Ras Mahotsav: দ্বিতীয় বৃন্দাবনলৈ পৰ্যৱেশিত মাজুলী - bokasur

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 16, 2021, 8:08 PM IST

ক'ভিডৰ বাবে চৰকাৰ, জিলা প্ৰশাসনে বান্ধি দিয়া সকলো নীতি-নিয়ম মানি মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ আয়োজন কৰিবলৈ সাজু হৈছে মাজুলীবাসীয়ে । উখল মাখল হৈ পৰিছে সত্ৰ নগৰী মাজুলীৰ পৰিৱেশ ৷ কিয়নো মাজত মাথো এটা দিন মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱলৈ । কৃষ্ণৰ বাহীৰ অমিয়া সুৰ, কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে সত্ৰ নগৰী মাজুলীৰ পৰিৱেশ । দ্বিতীয় বৃন্দাবনলৈ যেন পৰ্যৱেশিত হৈ পৰিছে মাজুলী । মাজুলীৰ সত্ৰানুষ্ঠানকে আদি কৰি প্ৰায় অৰ্ধ শতাধিক ৰংগ মঞ্চত এই মহোৎসৱ ভাগি আয়োজন কৰিবৰ বাবে প্ৰায় সাজু হৈ উঠিছে । এফালে যদি সত্ৰ, ৰংগমঞ্চসমূহত ৰাসৰ আখৰা দুপৰ নিশালৈকে চলিছে ৷ আনফালে আকৌ শিল্পীৰ হাতৰ পৰশত গঢ় লৈ উঠিছে বিভিন্ন ধৰণৰ মুখা । এইয়া মাজুলীৰ চামগুৰি সত্ৰৰ দৃশ্য । শিল্পীৰ হাতৰ পৰশত চামগুৰি সত্ৰত নিমাৰ্ণ হৈছে অঘাসুৰ, বকাসুৰ, পুতনা ৰাক্ষসী আদিকে ধৰি বিভিন্ন ধৰণৰ মুখা । ঐতিহাসিক চামগুৰি সত্ৰত নিৰ্মাণ হোৱা এই মুখাসমূহ মাজুলীৰ বিভিন্ন স্থানলৈ নিয়াৰ লগতে মাজুলীৰ বাহিৰৰ বিভিন্ন স্থানলৈকো ৰাসৰ সময়ত নিয়া হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.