৰীয়ে চৰাই-চিৰিকটি, জীৱ-জন্তু মাৰি নিঃশেষ কৰিছে, সেই সময়ত দক্ষিণপাট সত্ৰৰ ভকত-বৈষ্ণৱে এনেদৰে জীৱ-জন্তু সংৰক্ষণ কৰাটো দহজনৰ বাবে হৈ পৰিছে আদৰ্শ ।

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.