হায়দৰাবাদ : পদ্মভূষণ বঁটাপ্ৰাপক গায়ক উদিত নাৰায়ণ বৰ্তমান নেটিজেনৰ আলোচনাৰ বিষয়বস্তু হৈ আছে ৷ গায়কগৰাকী সোমাই পৰিছে চুম্বন বিতৰ্কত ৷ গান গাই থকাৰ সময়তে ঘটে এই চুম্বনৰ ঘটনা ৷ ফটোৰ বাবে মঞ্চৰ কাষ চাপি আহিছিল মহিলা অনুৰাগী, কিন্তু পৰিস্থিতিয়ে পিছলৈ লয় বেলেগ ৰূপ ৷ অপ্ৰত্যাশিতভাৱে মহিলা অনুৰাগীক চুমা খাই গায়কগৰাকীয়ে ৷ এই ঘটনাৰ ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷
ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে সামাজিক মাধ্যমত তোলপাৰ লাগে ৷ দুভাগত বিভক্ত হৈ পৰে নেটিজেন ৷ বহুতে প্ৰিয় তাৰকাৰ সপক্ষে থিয় দিয়াৰ বিপৰীতে বহুতে কিন্তু এনে ব্যৱহাৰৰ বাবে উদিত নাৰায়ণক বেয়াকৈ সমালোচনা কৰা দেখা গৈছে ৷ বহু জনপ্ৰিয় সুমধুৰ গীতত কণ্ঠদান কৰা এনে এগৰাকী সংগীত শিল্পীৰ পৰা এনে ব্যৱহাৰ কেতিয়াও আশা কৰা নাযায় বুলি বহুতে মত প্ৰকাশ কৰিছে ৷ তেওঁ প্ৰথমবাৰৰ বাবে কাৰোবাক চুমা যাঁচোতেই তেতিয়াই মহিলা অনুৰাগীয়ে কিয় বাধা নিদিলে বুলিও প্ৰশ্ন উত্থাপন কৰিছে একাংশই ৷
গায়কৰ সৰ্মথনত মত দিয়াসকলে কৈছে যে মহিলা অনুৰাগীসকল এইদৰে তেওঁৰ ওচৰলৈ যাব নালাগিছিল ৷ তেওঁলোকৰ ব্যৱহাৰৰ বাবেই গায়কগৰাকীৰ দ্বাৰা এনে অপ্ৰত্যাশিত ঘটনা ঘটিবলৈ পালে ৷ শেহতীয়াকৈ গায়কগৰাকীৰ সমৰ্থকসকলৰ মাজৰ এজন হৈ থিয় দিছে সংগীতশিল্পী অভিজিৎ ভট্টাচাৰ্য ৷ সূত্ৰ অনুসৰি তেওঁ কৈছে, “মোৰ বিশ্বাস আছে যে যেতিয়া উদিতে সংগীত পৰিৱেশন কৰে, তেওঁৰ পত্নীয়ে তেওঁক সহশিল্পী হিচাপে সহায় কৰে ৷ তেওঁক তেওঁৰ সফলতা উপভোগ কৰিবলৈ দিয়ক ৷”
অভিজিতে উদিত নাৰায়ণক খেলুৱৈ বুলি অভিহিত কৰি মন্তব্য কৰে যে মহিলা অনুৰাগীসকল নিজেই তেওঁৰ কাষ চাপি গৈছিল, তেওঁ কাকো নিজৰ ফালে টানি নিয়া নাছিল ৷
লগতে পঢ়ক : কনচাৰ্টৰ সময়ত মহিলা অনুৰাগীক চুমা খাই বিতৰ্কত উদিত নাৰায়ণ - UDIT NARAYAN KISSES FEMALE FANS