শিৱসাগৰ: দেশে উদযাপন কৰিছে ৭৬ সংখ্যক গণৰাজ্য দিৱস । ৰাজ্যৰ প্ৰতিখন জিলাতো দেখা পোৱা গৈছে গণৰাজ্য দিৱসৰ উচাহ । গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা গণৰাজ্য দিৱসৰ অনুষ্ঠানত পতাকা উৰুৱাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৷ ইয়াৰ বিপৰীতে প্ৰথমবাৰৰ বাবে ৰাজধানীৰ বাহিৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে ।
সমান্তৰালভাৱে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ মন্ত্ৰীসকলে ৰাজ্যৰ জিলা তথা সম জিলাসমূহত । সেই অনুসৰি কৃষি মন্ত্ৰী অতুল বৰাই গণৰাজ্য দিৱসৰ পতাকা উৰুৱালে শিৱসাগৰত । শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত স্থানীয় বৰ্ডিং খেলপথাৰত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় । শিৱসাগৰৰ নগৰৰ মাজমজিয়াৰ বৰ্ডিং খেলপথাৰত গণৰাজ্য দিৱসত পতাকা উন্মোচন কৰে অসম চৰকাৰৰ নগৰ আৰু দেশ উন্নয়ন দপ্তৰ মন্ত্ৰী অতুল বৰাই ।
পোন প্ৰথমে শ্বহীদ তৰ্পন কৰি দেশৰ শ্বহীদ সকললৈ শ্ৰদ্ধা নিবেদন কৰি কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে মন্ত্ৰীগৰাকীয়ে । পতাকা উন্মোচনৰ সময়ত ৰাষ্ট্ৰীয় সংগীতেৰে মুখৰিত হৈ উঠে শিৱসাগৰৰ নগৰৰ চৌদিশ । গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰি মন্ত্ৰী অতুল বৰাই ভাষণ প্ৰসংগত ড৹ ময়িদুল ইছলাম বড়া, অৰ্জুন ভোগেশ্বৰ বৰুৱা ,পদ্মশ্ৰী ইমৰাণ শ্বাহ লগতে সাহিত্যিক, লেখক, সমাজকৰ্মী সম্বোধন কৰে ।
গণৰাজ্য দিৱসত মুক্তিযুঁজাৰু আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ উপস্থিত থাকি অনুস্থানটি সুন্দৰ কৰি তোলে । গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি গণৰাজ্য দিৱসৰ সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ কুচ-কাৱাজ প্ৰদৰ্শন কৰে । সামৰিক, অৰ্ধ-সামৰিক, গৃহৰক্ষী বাহিনী, এনচিচি, স্কাউট-গাইডৰ আদিৰ অভিবাদন গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ।
গণৰাজ্য দিৱসত অসম চৰকাৰৰ বিভিন্ন বিভাগে তেওঁলোকৰ দ্বাৰা সম্পাদিত কৰ্ম প্ৰতিফলিত কৰি ভিন ভিন প্ৰেক্ষাপটত উপস্থাপন কৰে । লগতে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত বিভিন্ন সাংস্কৃতিক আৰু ক্ৰীড়া বিষয়ক কাৰ্যসূচী সম্পন্ন হয় ৷