thumbnail

By

Published : Oct 21, 2021, 4:52 PM IST

ETV Bharat / Videos

তেতেলীসৰাত উদযাপন আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য মহিলা দিৱস

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ কামপুৰৰ তেতেলীসৰাত কঠিয়াতলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজ্যনত ৭৫ সংখ্যক স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগতে উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য মহিলা দিৱস । আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য মহিলা দিৱস উপলক্ষে বাল্য বিবাহ, ৰক্তহীনতা দূৰীকৰণ, কন্যা সন্তানক শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে কঠিয়াতলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ মহিলা সকলৰ লগতে অঞ্চলটোৰ মহিলাসকলে এক শোভাযাত্ৰা বাহিৰ কৰে ৷ লগতে এই অনুষ্ঠানৰ লগতে এখনি সজাগতা মূলক সভাও অনুষ্ঠিত কৰা হয় ৷ উক্ত অনুষ্ঠানটিত উপস্থিত থাকে কঠিয়াতলী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ৰূপা হাজৰিকা আৰু প্ৰাক্তন জিলা প্ৰকল্প বিষয়া আৰু মুখ্য সেৱিকা, অংগনাবাড়ী কৰ্মী সহায়িকাৰ লগতে স্থানীয় মহিলা সকল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.