হায়দৰাবাদ: আগন্তুক কেইমাহমানৰ ভিতৰত ভাৰতত নতুন স্মাৰ্টফোন লঞ্চ কৰিবলৈ ওলাইছে ভিভ’ই। কোম্পানীটোৱে দুটা নতুন ফোন লঞ্চ কৰিব পাৰে - Vivo V50 আৰু Vivo Y19e । এই দুয়োটাকে ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ চাৰ্টিফিকেশনৰ ৱেবছাইটত দেখা গৈছে । ভিভ'ৰ এই দুটা ফোনৰ বিষয়ে জানো আহক ---
ভিভ'ৰ নতুন ফোন দুটা
মাই স্মাৰ্ট প্ৰাইছৰ এক প্ৰতিবেদন অনুসৰি ভিভ’ V50 আৰু ভিভ’ Y19E নামৰ দুটা নতুন ভিভ’ ফোন ক্ৰমে V2427 আৰু V2431 মডেল নম্বৰৰ সৈতে দেখা গৈছে । V2427 পূৰ্বতে NBTC প্ৰমাণপত্ৰত তালিকাভুক্ত কৰা হৈছিল, যিয়ে নিশ্চিত কৰিছিল যে এই মডেল নম্বৰটো হৈছে Vivo V50 ।
আইএমইআই ডাটাবেছৰ জৰিয়তে প্ৰকাশ পাইছে যে ভিভ’ই ভিভ’ Y19E নামেৰে V2431 মুকলি কৰিব । এতিয়া এই দুয়োটা ফোনৰ বিআইএছ চাৰ্টিফিকেশ্যনে নিশ্চিত কৰিছে যে ভিভ’ই এই দুয়োটা নতুন ফোন ভাৰতত মুকলি কৰিবলৈ ওলাইছে । কিন্তু প্ৰমাণপত্ৰ ৱেবছাইটৰ জৰিয়তে এই ফোনসমূহৰ বাকী সবিশেষ সম্পৰ্কে কোনো তথ্য পোৱা হোৱা নাই ।
বেটাৰী আৰু দ্ৰুত চাৰ্জিং সমৰ্থিত
উল্লেখ্য যে, ভিভ’ V50 এনচিচি চাৰ্টিফিকেচন ৱেবছাইটতো তালিকাভুক্ত কৰা হৈছিল, যাৰ জৰিয়তে এই ফোনটোৰ কিছুমান মূল স্পেচিফিকেশন প্ৰকাশ পাইছিল । এনচিচিৰ ডাটাবেছৰ তথ্য অনুসৰি এই ফোনটো ডাঠ নীলা, ধূসৰ আৰু বগা শ্বেডৰ ৰঙত মুকলি কৰিব পাৰে । এই ফোনটোক 5870mAh বেটাৰী দিব পাৰে, যিটো 90W ফাষ্ট চাৰ্জিং সমৰ্থনৰ সৈতে আহিব পাৰে ।
প্ৰমাণপত্ৰ ৱেবছাইটত উপস্থিত এই ফোনটোৰ কিছুমান ছবিত প্ৰকাশ পাইছে যে কোম্পানীয়ে ইয়াত এটা ফ্লেট ডিছপ্লে দিব পাৰে, যিটো হয়তো অ’এলইডি পেনেলৰ সৈতে আহিব পাৰে । ইয়াৰ পিছফালে ডুৱেল কেমেৰা ছেটআপ দিব পাৰি, যিটো অ’ৰা ৰিং এল ই ডি ফ্লেছ লাইটৰ সৈতে আহিব পাৰে । শেহতীয়াকৈ চীনত মুকলি কৰা Vivo S20 ৰ ৰিব্ৰেণ্ডেড সংস্কৰণ হিচাপে Vivo V50 লঞ্চ কৰিব পাৰে কোম্পানীটোৱে । এতিয়া কোম্পানীয়ে কেতিয়া এই স্মাৰ্টফোনসমূহ মুকলি কৰাৰ কথা ঘোষণা কৰিব সেয়াহে গুৰুত্বপূৰ্ণ বিষয় ।